পৃথিৱীৰ অসুখ (Prithivir Oxukh) হৈছে অসমৰ সাহিত্যিক, গল্পকাৰ তথা ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি অসমীয়া ভাষাৰ গল্প সংকলন। ষোল্লটা গল্প সন্নিৱিষ্ট হোৱা এই গল্প সংকলনখনি ১৯৭৯ চনত প্ৰকাশিত হৈছিল। সংকলনটিৰ বাবে তেখেতে ১৯৮০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।১
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: যোগেশ দাস
যোগেশ দাস (১৯২৭-১৯৯৯) হৈছে অসমৰ এজন চুটিগল্প আৰু ঔপন্যাসিক। তেখেতে ১৯৮০ চনত পৃথিৱীৰ অসুখ শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৮৫ চনত তেখেত অসম সাহিত্য সভাৰ বিহপুৰীয়া (নগৰ) অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।
গ্ৰন্থৰ চমু পৰিচিতি
পৃথিৱীৰ অসুখত মুঠতে ষোল্লটা গল্প সন্নিৱিষ্ট হৈছে।১
বঁটা আৰু সন্মান
গ্ৰন্থখনে ১৯৮০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৃথিৱীৰ অসুখ” প্ৰবন্ধৰ সংশোধন ২৫০৩৯২ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।