অসমীয়া সমালোচক
৬ প্ৰবন্ধ
-
ভবেন বৰুৱা
ভবেন বৰুৱা (১৯৪১- ) অসমৰ এগৰাকী কবি, প্ৰবন্ধকাৰ আৰু সমালোচক। প্ৰতীকধৰ্মীতা আৰু নব্য-ৰমন্যাসবাদৰ দ্বাৰা অনুপ্ৰাণিত হোৱা অসমীয়া কবিসকলৰ ভিতৰত তেখেত অন্যতম। 'সোণালী জাহাজ' তেখেতৰ শ্ৰেষ্ঠ কাব্য-কৃতি বুলি গণ্য কৰা হয়।
-
প্ৰহ্লাদ কুমাৰ বৰুৱা
ড° প্ৰহ্লাদ কুমাৰ বৰুৱা (Dr Prahlaad Kumar Baruah; ১৯৪৪,২৮ ফেব্ৰুৱাৰী-২০১১,২৪ আগষ্ট) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক। ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাত জন্মলাভ কৰা বৰুৱা পিছলৈ ১৯৭১ চনৰ পৰা ডিব্ৰুগড়ৰ ৰূপনগৰৰ বাসিন্দা হয়।
-
উষাৰাণী বৰুৱা
ড° উষাৰাণী বৰুৱা (Dr Usharanee Baruah; ১৯৫১, ১ এপ্ৰিল -২০২১,১৮ জুন) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মুৰব্বী অধ্যাপিকা ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
-
শশী শৰ্মা
শশী শৰ্মা (৩ অক্টোবৰ, ১৯৩২, মৃত্যু ব২৮ জানুৱাৰী, ২০২০) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ। তেওঁক অসমীয়া প্ৰগতিবাদী সাহিত্যৰ প্ৰাতঃস্মৰণীয় প্ৰতিভা আৰু মানৱীয় মূল্যবোধৰ এজন বলিষ্ঠ প্ৰবক্তা বুলি কোৱা হয়।
-
বসন্ত কুমাৰ ভট্টাচাৰ্য
ড° বসন্ত কুমাৰ ভট্টাচাৰ্য ( Dr Basanta Kumar Bhattacharyya) ৰ জন্ম হয় ১ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে। তেওঁ অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰৱন্ধকাৰ, নাট্যকাৰ, সমালোচক। নলবাৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্যক ২০১৬ চনত অসম সাহিত্য সভাই “সাহিত্যচাৰ্য” উপাধি প্ৰদান কৰে।
-
সুব্ৰত জ্যোতি নেওগ
সুব্ৰত জ্যোতি নেওগ (জন্ম-১৯৮৪) এগৰাকী চলচ্চিত্ৰ সমালোচক, নাট্য সমালোচক,, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, এগৰাকী সুবক্তা লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক৷