অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিত্যা দত্ত

নিত্যা দত্ত (১৯৩৫-১৯৯১) এগৰাকী বিশিষ্ট কবিৰ লগতে এগৰাকী আৰক্ষী বিষয়াও আছিল। তেওঁ নাহৰকটীয়া হাইস্কুলত শিক্ষকতা কৰাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া অভিনয় শিল্পীও আছিল।

হালনাগাদ: ২৪ জুলাই ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

নিত্যা দত্ত (১৯৩৫-১৯৯১) এগৰাকী বিশিষ্ট কবিৰ লগতে এগৰাকী আৰক্ষী বিষয়াও আছিল। তেওঁ নাহৰকটীয়া হাইস্কুলত শিক্ষকতা কৰাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া অভিনয় শিল্পীও আছিল।

প্ৰাৰম্ভিক জীৱন

১৯৩৫ চনৰ ২ অক্টোবৰত নাহৰকটীয়াত নিত্যা দত্তৰ জন্ম হৈছিল।

শিক্ষা জীৱন

তেওঁ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা ১৯৫৩ চনত মেট্ৰিক আৰু ১৯৫৫ চনত ইন্টাৰমিডিয়েট পাছ কৰাৰ পাছত ১৯৫৭ চনত কটন কলেজৰ পৰা বি.এ. পাছ কৰে।

কৰ্মজীৱন

তেওঁ নাহৰকটীয়া হাইস্কুলত শিক্ষকতা কৰিছিল আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া অভিনয় শিল্পী আছিল। লগতে এজন আৰক্ষী বিষয়া আছিল।

সাহিত্যকৃতি

কবিতা-সংকলন:

  • পান্থশালা(১৯৬৫)
  • এমুঠি পুৱাৰ নিয়ৰ (১৯৬৮)
  • ছন্দৰ ধ্বনি (১৯৭০)
  • অনুভূতিবোৰেই শব্দ(১৯৭৯)
  • সপোনে জিৰালে শুই (১৯৮৬)
  • ভিন্ন মুখ ভিন্ন গীত (১৯৮৮)
  • Rhythm of Broken Dreams (১৯৭৩)

মৃত্যু

১৯৯১ চনৰ ২৭ অক্টোবৰত কৰ্মৰত অৱস্থাত আততায়ীৰ গুলিত দত্তৰ মৃত্যু ঘটে।

তথ্য সংগ্ৰহ

  • কথা বৰেণ্য ১০০(২০০৬), কথা প্ৰকাশন, গুৱাহাটী, শোণিত বিজয় দাস আৰু মুনীন বায়ন।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিত্যা দত্ত” প্ৰবন্ধৰ সংশোধন ৫২৬৭৮৩ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।