জোনমণি দাস (জন্ম: ৩১ মে' ১৯৮৫ – ১২ মে' ২০২৬)১ সাম্প্ৰতিক সময়ৰ এগৰাকী জনপ্ৰিয় অসমীয়া কবি। ১৯৮৫ চনৰ ৩১ মে'ত শিৱসাগৰত জন্মগ্ৰহণ কৰা দাসে তেওঁৰ বলিষ্ঠ আৰু ব্যতিক্ৰমী কবিতাৰ জৰিয়তে অসমীয়া কাব্যজগতত এক সুকীয়া স্থান দখল কৰিছে।
শিক্ষা আৰু বৃত্তি
শিক্ষা
জোনমণি দাসে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।
বৃত্তি
তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি ঘটিছিল শিৱসাগৰৰ পৰা প্ৰকাশিত জনপ্ৰিয় শিশু আলোচনী আমাৰ জোনবাইৰ জৰিয়তে। পৰৱৰ্তী সময়ত তেওঁ অসমৰ জনপ্ৰিয় পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদনা বিভাগত কৰ্মৰত আছিল।
সাহিত্যিক পৰিচয় আৰু কৰ্মৰাজি
জোনমণি দাসৰ কবিতাত মানৱীয় প্ৰেম, বিৰহ আৰু সামাজিক চেতনাৰ প্ৰতিফলন দেখা যায়। তেওঁৰ উল্লেখযোগ্য কবিতাপুথিসমূহ হ’ল—
- স্বপ্নবাক বৰষুণ (২০০৭)
- জলস্তম্ভ (২০১৪)
- উৰণীয়া ছাঁ (২০১৬)
- নিনাদিত নিৰ্জনতা (২০১৬)
- মৈথুনৰত মাছ (২০১৭)
- সমকামী সূৰ্য (২০২০)২
- টেঙেচী ফুলৰ টোপনি (২০২৩)
মৃত্যু
২০২৬ চনৰ ১২ মে' তাৰিখে ডিব্ৰুগড়ৰ মেডিচিটিত শেষ নিশ্বাস ত্যাগ কৰে কবি জোনমণি দাসে। মৃত্যুৰ সময়ত তেওঁ পত্নী, কন্যা আৰু এটি পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ যায়।৩
তথ্যসূত্ৰ
- ↑ নিনাদিত নিৰ্জনতা – জোনমণি দাস. Amazon India. Amazon
- ↑ সমকামী সূৰ্য – জোনমণি দাস. Scientia Books. Scientia
- ↑ জোনবাইৰ দেশলৈ কবি জোনমণি... অসমীয়া প্ৰতিদিন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনমণি দাস” প্ৰবন্ধৰ সংশোধন ৬০৬০৮১ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।