অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধীৰেন্দ্ৰ নাথ দত্ত

ধীৰেন্দ্ৰ নাথ দত্ত (Dhirendra nath Dutta) (১৯১২- ১৯৭২) অসমৰ এজন প্ৰগতিশীল কবিতাৰ বাটকটীয়া কবি। কৃষক,বনুৱা আদি শ্ৰম জীৱী লোকৰ প্ৰতি সহানুভূতি তেওঁৰ কবিতাৰ ঘাই বৈশিষ্ট্য।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২১ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ধীৰেন্দ্ৰ নাথ দত্ত (Dhirendra nath Dutta) (১৯১২- ১৯৭২) অসমৰ এজন প্ৰগতিশীল কবিতাৰ বাটকটীয়া কবি। কৃষক,বনুৱা আদি শ্ৰম জীৱী লোকৰ প্ৰতি সহানুভূতি তেওঁৰ কবিতাৰ ঘাই বৈশিষ্ট্য।১

জন্ম আৰু শিক্ষা

ধীৰেন্দ্ৰ নাথ দত্তই গোলাঘাট কৰুণাটিং বাগিচাত১৯১২ চনত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল শৰৎ চন্দ দও আৰু মাক নয়নতৰা।ধীৰেন্দ্ৰ নাথ দত্তৰ দেউতাকৰ ঘৰ আছিল বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত। তাৰপৰা আহি তেওঁ গোলাঘাটত নিগাজিকৈ‌ থাকিবলৈ লয়।তেওঁ দেৰগাঁও হাইস্কুলত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰুৱাভাৱে পঢ়িবলৈ লয়।২

কৰ্মজীৱন

দেশ আৰু জাতীৰ প্ৰতি থকা সেৱাৰ মনোভাবৰ বাবেই দওই ১৯২৮ চনত সক্ৰিয়ভাবে দেশৰ কামত জপিয়াই পৰে।তেওঁ দুবাৰ জেলতো থাকিব লগা হয়।দহ বছৰ মান আন্দোলনৰ কামত লগাৰ পিছত তেওঁ সাম্যবাদৰ প্ৰতি আকৃষ্ট হয়।জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদশ অনুসৰি আপোচহীনভাৱে কৃষক তথা বনুৱাৰ হকে কাম কৰি যায়।৩

কবিতা সংকলন

  • অভিযান(১৯৩৬)
  • কাঠমিস্ত্ৰীৰ ঘৰ৪

মৃত্যু

২২ অক্টোবৰ ১৯৭২ চনত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত কবি ধীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ অসমীয়া কবি‌ আৰু কবিতা,কৰবী ডেকা হাজৰিকা,দ্বিতীয় প্ৰকাশ,২০১১পৃষ্ঠা নং:১১১
  2. ↑ সাহিত্য সৌৰভ,পঞ্চম প্ৰকাশ ২০১৬পৃষ্ঠা নং:১১৮
  3. ↑ সাহিত্য সৌৰভ,পঞ্চম প্ৰকাশ ২০১৬পৃষ্ঠা নং:১১৮
  4. ↑ অসমীয়া কবি‌ আৰু কবিতা,কৰবী ডেকা হাজৰিকা,দ্বিতীয় প্ৰকাশ,২০১১পৃষ্ঠা নং:১১১
  5. ↑ অসমীয়া কবি‌ আৰু কবিতা,কৰবী ডেকা হাজৰিকা,দ্বিতীয় প্ৰকাশ,২০১১পৃষ্ঠা নং:১১১

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীৰেন্দ্ৰ নাথ দত্ত” প্ৰবন্ধৰ সংশোধন ২৯৭৫৭৪ (১৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।