অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত

ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত (Dhirendra Chandra Dutta) আছিল এগৰাকী প্ৰগতিবাদী কবি তথা অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম বিপ্লৱী।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২১ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত (Dhirendra Chandra Dutta) আছিল এগৰাকী প্ৰগতিবাদী কবি তথা অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম বিপ্লৱী।

জন্ম আৰু বংশ পৰিচয়

ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় ১৯১০ চনত কৰুণাটিং চাহ বাগিচাত।১ পিতৃ ডাঃ শৰৎচন্দ্ৰ দত্ত।২ মাতৃ- নয়নতৰা।

শিক্ষা

  • দেৰগাঁও হাইস্কুলত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰুৱাভাৱে পঢ়িবলৈ লয়।

কৰ্মজীৱন

১৯২৮ চনত তেওঁ দেশ আৰু জাতিৰ স্বাৰ্থত ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰে। তাৰ বাবে দুবছৰ জেলো খাটিবলগীয়া হয়। ইয়াৰ পিছত জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচবিহীনভাৱে কৃষক তথা বনোৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়।

সাহিত্যৰাজি

কাব্য সংকলন

  • অভিযান (১৯৩৬)

মৃত্যু

১৯৭২ চনৰ ২২ অক্টোবৰত যোৰহাট চিভিল হস্পিটেলত ৰক্তক্ষয়ী ৰোগত মৃত্যু হয়।৩

তথ্যসূত্ৰ

  1. ↑ অসমীয়া কাব্য পৰিক্ৰমা, অৰবিন্দ ৰাজখোৱা (সম্পা.), তৃতীয় সংস্কৰণ, ২০১৩, পৃষ্ঠা নং: ৩০৫
  2. ↑ অসমীয়া কাব্য পৰিক্ৰমা, অৰবিন্দ ৰাজখোৱা(সম্পা.), তৃতীয় সংস্কৰণ, ২০১৩, পৃষ্ঠা নং: ৩০৫
  3. ↑ অসমীয়া কাব্য পৰিক্ৰমা, অৰবিন্দ ৰাজখোৱা(সম্পা.), তৃতীয় সংস্কৰণ, ২০১৩, পৃষ্ঠা নং: ৩০৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত” প্ৰবন্ধৰ সংশোধন ২৯৭০২১ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।