অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিগন্ত বিশ্ব শৰ্মা

দিগন্ত বিশ্ব শৰ্মা একাধাৰে কবি, অনুবাদক আৰু সুবক্তা৷ তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত অধ্যাপক আৰু সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী আৰু শ্ৰী অৰবিন্দৰ ভক্ত।

হালনাগাদ: ৬ এপ্ৰিল ২০২৫ ৪৭৬ শব্দ · ৩ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

দিগন্ত বিশ্ব শৰ্মা একাধাৰে কবি, অনুবাদক আৰু সুবক্তা৷১২ তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক৩, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত অধ্যাপক আৰু সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী আৰু শ্ৰী অৰবিন্দৰ ভক্ত।৪ শেহতীয়াকৈ অসম বিশ্ববিদ্যালয়, শিলচৰে ২০২৪ চনৰ ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ‘মূল্যভিত্তিক শিক্ষা’ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক সন্মানীয় পিএইচ.ডি ডিগ্ৰী প্ৰদান কৰে।৫ ২০২৩ বৰ্ষৰ পৰা তেখেতে সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷৬

জন্ম আৰু পৰিচয়

তেখেতৰ জন্ম হৈছিল ১৯৬৭ চনৰ ১৬ ফেব্ৰুৱাৰীত শিলচৰ চহৰত৷ পিতৃৰ নাম আছিল বিশিষ্ট লেখক, গীতিকাৰ কৈলাস নাথ শৰ্মা আৰু মাতৃৰ নাম আছিল মৃণালিনী দেৱী৷ তেখেতৰ মাতৃ অসম সাহিত্য সভাৰ উপ-সভাপতি আছিল৷

শিক্ষা

তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে যোহৰাটৰ বাল্যভাৰতী আৰু গান্ধীবস্তিৰ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত৷ কামৰূপ একাডেমী হায়াৰছেকেণ্ডৰী স্কুলৰ পৰা ১৯৮৪ চনত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ একেখন বিদ্যালয়ৰ পৰাই তেখেতে ১৯৮৬ চনত হায়াৰছেকেণ্ডৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু ১৯৮৯ চনত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা বাণিজ্য বিভাগ (বি.কম)ত স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৯১ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী (এম.কম) লাভ কৰে৷ তদুপৰি তেখেতে গৱৰ্ণমেণ্ট ল’ কলেজৰ পৰা এল.এল.বি ডিগ্ৰীও লাভ কৰে৷ তদুপৰি অসম বিশ্ববিদ্যালয়ে ‘মূল্যভিত্তিক শিক্ষা’ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ২০২৪ বৰ্ষৰ সন্মানীয় ডক্টৰেট ডিগ্ৰীৰ সন্মান আগবঢ়াইেছ৷৭

ব্যক্তিগত জীৱন

তেখেত সৰুৰে পৰাই সাহিত্য-সস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল৷ ১৯৮৩ চনত তেওঁ বিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন সম্পাদনা কৰিছিল৷ ১৯৮৬ চনত গুৱাহাটী কৰ্মাচ কলেজত তেখেত ছাত্ৰ একতা সভাৰ সম্পাদক পদত জয়ী হৈছিল৷ তৰ্কৰ ক্ষেত্ৰখনতো তেওঁ সৰুৰে পৰাই সক্ৰিয় আছিল৷ ইষ্ট জ’ন আৰু নেশ্যনেল ইণ্টাৰ ইউনিভাৰ্চিটি যুৱ মহোৎসৱ দুয়োটাতে তৰ্ক প্ৰতিযোগিতাত তেখেতে পুৰস্কাৰ লাভ কৰিছিল। তদুপৰি একবিংশ শতিকাত তেওঁ বহুকেইখন গুৰুত্বপূৰ্ণ তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষ হিচাপে আসন শুৱনি কৰিছে৷ জিলা পৰিবহণ বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰাৰ পিছতো শৰ্মাৰ আধ্যাত্মিকতা আৰু দৰ্শনৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ বাবেই শ্ৰী অৰবিন্দ, শ্ৰীৰামকৃষ্ণ আৰু স্বামী বিবেকানন্দৰ শিক্ষাৰ লগত নিজকে সমৰ্পন কৰি ২০১২ চনত চাকৰি জীৱনৰ পৰা পদত্যাগ কৰে। এজন সফল অনুবাদক হিচাপে তেওঁ বহুকেইখন উল্লেখযোগ্য গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছে৷ শ্ৰী অৰবিন্দৰ "ভাৰতীয় সংস্কৃতিৰ ভেটি" গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাব তেখেতে ২০২০ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছে৷ শৰ্মাৰ আধ্যাত্মিকতা, ভাৰতীয় সংস্কৃতি, শিক্ষা আৰু দৰ্শনৰ ওপৰত ৰাজহুৱা ভাষণ আদিৰ যোগেদি ৰাষ্ট্ৰীয় স্তৰত এজন সুবক্তা হিচাপে স্বীকৃতি লাভ কৰিছে৷ বৰ্তমানলৈকে তেখেতে ৫০০ত কৈয়ো অধিক অফলাইন, অনলাইন বক্তৃতা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰদান কৰিছে৷৮

