অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য

ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য (Bherjan-Borajan-Padumoni Wildlife Sanctuary ) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই প্ৰায় ৭.২২ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷

হালনাগাদ: ৯ মে’ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য (Bherjan-Borajan-Padumoni Wildlife Sanctuary ) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই প্ৰায় ৭.২২ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷

ভৌগোলিক বিৱৰণ

তিনিচুকীয়া জিলাৰ তিনিটা ব্লক জুৰি এই অভয়াৰণ্যখন বিস্তৃত হৈ আছে৷ এই ব্লক তিনিটা হৈছে- ভেঁৰজান, বৰাজান আৰু পদুমনি৷১

জৈৱবৈচিত্ৰ্য

এই অভয়াৰণ্যৰ জৈৱবৈচিত্ৰ্য অতি সমৃদ্ধ৷ বিশেষকৈ এই বনাঞ্চল হলৌ বান্দৰ, লাজুকী বান্দৰ, মলুৱা বান্দৰ তথা টুপীমূৰীয়া বান্দৰ আদিৰ বাবে অতি উত্তম বাসস্থান বুলি ধাৰণা কৰা হয়৷.২৩৪ অন্যান্য উল্লেখযোগ্য প্ৰাণী তথা চৰাই-চিৰিকটি সমূহ তলত উল্লেখ কৰা হ'ল-

স্তন্যপায়ী প্ৰাণী:

লাজুকী বান্দৰ, অসমীয়া বান্দৰ,গাহৰি নেজীয়া বান্দৰ, সেন্দূৰী বান্দৰ, নাহৰফুটুকী বাঘ, বনৰীয়া গাহৰি ইত্যাদি৷

চৰাই-চিৰিকটি:

প্ৰায় ৮৪ বিধ চৰাইৰ প্ৰজাতি৷ যেনে- মাছৰোকা, পাকৈঢোৰা, হেটুলুকা,ৰঙামূৰীয়া বাঢ়ৈটোকা, গলমণিকা, ৰাজ ভাটৌ, বনকুকুৰা, শৰালি, কলীমূৰী হাঁহ, জিঞাখাটী, হাইঠা, কুটুম চৰাই,ফেঁচু, ভীমৰাজ, বাৰীসুন্দৰী, ভদৰকলি ইত্যাদি৷

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ Bherjan-Borajan-Padumoni Wildlife Sanctuary. enajori.com
  3. ↑ Bherjan-Borajan-Padumoni Wildlife Sanctuary - National Parks in Assam | Bherjan-Borajan-Padumoni Wildlife Sanctuary Photos, Sightseeing. Native Planet
  4. ↑ Welcome to Assam Tourism Official website of Deptt. of Tourism, Assam, India. Assamtourism.org

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭১৩৬ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।