অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমল কুমাৰ মেধি

কমল কুমাৰ মেধি (Kamal Kumar Medhi) অসমৰ এগৰাকী সক্ৰিয় ৰাজনীতিবিদ, সমাজ-সমালোচক আৰু কবি। তেওঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টি (বিজেপি) অসম প্ৰদেশৰ এজন অন্যতম মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্ভাহ কৰি আছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৭২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কমল কুমাৰ মেধি (Kamal Kumar Medhi) অসমৰ এগৰাকী সক্ৰিয় ৰাজনীতিবিদ, সমাজ-সমালোচক আৰু কবি। তেওঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টী (বিজেপি) অসম প্ৰদেশৰ এজন অন্যতম মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্ভাহ কৰি আছে।১ ৰাজনীতিত পূৰ্ণকালীনভাৱে সক্ৰিয় হোৱাৰ পূৰ্বে তেওঁ এগৰাকী সক্ৰিয় কৃষক নেতা আৰু কবি হিচাপে অসমৰ সমাজ জীৱনত পৰিচিত আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

কমল কুমাৰ মেধিৰ জন্ম অসমৰ বজালী জিলাৰ (পূৰ্বৰ বৰপেটা জিলা) ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বামুনপাৰা গাঁৱত হৈছিল। তেওঁৰ পিতৃ স্বৰ্গীয় উদ্ধৱ মেধি। মেধিয়ে স্থানীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। ২০০৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ছাত্ৰাৱস্থাৰ পৰাই তেওঁ বিভিন্ন সামাজিক কাৰ্যকলাপ আৰু সাহিত্য চৰ্চাৰ সৈতে জড়িত আছিল।

সাহিত্যিক জীৱন

ৰাজনীতিত সক্ৰিয় হোৱাৰ পূৰ্বৰে পৰা কমল কুমাৰ মেধিয়ে এগৰাকী কবি আৰু প্ৰবন্ধকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ লিখনিত মূলতঃ সমাজৰ পিছপৰা শ্ৰেণীৰ সংগ্ৰাম, পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে ক্ষোভ আৰু প্ৰতিবাদী চেতনা প্ৰতিফলিত হয়।

প্ৰকাশিত গ্ৰন্থসমূহ

  • সুখী মানুহবোৰ লগ পালে মোৰ অসুখ বাঢ়ে: এইখন তেওঁৰ আটাইতকয়ে আলোচিত আৰু জনপ্ৰিয় কবিতা পুথি।২ আধুনিক মানুহৰ কৃত্ৰিমতা আৰু সামাজিক বৈষম্যক লৈ ইয়াত ব্যংগাত্মক তথা দৰ্শনভিত্তিক কবিতা সন্নিবিষ্ট হৈছে।
  • এই দেশ কাৰাগাৰ: আঁক-বাক প্ৰকাশনৰ পৰা ২০১৯ চনত প্ৰকাশিত এইখন তেওঁৰ আন এখন উল্লেখযোগ্য কাব্য সংকলন, য'ত ৰাজনৈতিক অধিকাৰ আৰু সামাজিক শোষণৰ ছবি ফুটি উঠিছে।৩

ৰাজনৈতিক যাত্ৰা

মেধিৰ ৰাজনৈতিক জীৱন অত্যন্ত বৈচিত্ৰ্যপূৰ্ণ আৰু কেইবাটাও ভাবাদৰ্শৰ মাজেৰে গতি কৰিছে। তেওঁ বিভিন্ন সময়ত অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ অৰাজনৈতিক আৰু ৰাজনৈতিক সংগঠনৰ নেতৃত্ব বহন কৰিছে:

  • কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS): তেওঁ প্ৰথমাৱস্থাত কৃষক নেতা অখিল গগৈৰ সতীৰ্থ হিচাপে এই সক্ৰিয় কৃষক সংগঠনটোত যোগদান কৰে। পৰৱৰ্তী সময়ত তেওঁ এই সংগঠনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্ভাহ কৰে আৰু অসমৰ বিভিন্ন জনপ্ৰশ্ন তথা দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলে।৪
  • ভাৰতীয় জাতীয় কংগ্ৰেছ: কৃষক মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰাৰ পিছত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীত (APCC) যোগদান কৰে। কংগ্ৰেছত থকা সময়ছোৱাত তেওঁ দলৰ এজন অন্যতম মুখপাত্ৰ আৰু কংগ্ৰেছৰ 'আৰ টি আই' (RTI) কোষৰ সভাপতিৰ দায়িত্ব লাভ কৰে। ২০২০ চনৰ ডিচেম্বৰ মাহত তেওঁ দলীয় কৌশল আৰু নেতৃত্বৰ অভাৱৰ অভিযোগ তুলি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে।৫
  • ৰাইজৰ দল: কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই তেওঁ ২০২০ চনৰ শেষৰফালে অখিল গগৈৰ নেতৃত্বত গঠিত আঞ্চলিক দল ‘ৰাইজৰ দল’ত যোগ দিয়ে।৫ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ এই দলৰ পৰা ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰে, যদিও তেওঁ নিৰ্বাচনত পৰাজিত হয়।
  • আম আদমী পাৰ্টি (AAP): ২০২২ চনৰ মে' মাহত তেওঁ ৰাইজৰ দল ত্যাগ কৰি অৰবিন্দ কেজৰিৱালৰ ‘আপ’ দলত যোগদান কৰে।৬ অৱশ্যে, ২০২৩ চনৰ জুলাই মাহত দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়।৬
  • ভাৰতীয় জনতা পাৰ্টি (BJP): ২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীত কমল কুমাৰ মেধিয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।১ বৰ্তমান তেওঁ ৰাজ্যিক বিজেপিৰ এগৰাকী সক্ৰিয় মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্ভাহ কৰি আছে।

তথ্যসূত্ৰ

  1. ↑ Karmakar, Sumir. (5 February 2024). Assam AAP leader Kamal Kumar Medhi joins BJP day after Modi's visit to state. Deccan Herald
  2. ↑ Bora, Dilip; Medhi, Kamal Kumar. (2010). Xukhi Manuhbor Log Pale Mor Axukh Barhe. Amazon India
  3. ↑ Medhi, Kamal Kumar. (2019). Ei Desh Karagar (এই দেশ কাৰাগাৰ). Aank-Baak. ISBN 978-9385934834
  4. ↑ (27 January 2024). Assam: Ex-AAP leader Kamal Kumar Medhi to join BJP on February 5. ইণ্ডিয়া টুডে NE
  5. ↑ (20 December 2020). “Will Officially Join Raijor Dal Tomorrow” – Kamal Kumar Medhi. Pratidin Time (via Instagram)
  6. ↑ (5 February 2024). Assam: Expelled AAP leader Kamal Medhi among other leaders joins BJP. দ্য আছাম ট্ৰিবিউন

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিবিদঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমল কুমাৰ মেধি” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৫৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।