সাহিত্যৰাজি

অনুবাদ

  • ছেকুলাৰিজিমঃ ৰাষ্ট্ৰদ্ৰোহৰ অন্য এক নাম (মূল লেখক- চিতা ৰাম গোৱেল, হিন্দী), ১৯৮৯
  • ভাৰতীয় সংস্কৃতিৰ ভিত্তি (মূল লেখক- শ্ৰী অৰবিন্দ, ইংৰাজী), ২০১৭৯
  • কৰ্মযোগী (মূল লেখক- শ্ৰী অৰবিন্দ, ইংৰাজী), ২০১৭
  • ভাৰতৰ নৱজন্ম (মূল লেখক- শ্ৰী অৰবিন্দ, ইংৰাজী), ২০১৭
  • কাৰাকাহিনী (মূল লেখক- শ্ৰী অৰবিন্দ, বাংলা), ২০১৭
  • গীতাৰ ভূমিকা (মূল লেখক- শ্ৰী অৰবিন্দ, বাংলা), ২০১৭
  • ডঃ শ্যামাপ্ৰসাদ মুখোপাধ্যায় ‘এক নিৰ্মল আৰু সাহসী জীৱন’ (মূল লেখক- শ্ৰী অৰবিন্দ, ইংৰাজী), ২০১৭

কবিতা পুথি

  • পূৰ্বৰাগ
  • অন্তৰ্দাহ
  • অনুনাদ
  • প্ৰতিবোধ

তদুপৰি ২০২৪ চনত তেওঁ শ্ৰী অৰবিন্দৰ কবিতাসমূহৰ নিৰ্বাচিত এখন সংকলনো প্ৰকাশ কৰিছে৷

বঁটা আৰু সন্মান

  • সাহিত্য অকাডেমি অনুবাদ বঁটা, ২০২০৪
  • ডঃ মইদুল ইছলাম বৰা সাহিত্য বঁটা, ২০২২
  • তেখেতে ২০২৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ সন্মান লাভ কৰে৷১০
  • তেখেতে অসম বিশ্ববিদ্যালয় (শিলচৰ)ৰ ২০২৪ চনৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ‘মূল্যভিত্তিক শিক্ষা’ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় পিএইচ.ডি ডিগ্ৰী লাভ কৰে৷
  • তেখেতে ২০২৩ চনৰ পৰা সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

তথ্যসূত্ৰ

  1. ↑ Assam scholar creates a ‘record’ in giving lectures
  2. ↑ সমপৰ্ণেই সমস্ত শক্তিৰ উৎসঃ দিগন্ত বিশ্ব শৰ্মা. নিয়মীয়া বাৰ্তা
  3. ↑ dibrugarh university appoints diganta biswa sarma as professor of practice
  4. ↑ দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমিৰ সন্মানীয় অনুবাদ বঁটা
  5. ↑ দিগন্ত বিশ্ব শৰ্মাক সন্মানীয় ডিগ্ৰী প্ৰদানৰ ঘোষণা অসম বিশ্ববিদ্যালয়ৰ
  6. ↑ ৰঙাপাৰা মহাবিদ্যালয়ত দিগন্ত বিশ্ব শৰ্মা
  7. ↑ assam-university-to-award-honorary-degree-upon-diganta-biswa-sarma
  8. ↑ Diganta Biswa Sarma Sets Record with 300 Lectures on the Bhagavad Gita's Relevance
  9. ↑ দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা
  10. ↑ Renowned Author Diganta Biswa Sarma Appointed as Professor of Practice at Dibrugarh University

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অনুবাদকঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিগন্ত বিশ্ব শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫০২৬০৩ (৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।