ভবেন বৰুৱা (১৯৪১- ) অসমৰ এগৰাকী কবি, প্ৰবন্ধকাৰ আৰু সমালোচক। প্ৰতীকধৰ্মীতা আৰু নব্য-ৰমন্যাসবাদৰ দ্বাৰা অনুপ্ৰাণিত হোৱা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) কবিসকলৰ ভিতৰত তেখেত অন্যতম।১ 'সোণালী জাহাজ' তেখেতৰ শ্ৰেষ্ঠ কাব্য-কৃতি বুলি গণ্য কৰা হয়।২ এই গ্ৰন্থৰ বাবে তেখেতে ১৯৭৮ চনত যুটীয়াভাৱে প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা৩ লাভ কৰে।
জন্ম
ভবেন বৰুৱাই ১৯৪১ চনত শিৱসাগৰ জিলাৰ জাঁজীত জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ আছিল দেবেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃ কাঞ্চন বালা বৰুৱা।৪
শিক্ষা আৰু কৰ্মজীৱন
ভবেন বৰুৱাই ১৯৫৬ চনত কটন কলেজিয়েট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫৮ চনত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা আই.এ. উত্তীৰ্ণ হোৱাৰ পিছত ১৯৬০ চনত স্কটিছ চাৰ্ছ কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহকাৰে স্নাতক উপাধি লাভ কৰে। তাৰ পিছত তেখেতে এবছৰৰ বাবে যোৰহাটত বিদ্যালয়ৰ শিক্ষকতা কৰে আৰু ডেৰ বছৰ আকাশবাণী, দিল্লীৰ বাতৰি বিভাগত কাম কৰে। ইয়াৰ পিছত তেখেতে ১৯৬৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰে। শিক্ষা সাং কৰি কিছুসময়ৰ বাবে তেখেতে পঞ্জাব বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ বক্তা ৰূপে কাম কৰে আৰু ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰে।৫ তেখেত ইণ্ডিয়ান ইন্ষ্টিটিউট অৱ এডমিনিষ্ট্ৰেচন ষ্টাডি, ছিমলাৰ ফেল' হিচাপেও নিযুক্ত হয়।
ইয়াৰ উপৰি তেখেতে "The Assam Quarterly" আৰু "The Assam Academic Review" (১৯৬৭-১৯৭০), "সংলাপ" (১৯৭১-১৯৭৩) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ গৱেষণা জাৰ্ণালৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল।৬
সাহিত্যিক জীৱন
বিদ্যালয়ত পঢ়ি থাকোঁতেই ভবেন বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে আৰু ১৯৫৩ চনত 'নতুন পৃথিৱী' নামেৰে তেখেতৰ এখন কাব্য সংকলন প্ৰকাশ পায়।২
ষাঠীৰ দশকত বৰুৱাৰ কাব্য প্ৰতিভাই পূৰ্ণ ৰূপ পায়। ১৯৭৭ চনত প্ৰকাশ পোৱা 'সোণালী জাহাজ' গ্ৰন্থই তেখেতক এজন আগশাৰীৰ অসমীয়া কবি ৰূপে প্ৰতিষ্ঠা কৰে। এই গ্ৰন্থখন এশটা স্বৰচিত কবিতা আৰু পোন্ধৰটা অনুবাদমূলক কবিতাৰ এক সংকলন। এই গ্ৰন্থৰ বাবে তেখেতে ১৯৭৮ চনত প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটাও লাভ কৰে।২ মানৱ জীৱন, প্ৰকৃতি, ব্ৰহ্মাণ্ড, কলা আদিৰ সংযোগ আৰু বিচিত্ৰতা এই গ্ৰন্থত প্ৰতীকী ৰূপত অংকন কৰা হৈছে।২ সামাজিক সচেতনতা প্ৰকাশৰ উপৰিও ইয়াত কবিতাৰ ভাষা আৰু গঠনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।১ তেখেতৰ অন্যান্য গ্ৰন্থ হ'ল- 'পোন্ধৰটা কবিতা' (১৯৯৮), 'প্ৰসংগ: বাণীকান্ত' (১৯৯৮), 'প্ৰসংগ: কবিতা' (২০০১), 'ভবেন বৰুৱাৰ কবিতাৰ আবৃত্তি' (২০০১) আদি।
"এজন বহু-আয়তন বিশিষ্ট 'মেজৰ' কবিৰ পৰিচয় বহন কৰা 'সোণালী জাহাজ' আধুনিক অসমীয়া কবিতাৰ জগতত এক অনন্যসাধাৰণ সৃষ্টি।"
— – নীলমণি ফুকন৪
তেখেতে সাহিত্যৰ বিভিন্ন দিশ যেনে কবিতা, নাটক, উপন্যাস, চুটিগল্প আদিৰ ওপৰতো বহু সমালোচনা, পৰ্যালোচনা আৰু বিশ্লেষণাত্মক প্ৰবন্ধ লিখিছে। অসমীয়া ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ লগতে আধুনিক কবি নৱকান্ত বৰুৱা, মহিম বৰা, হোমেন বৰগোহাঞি, নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), হীৰেন ভট্টাচাৰ্য আদিৰ কিছু সাৰ্থক কবিতাৰ সমালোচনাৰে অৱদান আগবঢ়াইছে।২
ইয়াৰ উপৰি ভবেন বৰুৱাই বিৰিঞ্চি কুমাৰ বৰুৱা, হোমেন বৰগোহাঞি আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস, জ্যোতিপ্ৰসাদ আগৰৱালাৰ "লভিতা" আৰু অৰুণ শৰ্মাৰ আধুনিক নাটক, লক্ষ্মীনাথ বেজবৰুৱা, ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ কুমাৰ চলিহা আৰু মহিম বৰাৰ চুটিগল্পৰ সমালোচনাত্মক বিশ্লেষণ কৰি গৈছে২।
সাহিত্য অকাডেমিৰ প্ৰতিনিধিৰূপে তেখেতে ১৯৯০ চনত ইউৰোপত অনুষ্ঠিত হোৱা সাহিত্য সন্মিলনত অংশগ্ৰহণ কৰিছিল।৪
বহিঃ সংযোগ
তথ্যসূত্ৰ
- ↑ Modern Indian literature,an anthology,Volume 3, By K. M. George, Sāhitya Akādemī, আহৰণ ২১.০৯.২০১১
- ↑ The Encyclopaedia Of Indian Literature,Volume 1,By Amaresh Datta, আহৰণ ২১.০৯.২০১১
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি
- ↑ সমীন কলিতা. (২০০১). শতাধিক অসমীয়া সাহিত্যিক. ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ৪৯২-৪৯৪. ISBN 81-7665-095-1
- ↑ www.gauhati.ac.in/english/about/history.htm, আহৰণ ২১.০৯.২০১১
- ↑ www.oocities.org/indian_poets/assamese.html, আহৰণ ২১.০৯.২০১১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভবেন বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৯৪১৩৫ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।