অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
প্ৰফুল্ল মহন্ত
ড০ প্ৰফুল্ল মহন্ত (Prafulla Mahanta ১৯৪১-২০২২) অসম, ভাৰতৰ এগৰাকী লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজ বিজ্ঞানী, আৰু অধ্যাপক। অসমৰ জাতীয় সত্তা, মধ্যবিত্ত আৰু জনজাতীয় শ্ৰেণীৰ ইতিহাস আৰু বাস্তৱতা সম্বন্ধে বিস্তৃত আলোচনাৰ লগতে কিছুসংখ্যক গৱেষণামূলক গ্ৰন্থও তেখেতে লিখি থৈ গৈছে৷ ১৯৬০ চনত…
-
প্ৰবীণ চন্দ্ৰ দাস
প্ৰবীণ চন্দ্ৰ দাস (Prabin Chandra Das) অসমৰ এগৰাকী লোক-সংস্কৃতিবিদ, গৱেষক, অধ্যাপক, লেখক, সম্পাদক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ অধ্যাপক আছিল আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰিছিল৷ অসমৰ লোক-সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ…
-
প্ৰবীণা শইকীয়া
প্ৰবীণা শইকীয়া (ইংৰাজী: Prabina Saikia) (১৯৩৬-১৯৯৯) অসমীয়া সাহিত্যৰ স্বৰাজোত্তৰ কালৰ এগৰাকী বিশিষ্ট লেখিকা। কবি, গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক হিচাপে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা প্ৰবীণা শইকীয়াৰ দেউতাক নন্দেশ্বৰ দাস আৰু মাতৃৰ নাম ৰত্নেশ্বৰী মহন্ত।
-
প্ৰভাত বৰা
প্ৰভাত বৰা অসমীয়া সাহিত্যজগতৰ এগৰাকী আগশাৰীৰ সমালোচক। অসমীয়া সাহিত্য-সমালোচনাৰ ক্ষেত্ৰখনলৈ বিশিষ্ট বৰঙণি যোগোৱা সমালোচক প্ৰভাত বৰাই স্কুলীয়া আৰু কলেজীয়া শিক্ষা শিৱসাগৰত সম্পন্ন কৰি পৰৱৰ্তীসময়ত উচ্চশিক্ষাৰ বাবে এলাহাবাদ বিশ্ববিদ্যালয়লৈ যায় আৰু প্ৰফেছৰ বি. ডি. এন. সাহায়, প্ৰফেছৰ ৱাই. পি.
-
প্ৰমোদ গগৈ
প্ৰমোদ গগৈ (Pramod Gogoi) (২৯ ছেপ্তেম্বৰ, ১৯৩০ - ৬ এপ্ৰিল ২০১২) আছিল অসমৰ এজন জ্যেষ্ঠ চি পি আই নেতা, প্ৰাক্তন মন্ত্ৰী তথা কমিউনিষ্ট আন্দোলনৰ অন্যতম কাণ্ডাৰী৷ চিৰজীৱন অবিবাহিত হৈ থাকি ৰাজ্যৰ সেৱাত নিজকে উচৰ্গা কৰা প্ৰমোদ গগৈৰ জন্ম হয় ২৯ ছেপ্তেম্বৰ, ১৯৩০ চনত শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱত৷…
-
প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য
প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য বড়ো ভাষাৰ প্ৰথমজন গৱেষক তথা ইণ্ডো-তিব্বতীয় ভাষাৰো গৱেষক। সাহিত্যাচাৰ্য প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই বড়োৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ বি বৰুৱা কলেজৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৬২ চনত অধ্যক্ষ হয়।
-
প্ৰাগঐতিহাসিক অসম
প্ৰাগঐতিহাসিক অসমৰ লিখিত ইতিহাস পুৰাণ, তন্ত্ৰ শাস্ত্ৰ আদিতে সীমিত। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। মহীৰঙ্গ (সম্ভৱতঃ ময়ৰঙ্গ) দানৱ নামৰ এজন অনাৰ্য ৰজাই প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ উল্লেখ পোৱা যায়।
-
প্ৰাচীন কামৰূপী লিপি
কামৰূপী লিপি বা পুৰণি অসমীয়া লিপি অসমীয়া লিপিৰ বিকাশত এই পৰ্যায়ৰ পিছত মধ্যযুগীয় আৰু তাৰ পিছত আধুনিক অসমীয়া লিপিৰ পৰ্যায় লাভ কৰিছিল। যদিও এই লিপিৰ বিকাশ বংগ আৰু বিহাৰৰ বিকাশৰ সৈতে একেলগে হৈছিল, ইয়াৰ কিছুমান স্থানীয় বিশেষত্ব আছিল।
