ৰবীন্দ্ৰ বৰা(Rabindra Borah জন্ম: ২৫ ফেব্ৰুৱাৰী, ১৯৩৯- মৃত্যু: ১১ আগষ্ট, ২০২৪) ৰামধেনু যুগৰ এগৰাকী অসমীয়া কবি। বৰা এগৰাকী কাব্য সমালোচক হিচাপেও পৰিচিত।
জন্ম
১৯৩৯ চনৰ ২৫ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাৰ ৰাজমাই চাহ বাগিচাত ৰবীন্দ্ৰ বৰাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ইন্দ্ৰেশ্বৰ বৰা আৰু মাতৃৰ নাম আছিল লীলাৱতী বৰা।১
কৰ্মজীৱন
গুৱাহাটীত শিক্ষা সাং কৰি পুনৰ জন্মগাঁৱলৈ উভতি গৈ এখন হাইস্কুল প্ৰতিষ্ঠা কৰে। ৰূপহী হাইস্কুল প্ৰতিষ্ঠা কৰি তেওঁ সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব লাভ কৰে। কিছুদিন শিক্ষকতা কৰি তাৰ পৰা তেওঁ পুনৰ গুৱাহাটীলৈ যাত্ৰা কৰে। তাতে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা 'অসম বাতৰি' কাকতত প্ৰথম অৱস্থাত 'প্ৰুফ ৰিডাৰ' হিচাপে যোগদান কৰে যদিও পিছলৈ তেওঁ সহকাৰী সম্পাদকৰ দায়িত্ব লাভ কৰে। স্থায়ীভাৱে অসম চৰকাৰৰ জনসংযোগ বিভাগত কৰ্মজীৱন আৰম্ভ কৰা ৰবীন্দ্ৰ বৰাই প্ৰকাশন বিভাগৰ সহকাৰী হিচাপে ২০০১ চনত অৱসৰগ্ৰহণ কৰে।
সাহিত্য চৰ্চা
প্ৰতিষ্ঠিত কবি ৰবীন্দ্ৰ বৰা এগৰাকী ভাল কাব্য সমালোচক, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।
কাব্যগ্ৰন্থসমূহ
- দীৰ্ঘদিনৰ প্ৰস্তুতিৰে (১৯৮০)
- নিৰ্বাসিত সময় (১৯৮৬)
- শইচৰ মানুহ (১৯৯০)
- উত্তৰ প্ৰজন্ম (১৯৯৩)
- ৰাতি ভাঙি আহে (১৯৯৬)
- সাহচৰ্য (২০০০)
- ক'ৰবাত ৰ'দৰ গান (২০০১)
- সতীৰ্থ দিন (২০০৬)
- ৰ'দৰ চৰাই (২০০৯)
- সপোনৰ একান্ত অনুগত (২০১৩)
- ৰবীন্দ্ৰ বৰাৰ স্ব-নিৰ্বাচিত কবিতা (২০১৬)
- ৰবীন্দ্ৰ বৰাৰ নিৰ্বাচিত কবিতা সংগ্ৰহ (১৯৬০-২০১৬)
- কমাৰশালৰ বৃদ্ধজন (২০১৭)
- পোহনীয়া চৰাইৰ মাত (২০১৯)
- মই পৰ্যটক (২০২৪)
উপন্যাস
- দ্ৰৌপদী (১৯৯৬)
গল্প সংকলন
- আলি-দোমোজা (১৯৯৩)
- পূৰ্বাপৰ (১৯৯৮)
- অকলশৰীয়া ভয় (২০০২)
- আকাশ য'ত হেৰালে (২০১৮)
শিশু গ্ৰন্থ
- এমুঠি বিদেশী গল্প
- চিৰিয়াখানাৰ লিমাৰিক আৰু খেলিমেলি পদ্য (২০১১)
সম্পাদিত গ্ৰন্থ
- কবি, কবিতা আৰু অন্যান্য (২০১১)
- সাম্প্ৰতিক তৰুণৰ কবিতা (২০০১)
