অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
নেপুৰ
নেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰে৷ ইয়াৰ…
-
নৰেন্দ্ৰ চন্দ্ৰ হাজং
নৰেন্দ্ৰ চন্দ্ৰ হাজং ( Narendra Chandra Hajong): এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক আছিল। তাৰ উপৰিও তেওঁ সমাজৰ সেৱা কৰিছিল। তেওঁৰ হাজং ভাষাৰ "জিলমিল জিলমিল চাৰিৰৗ সোনা পানী লাগা ৰা" গীতটোৰ বাবে অতি জনপ্ৰিয় হৈছিল।
-
নৰ্থ বেংক মহাবিদ্যালয়
উত্তৰপৰীয়া মহাবিদ্যালয় বা নৰ্থ বেংক কলেজ হৈছে লখিমপুৰ জিলাৰ ভিতৰৰ দ্বিতীয়খন মহাবিদ্যালয় আৰু মহকুমাটোৰ ভিতৰত প্ৰথমখন। মহাবিদ্যালয়খন ঘিলামৰা অঞ্চলৰ মাজ মজিয়াত অৱস্থিত।
-
পঁচতি উৎসৱ
পঁচতি শব্দৰ সাধাৰণ অৰ্থ হ'ল: ল'ৰা-ছোৱালী ভূমিষ্ঠ হোৱাৰ পাঁচ দিনৰ দিনা কৰা জন্ম কৃত্য। পিছে পঁচতি বুলিলে আমি সাধাৰণ শিশুৰ জন্মৰ পঞ্চম দিৱসৰ উৎসৱক নুবুজোঁ; বুজোঁ চিৰশিশু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাঁচদিনৰ পাছত উদ্যাপিত উৎসৱটোকহে।
-
পখিলা লেকথেপী
পখিলা লেকথেপী (Pokhila Lekthepi, জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। কাৰ্বি সংগীতজগতত তেওঁ চাৰি দশকৰো অধিক কালজুৰি সংগীতৰ চৰ্চা কৰি আহিছে। তেওঁ বৰ্তমানলৈকে প্ৰায় তিনি শতাধিক গীতত কণ্ঠদান কৰিছে।
-
পখীতীৰ্থ
পখীতীৰ্থ (Pokhitirtho) বা চামগুৰি বিল হৈছে নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল কিলোমিটাৰ দূৰত্বত অৱস্থিত এখনি জলভূমি। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়।
-
পচতীয়া
পচতীয়া (five-leaved chaste tree) হৈছে এবিধ মধ্যম আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াক দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ জনসমাজত একপ্ৰকাৰৰ বহু প্ৰচলিত বনৌষধী হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক নাম Vitex negundo।
-
পঞ্চী বৰা
পঞ্চী বৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ দূৰদৰ্শন ধাৰাবাহিক ‘কয়ামত’, ‘কিতনী মস্ত হ্যে জিন্দেগী’ আদিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ তেলুগু চলচ্চিত্ৰ জগততো পদাৰ্পন কৰিছে।
-
পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ
পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ (১৮৬৮-১৯৩৮) এজন ভাৰতীয় ইতিহাসবিদ৷ তেওঁৰ জন্ম চিলেটত (এতিয়াৰ বাংলাদেশত)৷ তেওঁ ঘাইকৈ প্ৰাচীন কামৰূপৰ বিষয়ে গৱেষণা কৰিছিল৷ তেওঁ অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হোৱাৰ লগতে কামৰূপ অনুসন্ধান সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ কটন কলেজত অধ্যাপনা কৰিছিল৷ তেওঁৰ…
-
পল ফুকন
পল ফুকন (ইংৰাজী: Paul Phukan) অসমৰ এগৰাকী অভিনেতা। ১১ অক্টোবৰৰ দিনা গুৱাহাটীত পলৰ জন্ম হয় (চন?)। বৰ্তমানলৈ তেওঁ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও তেওঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জগতত অতিকৈ জনপ্ৰিয়।
-
পলাশবাৰী বিধানসভা সমষ্টি
পলাশবাৰী বিধানসভা সমষ্টি (ইংৰাজী: Palasbari Assembly constituency) হৈছে ভাৰতৰ অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসমৰ কামৰূপ জিলাত অৱস্থিত। ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
পাঁচালী
পাঁচালী হৈছে মুখ পৰম্পৰাৰে প্ৰচলিত হৈ অহা এক গীতি কাব্য। মুখে মুখে প্ৰচলিত হৈ অহা এই কাব্যই ১৫-১৬ শতিকাৰ অসমীয়া কবি মনকৰ, দুৰ্গাবৰ কায়স্থ আদিৰ দ্বাৰা লিখিত ৰূপ লাভ কৰিছে। পাঁচালী সাহিত্যক পাঞ্চালী বুলিও কোৱা হয়।
-
পাকাবেতবাৰী বিধানসভা সমষ্টি
পাকাবেতবাৰী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ২০২৩ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে গঠন কৰা হৈছিল। ই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
পাগলী (চলচ্চিত্ৰ)
পাগলী এখন একশ্বন, ৰোমাঞ্চ আৰু ট্ৰেজেডিধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰা, তেখেতে ছবিৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যৰ ৰচক। প্ৰযোজনা কৰিছে প্ৰেমা দত্ত, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে। সহ প্ৰযোজক বীৰেন্দ্ৰ কুমাৰ দাস আৰু উদয় গগৈ। আৱহ সংগীত অনুৰাগ শইকীয়াৰ, গীতাংশৰ সংগীত অৰূপ দত্তৰ।