-
পৰেশ বৰুৱা
পৰেশ বৰুৱা, পৰেশ অসম বা কামৰুজ জামান খান হৈছে এজন অসমীয়া বিদ্ৰোহী যোদ্ধা। তেওঁ ভাৰতীয় সংঘৰ পৰা অসমৰ বাবে স্বাধীনতা বিচৰা অলফাৰ সেনা প্ৰধান। তেওঁ ইউনাইটেড্ লিবাৰেচন ফ্ৰণ্ট অৱ আসাম – ইণ্ডিপেণ্ডেণ্ট (আলফা – আই)ৰ উপাধ্যক্ষ আৰু মুখ্য সেনাধ্যক্ষ।
-
পৰ্বতঝোৰা বিধানসভা সমষ্টি
পৰ্বতঝোৰা বিধানসভা সমষ্টি (Parbatjhora Assembly constituency) ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। ই অসম বিধানসভাৰ ৫ নম্বৰ সমষ্টি।
-
পৱন আগৰৱালা
পৱন আগৰৱালা অসমৰ গুৱাহাটীত অৱস্থিত তথ্য প্ৰযুক্তি আৰু খুচুৰা বিশিষ্ট প্ৰতিষ্ঠান ডাটামেচনৰ প্ৰতিষ্ঠাপক, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া।
-
ফ
ফ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'ফ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ফ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ফ'কাছ এন.ই.
ফ'কাছ এন.ই. (Focus NE) (পূৰ্বৰ এন.ই. টি.ভি.) উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চেটেলাইট বাতৰি চেনেল আছিল। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, মণিপুৰী, নাগামিজ, বড়ো, মিজো, গাৰো, কাৰ্বি, ডিমাছা, নেপালী, ৰংমেই নাগা, ক'ক বৰক আৰু চাদ্ৰী ভাষাত বাতৰি পৰিৱেশন কৰা হৈছিল।। বৰ্তমান এই চেনেলটো বন্ধ হৈছে।
-
ফুলবাৰী
ফুলবাৰী (Phulbari) অসমৰ লখিমপুৰ জিলাৰ এখন ঠাই। প্ৰাচীন ঐতিহ্য আৰু বুৰঞ্জীৰ বহুতো গুৰুত্বপূৰ্ণ সময়, ঘটনা আদিৰ সাক্ষীৰূপে এই ফুলবাৰী অঞ্চলটো জনাজাত৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ’লহাট চাৰিআলিৰপৰা পাঁচ কিলোমিটাৰ পশ্চিম দিশে এই বৃহত্তৰ অঞ্চলটো অৱস্থিত৷ অঞ্চলটোত মুঠ ১১ খন ৰাজহ গাঁও আছে আৰু ফুলবাৰী বুলিলে…
-
ফেৰেংগাদাও
ফেৰেংগাদাও (Ferengadao) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰে এইখনি উপন্যাস সমৃদ্ধ হৈছে।
-
ফৰিংবোৰে বাটৰ কথা জানে
ফৰিংবোৰে বাটৰ কথা জানে (Pharingbore Bator Katha Jane) কিতাপখন কবি সমীৰ তাঁতীৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ। ২০২৪ বৰ্ষত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিত কবিৰ ৪২টা কবিতা সংকলিত হৈছে।
-
ব
ব অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ব'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ব' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ব'-ক এনেদৰে লিখা যায়।
-
বকতা
বকতা চুহুংমুঙে (১৪৯৭–১৫৩৯) ১৬ শতিকাত প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ ৰাজধানী আছিল। যিহেতু তেওঁৰ ৰাজধানী দিহিং নদীৰ পাৰ আছিল, গতিকে চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। পৰৱৰ্তী ৰজা চুক্লেনমুঙে (১৫৩৯-১৫৫২) ৰাজধানী গড়গাঁওলৈ স্থানান্তৰিত কৰে।
-
বকুল কায়স্থ
বকুল কায়স্থ (জন্ম ১৪০০ শতাব্দী) কামৰূপৰ এগৰাকী গণিতজ্ঞ আছিল৷ তেওঁ প্ৰধানকৈ ১৪৩৪ চনতে ৰচনা কৰা গণিত বিষয়ক গ্ৰন্থ ’কিতাপত মঞ্জৰী’ আৰু ’লীলাৱতী’ৰ বাবে প্ৰসিদ্ধ৷
-
বকুল ফুলৰ দৰে (গ্ৰন্থ)
বকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে। উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়।
-
বকো-ছয়গাঁও বিধানসভা সমষ্টি
বকো-ছয়গাঁও বিধানসভা সমষ্টি (ইংৰাজী: Boko–Chaygaon Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত পূৰ্বৰ ছয়গাঁও বিধানসভা সমষ্টিক ইয়াৰ সৈতে একত্ৰিত কৰাৰ পিছত এই সমষ্টিটোৰ নাম "বকো-ছয়গাঁও" কৰা হয়।
-
বগা বাহক
জাষ্টিকা আধাট’ডা, সাধাৰণতে অসমীয়াত বগা বাহক নামে জনাজাত এই চিৰসেউজীয়া আৰু জোপোহা সপুষ্পক উদ্ভিদজোপা হৈছে একপ্ৰকাৰৰ ঔষধীয় উদ্ভিদ। ই এছিয়াৰ এক থলুৱা উদ্ভিদ। সিদ্ধ চিকিৎসা, আয়ুৰ্বেদ, হোমিঅপেথি আৰু য়ুনানী চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়। ই তিতাফুল বা ৰঙা বাহকৰ পৰিয়ালৰ উদ্ভিদ।
-
বগা মেদক
বগা মেদক মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী শ্বহীদ।
-
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় (Bongaigaon Medical College) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৬ বৰ্ষৰ ২১ আগষ্টত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই মহাবিদ্যালয়খনক ১০০গৰাকী এম.বি.বি.এছ.
-
বঙাল পুখুৰী
বঙাল পুখুৰী (Bangal Pukhuri) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা ঐতিহাসিক পুখুৰী। এই পুখুৰীটো যোৰহাট নগৰৰ দক্ষিণত ন-আলিৰ ওচৰত অৱস্থিত।
-
বচন (ব্যাকৰণ)
বচন (Number) শব্দৰ সাধাৰণ অৰ্থ কথা, উক্তি বা বক্তব্য। বচনৰ ইংৰাজী প্ৰতিশব্দ হ'ল 'number'। ব্যাকৰণত এই শব্দটো বিশেষ অৰ্থত প্ৰয়োগ হয়। বচন শব্দই ভাষাৰ আলোচনাত পদে বুজোৱা সংখ্যা বা পৰিমাণ বুজায়। যেনে:- * তুমি খেলি আছা। মই পঢ়িছোঁ। সি নাচিছে। বদনে দেখোন হাঁহিছে।
-
বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট
বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট (চমুকৈ বি পি পি এফ-BPPF) ২০০৫ চনৰ ১২ এপ্ৰিলত গঠন হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল। ২০০৫ চনত প্ৰথমবাৰৰ বাবে হোৱা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্টৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য এই দলটো গঠন কৰা হৈছিল।
-
বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ
বড়ো লিবাৰেচন টাইগাৰছ ফ'ৰ্চ (সংক্ষেপ BLTF বাBLT) বুলি জনা যায়, যি বড়ো অধ্যুষিত অঞ্চলসমূহত সক্ৰিয় হৈ থকা এটা অস্ত্ৰধাৰী মিলিটেণ্ট গোট আছিল। যাক ১৯৯৬ চনৰ ১৮ জুন তাৰিখে প্ৰেম সিং ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰীয়ে প্ৰতিষ্ঠা কৰিছিল। মহিলাৰী আছিল গোটটোৰ মুখ্য নেতা।
-
বড়ো সংস্কৃতি
বড়ো সংস্কৃতি অসমৰ বড়ো জনগোষ্ঠীৰ সংস্কৃতি। দীৰ্ঘদিন ধৰি বড়োসকল মীনপালন, হাঁহ-কুকুৰা, গাহৰি পালন, ধান-পাট খেতি, সুমথিৰা বাগিচাৰ প্ৰবল পৰম্পৰা থকা কৃষি সমাজত বাস কৰা কৃষক। তেওঁলোকে নিজেই নিজৰ পৰম্পৰাগত সাজ-পোছাক ঘৰতে তৈয়াৰ কৰে। বড়ো সকলৰ সমাজ সংস্কাৰ হৈছিল ব্ৰহ্ম ধৰ্মৰ যোগেদি।
-
বঢ়মপুৰ বিধানসভা সমষ্টি
বঢ়মপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Barhampur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।