- 'সৌহাৰ্দ্য', পাঁচগৰাকী তৰুণ কবিৰ কবিতাৰ সম্পাদিত গ্ৰন্থ (২০১৯)
সম্পাদিত আলোচনী
- পটভূমি
- সোণতৰা
- সশব্দ
- মিছিল
সাহিত্যিক ড° হীৰেন গোহাঁইদেৱে ৰবীন্দ্ৰ বৰাৰ কবিতা সম্পৰ্কে আলোচনা আগবঢ়াইছে-
আশীৰ ডেওনা পাৰ হোৱা কবি ৰবীন্দ্ৰ বৰাৰ কবিতাৰ বেছি আলোচনা হোৱা নাই। এইটো এটা দুৰ্ভাগ্যজনক কথা বুলি ক'বই লাগিব। সম্ভৱতঃ তেওঁৰ কবিতাৰ বক্তব্য সম্প্ৰতি জনপ্ৰিয় হৈ পৰা শব্দ আৰু ভাষাৰ যাদুৰ পৰা আঁতৰি থকা বাবেই এনে অৱস্থা হৈছে। কিন্তু তেওঁৰ কবিতাবোৰ বক্তৃতাধৰ্মীও নহয় যে কাব্যগুণৰহিত বুলি আওকাণ কৰিব পাৰি। বৰা এনে এটা পৰিয়ালৰ সন্তান, যিটো পৰিয়ালৰ পৰা অসমৰ কেইবাগৰাকী কৃতবিদ্য পণ্ডিত, সাহিত্যিক আৰু শিক্ষাবিদ ওলাইছে।২
অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতি হিচাপে আসন অলংকৃত কৰা বৰাক সাহিত্য সভাই তেখেতৰ 'ৰ'দৰ চৰাই'ৰ বাবে ছগনলাল জৈন বঁটা প্ৰদান কৰা হয়। ৰবীন্দ্ৰ বৰাক 'কেশৱ মহন্ত বঁটা' প্ৰদান কৰা হয়। উল্লেখ্য যে ১৯৯৬ চনত বোকাখাতত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত কবি সন্মিলনৰ সভাপতি হিচাপে আসন অলংকৃত কৰিছিল।
মৃত্যু
২০২৪ বৰ্ষৰ ১১ আগষ্টত কবিগৰাকীৰ দেহাৱসান ঘটে।
উৎস
- ৰবীন্দ্ৰ বৰাৰ কবিতা সমগ্ৰ, প্ৰকাশক- ভবাণী বুকচ
- ৰবীন্দ্ৰ বৰাৰ কবিতা, ড° হীৰেন গোহাঁই (৪ মে', ২০১৮), অসম বাণী
- ৰবীন্দ্ৰ বৰাৰ কবিতা সমগ্ৰ আলোচনা, বিপুল কুমাৰ দিহিঙীয়া, অসমীয়া প্ৰতিদিন (১৩ নৱেম্বৰ, ২০১৬)
- অসমীয়া কাব্য কেঁকুৰিত ৰবীন্দ্ৰ বৰাৰ জীৱন-জীজ্ঞাসা আৰু কাব্য যাত্ৰা, ৰিপুঞ্জ গগৈ, (৭ নৱেম্বৰ, ২০১৮), অসমীয়া খবৰ'
- সৌহাৰ্দ্য', পাঁচগৰাকী তৰুণ কবিৰ কবিতাৰ সম্পাদিত গ্ৰন্থ। এই কাব্য সংকলনত সন্নিবিষ্ট কৰা হৈছে। তৰুণ প্ৰজন্মৰ কবি বিপুল কুমাৰ দিহিঙীয়া, দুৰ্গা প্ৰসাদ হাজৰিকা, অৰূপজ্যোতি নাথ, অৱনী বৰুৱা আৰু ৰূপজ্যোতি বৈশ্যৰ কবিতা সংকলিত হৈছে। বিশাল প্ৰকাশনৰ দ্বাৰা ২০১৯ চনত 'সৌহাৰ্দ্য'কাব্য সংকলনটি প্ৰকাশ হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন্দ্ৰ বৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৮৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।