ৰাম গোস্বামী (Ram Goswami) অসমৰ এগৰাকী কবি তথা গদ্যকাৰ। ভালেকেইখনমান গ্ৰন্থ প্ৰণয়ন কৰা গোস্বামীৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্য্য, মানৱ জীৱনৰ বিভিন্ন দিশ, ৰাজনৈতিক ঘটনা প্ৰৱাহৰ লগতে দেশ তথা সমাজৰ অস্থিৰ পৰিস্থিতিৰ বিৰূদ্ধে কৰা প্ৰতিবাদৰ ভাষা ফুটি উঠা দেখা যায়। ১৯৭৩ চনত হেমচন্দ্ৰ বৰুৱাই সেউজীয়া দেশ উপাধি দিয়াৰে পৰা তেখেত ৰাম গোস্বামী (সেউজীয়া দেশ) হিচাপে পৰিচিত হয়।১
জন্ম আৰু কৰ্মজীৱন
ৰাম গোস্বামীৰ জন্ম হয় যোৰহাটৰ কাঠগাঁৱৰ জখলাবন্ধা সত্ৰত। তেওঁৰ পিতৃ আছিল কনক চন্দ্ৰ গোস্বামী আৰু মাতৃ অম্বিকা দেৱী গোস্বামী। ভাওনাত দ্ৰোণাচাৰ্য, গণেশ, কৃষ্ণ, ৰজা হৰিশ্চন্দ্ৰ আদি চৰিত্ৰত সুন্দৰ অভিনয় কৰা গোস্বামীয়ে ডেকা বয়সত বিহু নাচতো অংশগ্ৰহণ কৰিছিল। পঢ়া-শুনা শেষ কৰি গোস্বামীয়ে শিক্ষকতাকে বৃত্তি হিচাপে বাচি লয় আৰু যোৰহাটৰ বিজয়লক্ষ্মী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধানৰূপে কৰ্ম জীৱনৰ পাতনি মেলে। তাৰ পিছত বৰতল হাইস্কুলত সহকাৰী প্ৰধান শিক্ষক ৰূপে বহু বছৰ কাৰ্যনিৰ্বাহ কৰে।
সাহিত্যিক জীৱন
ছাত্ৰাৱস্থাতেই ৰাম গোস্বামীয়ে সাহিত্য চৰ্চা আৰম্ভ কৰে। কাব্য সাহিত্যত সুনাম অৰ্জন কৰা গোস্বামীৰ প্ৰথম প্ৰকাশিত পুথি অৱশ্যে দুখন নাটকহে আছিল আৰু সেয়া আছিল অভিমান আৰু যাদৱা নগৰী (১৯৬৭)। ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈকে কবি ৰাম গোস্বামীয়ে “মোৰ দৃষ্টিত আধুনিক কবিতা” শীৰ্ষক পাঁচটা খণ্ডৰ কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিয়াই। ইয়াৰ পিছত তেখেতে শুভ আৰু স্বপ্ন, ককিলা তাঁৰৰ গান, যথাসাধ্য, মোৰ কবিতা, নিৰ্বাচিত কবিতা আদিকে ধৰি বহুকেইখন কবিতা পুথি, আমেথিৰ কবিতা আদি ব্যংগ ৰচনা লিখাৰ উপৰিও গুণমালা, ভীম চৰিত আদিৰ সম্পাদনা কৰে।
সাহিত্য সম্ভাৰ
কবিতা পুথি
- মোৰ দৃষ্টিত আধুনিক কবিতা(১৯৬৭-১৯৭১)
- শুভ আৰু স্বপ্ন
- ককিলা তাঁৰৰ গান
- যথাসাধ্য
- মোৰ কবিতা
- নিৰ্বাচিত কবিতা
- সেউজীয়া পাত
- আমাৰ বক্তব্যই বিচাৰে
- শ্ৰীছন্দ আধ্যাত্মিক কবিতা
- এখন সাগৰৰ মাজৰ পৰা
- অশ্বক্লান্ত খবৰ
- প্ৰতিশ্ৰুতিৰ ব’হাগ
- কবিতাই কথা কয়
- ৰাসতত্ত্ব
- জাহ্নৱীৰ জীৱনৰ সুৰ
- এতিয়া আবেলি
- হৃদয় ভাষাৰ নদী
- সুন্দৰম গীত
- কবিতা নহয়
নাটক
- অভিমান
- যাদৱা নগৰী
অন্যান্য
- সেউজীয়া দেশৰ সেউজীয়া পাত (প্ৰবন্ধাৱলী)
- আমেথিৰ কবিতা (ব্যংগ ৰচনা)
- ভীম চৰিত (সম্পাদনা)
- গুণমালা (সম্পাদনা)
বঁটা আৰু সন্মান
১৯৭৩ চনত ৰাজনীতিজ্ঞ হেমচন্দ্ৰ বৰুৱাই তেখেতক “সেউজীয়া দেশ” উপাধি প্ৰদান কৰে।১ ১৯৭৫ চনত ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাই ৰাম গোস্বামীক “কাব্যকুমাৰ” উপাধি প্ৰদান কৰে। আকৌ অসম কবি সন্মিলনে তেখেতক “কাব্য বিভূতি” উপাধি প্ৰদান কৰে।১ এগৰাকী কৃতি শিক্ষক ৰূপে সেৱা আগবঢ়োৱা বাবে অসমৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষক সন্মিলনে তেখেতক “আচাৰ্য মহীয়ান” উপাধি প্ৰদান কৰে।১ তদুপৰি অসমৰ ৰাইজে তেওঁক “কাব্যশ্ৰী” উপাধি প্ৰদান কৰে। পাঁচবাৰকৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য পদত কাৰ্যনিৰ্বাহ কৰা ৰাম গোস্বামীয়ে ১৯৮৮ চনৰ অসম সাহিত্য সভাৰ কবি সন্মিলনত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে। তদুপৰি তেখেতে ১৯৯৪ চনৰ অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ কবি সন্মিলনত সভাপতিৰ আসন গ্ৰহণ কৰে আৰু ১৯৯৬ চনত অসম সাহিত্য সভাৰ উপ-সভাপতি আসনত অধিষ্ঠিত হয়। ১৯৯৬ চনত ৰাম গোস্বামীক ৰাজ্যিক সাহিত্যিক পেন্সনপ্ৰদান কৰা হয়। তদুপৰি অসম ক্ৰীড়া-সাংস্কৃতিক উৎসৱত তেখেতক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।১২
মৃত্যু
২০১৮ চনৰ ২৩ নৱেম্বৰত গুৱাহাটীত ৮৪ বছৰ বয়সত ৰাম গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
তথ্যসূত্ৰ
- ↑ কমল কুমাৰ ভাগৱতী. (৩১ মাৰ্চ). পৃষ্ঠা ৩, দেওবৰীয়া চ'ৰা. 'সেউজীয়া দেশ'ৰ কবি ৰাম গোস্বামী
- ↑ (2013). Assam Sports and Cultural Festival Awards announced. The Sentinel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৮৬১০৬ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।