-
পাঞ্চালী গুপ্তা
পাঞ্চালী গুপ্তা (Panchali Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ বহুকেইখন অসমীয়া আৰু হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। বাতৰি কাকতৰ স্তম্ভলেখক হোৱাৰ উপৰিও তেওঁ এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট।
-
পাটকাইৰ ইপাৰে মোৰ দেশ
পাটকাইৰ ইপাৰে মোৰ দেশ (Patkair Ipare Mor dex) হৈছে অসমৰ ঔপন্যাসিক চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
পাণবাৰী মছজিদ
পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত।
-
পাথাৰকান্দি বিধানসভা সমষ্টি
পাথাৰকান্দি বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ২ হৈছে পাথাৰকান্দি বিধানসভা সমষ্টিৰ ক্ৰমাংক। পাথাৰকান্দি কৰিমগঞ্জ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত সাতখন বিধানসভা সমষ্টিৰ এখন।
-
পানীটেঙা
পানীটেঙা বা বেহুৱা এবিধ অসমীয়া মুখৰোচক খাদ্য। ইয়াৰ প্ৰধান উপাদান হৈছে সৰিয়হ আৰু লাইশাকৰ গুটি।
-
পুৰাং আপিন
পুৰাং আপিন হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এবিধ পৰম্পৰাগত খাদ্য। ই মূলতঃ চাউলৰ পৰা তৈয়াৰী এক আহাৰ। এই খাদ্যবিধ বৰা বা লাহী চাউল তৰাপাতত মেৰিয়াই পানীত উতলাই সিজাই প্ৰস্তুত কৰা হয়। আলি আঃয়ে লৃগাং আদি বিভিন্ন উৎসৱ-পাৰ্বনৰ উপৰিও অন্যান্য উপলক্ষত পুৰাং আপিন প্ৰস্তুত কৰা হয়।
-
পূব কাৰ্বি আংলং অভয়াৰণ্য
পূব কাৰ্বি আংলং অভয়াৰণ্য (East Karbi Anglong Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাৰ্বি আংলং-কাজিৰঙা লেণ্ডস্কেপৰ এটা উল্লেখযোগ্য অংশ।
-
পূৰ্ণকান্ত বুঢ়াগোহাঞি
পূৰ্ণকান্ত বুঢ়াগোহাঞি (Purna Kanta Buragohain; ১৮৯০- ১৯৫৮) তাই আহোম জনগোষ্ঠীৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল। ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি টাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্পৰ্কে অধ্যয়ন…
-
পৃথিৱীৰ অসুখ
পৃথিৱীৰ অসুখ (Prithivir Oxukh) হৈছে অসমৰ সাহিত্যিক, গল্পকাৰ তথা ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি অসমীয়া ভাষাৰ গল্প সংকলন। ষোল্লটা গল্প সন্নিৱিষ্ট হোৱা এই গল্প সংকলনখনি ১৯৭৯ চনত প্ৰকাশিত হৈছিল। সংকলনটিৰ বাবে তেখেতে ১৯৮০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
পৃথু
ৰজা পৃথু (Prithu) ১১৯৫ খ্ৰীষ্টাব্দৰ পৰা ১২২৮ খ্ৰীষ্টাব্দলৈ ভাৰতৰ বৰ্তমানৰ ৰাজ্য অসমত উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ কামৰূপ ৰাজ্যৰ ৰজা আছিল। তেওঁক জলপেশ্বৰ বুলিও জনা যায়।
-
পোৱামক্কা
পোৱামক্কা (Powa Makkah) অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়।
-
প্ৰজ্ঞাসুন্দৰী দেৱী
প্ৰজ্ঞাসুন্দৰী দেৱী (; – ১৯৫০) এগৰাকী ভাৰতীয় ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থ লেখিকা আৰু আলোচনী সম্পাদক আছিল। ১৯০২ চনত প্ৰকাশিত তেওঁৰ আমিষ ও নিৰামিষ বঙালী সাহিত্যৰ এখন তাৎপৰ্যপূৰ্ণ ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থ। ১৮৯৭ চনৰ আৰম্ভণিৰ পৰা প্ৰজ্ঞাসুন্দৰীয়ে পূণ্য নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল।
-
প্ৰণবিৰাম বৰুৱা
প্ৰণবিৰাম বৰুৱা (Pronobiram Boruah) আছিল এগৰাকী। আগখাৰী সঙ্গীত শিল্পী।
-
প্ৰদান বৰুৱা
প্ৰদান বৰুৱা অসমৰ পৰা নিৰ্বাচিত লোকসভাৰ সদস্য। ২০১৬ চনৰ নৱেম্বৰত হোৱা লোকসভা নিৰ্বাচনত লখিমপুৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ধেমাজি জিলাৰ ধেমাজি বিধানসভা সমষ্টি (নং ১১৩)ৰ পৰা অসম বিধানসভাৰ সদস্য আছিল৷ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ…
-
প্ৰদীপ চলিহা
প্ৰদীপ চলিহা (Pradip Chaliha, ১৯১৮-২০০৮ চন) হৈছে অসমৰ এগৰাকী সাহিত্যিক আৰু শিল্পী।
-
প্ৰদ্যুৎ বৰদলৈ
প্ৰদ্যুৎ বৰদলৈ (জন্ম ২৮ এপ্ৰিল ১৯৫৯) হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ যি পূৰ্বতে ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।