অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পাণবাৰী মছজিদ

পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ
পাণবাৰী মছজিদৰ ভিতৰভাগ
পাণবাৰী মছজিদৰ ভিতৰভাগছবি: Wahabdr · CC BY-SA 3.0

পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়।১২৩ এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত। ১৫ আৰু ১৬ শতিকাত নিৰ্মিত এই তিনিটা গম্বুজযুক্ত মছজিদে ইছলামীয় স্থাপত্যশৈলীৰ উল্লেখযোগ্য নিদৰ্শন পোৱা যায়। পাণবাৰী মছজিদে বংগৰ চুলতানৰ শাসন কালৰ স্থাপত্যৰ ঐতিহ্যপূৰ্ণ স্বাক্ষৰ বহন কৰিছে।

পাণবাৰী মছজিদ অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত অন্যতম। ইয়াৰ আশে-পাশে সিঁচৰত হৈ থকা ধ্বংসাৱশেষ সমূহ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।

নিৰ্মাণ

পাণবাৰী মছজিদ কেতিয়া কোনে নিৰ্মাণ কৰিছিল সঠিককৈ জনা নাযায়। কিছুমানৰ মতে পাণবাৰী মছজিদ ১৪৯৩ চনৰ পৰা ১৫১৯ চনৰ মাজত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নিৰ্মাণ কৰাইছিল।৪ তেওঁ কমতাপুৰ ৰাজ্য দখল কৰাৰ পিছত তেওঁৰ জয় উদযাপন কৰিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ এই মছজিদ নিৰ্মাণ কৰাইছিল।১ আন কিছুমানৰ মতে মোগোল শাসক ঔৰংজেৱৰ সেনাপতি আৰু বংগৰ নবাব মীৰজুমলায়ে অসম আক্ৰমণ কৰা কালছোৱাত ১৬৬২ চনত এই মছজিদ নিৰ্মাণ কৰাইছিল।১ মছজিদৰ কাষতে সম্ভৱত একে সময়তে নিৰ্মাণ কৰা এখন ঈদগাহ আৰু এটা দ কুঁৱা আছে। মজিদৰ পৰিসৰত পিছত নিৰ্মাণ কৰা খোজ কাঢ়িবলৈ পথ আৰু এটা মিনাৰ আছে।৫ মুঠ ১৫০ গৰাকী মানুহে ইয়াত একেসময়তে নামাজ পঢ়িব পাৰে।

পণবাৰী মছজিদ
পণবাৰী মছজিদছবি: Pinakpani · CC BY-SA 4.0

পটভূমি

কোঁচ ৰাজ্যৰ অন্তৰ্গত ৰঙামাটি এসময়ত সমৃদ্ধিশালী ঠাই আছিল। ই কোঁচ ৰাজ্যৰ সীমান্ত গড় আছিল। অসম আক্ৰমণকাৰী বংগৰ চুলতান আৰু মোগলেও ৰঙামাটি গড় ব্যৱহাৰ কৰিছিল। কিছুমানৰ মতে এই অঞ্চল আলাউদ্দিন হুছেইন শ্বাহৰ সদৰ আছিল। আৰু এই মছজিদ মুছলমান সেনা-জোৱানৰ উপাসনাস্থলী আছিল।৬

লোকবিশ্বাস মতে প্ৰায় ২০০ বছৰ আগতে স্থানীয়লোকসকলে পাণবাৰী পাহাৰত হাবিৰ মাজত মছজিদটোক উদ্ধাৰ কৰে। তেওঁলোকে ইয়াক চাফ-চিকুণ কৰি নামাজ পঢ়ে। বৰ্তমান এই অঞ্চল ধৰ্মীয় পৰ্যটন স্থলী হিচাপে পৰিগণিত হৈছে। এই অঞ্চলত চলোৱা খনন কাৰ্যত মোগল যুগৰ এখন নগৰৰ অৱশেষ, ইটাৰ বেদী, পোৰা মাটিৰ পাত্ৰ ইত্যাদি উদ্ধাৰ হৈছে।

পৰিচালনা

পাণবাৰী মছজিদ পৰিচালনা পণবাৰী মছজিদ পৰিচালনা কমিটিয়ে কৰে। কমিটিয়ে মছজিদৰ ইমাম আৰু অন্যান্য কৰ্মচাৰীক নিযুক্তি দিয়ে। ৰাইজৰ দান-বৰঙনি মছজিদৰ আয়ৰ মূল উৎস।

উৎসৱ

ইছলামৰ মূল উৎসৱ ঈদ-উল-ফিটৰ আৰু ঈদ-উল-জুহা পাণবাৰী মছজিদত উলহ/মালহেৰে উদযাপন কৰা হয়। দেশ-বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰীয়ে মছজিদলৈ আহে। প্ৰতি শুকুৰবাৰে জুম্মা নামাজ পঢ়িবলৈও ইয়ালৈ বহু লোকৰ সমাগম হয়।

যাতায়ত

পাণবাৰী মছজিদ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। ইয়ালৈ ধুবুৰী, গুৱাহাটী আৰু কোচ বিহাৰৰ পৰা নিয়মীয়া বাছ চলাচল কৰে। ই ফকীৰাগ্ৰাম ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৩০ কিঃমিঃ নিলগত। প্ৰায় ২০০ কিঃমিঃ নিলগত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আটাইতকৈ ওচৰৰ কাৰ্যক্ষম বিমানবন্দৰ।

তথ্যসূত্ৰ

  1. ↑ Rupkamal. (2011-06-03). A forgotten chapter of history – Panbari mosque. Its my northeast
  2. ↑ Panbari Tourism, Assam India, Mosque of Assam, Panbari Mosque, East India Tours, Alamganj in Panbari, Mughal City of Assam, Assam Tours. Indiainfoweb.com
  3. ↑ Dhubri - District in Assam, Indi. Gloriousindia.com
  4. ↑ Historic Panbari Masjid losing its glory, The Assam Tribune, Guwahat, 11 July 2011
  5. ↑ TwoCircles.net Two Circles+ Add Contact. Panbari Masjid in Dhubri, the oldest masjid in N-E India Photo by wap.indyarocks.com | Flickr - Photo Sharing!. Flickr
  6. ↑ Rangamati Mosque, INDIA the pristine beauty

সম্পৰ্কিত শ্ৰেণী

মছজিদঅসমৰ ধৰ্মীয় স্থানধুবুৰী জিলাঅসমৰ সংৰক্ষিত স্মৃতিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাণবাৰী মছজিদ” প্ৰবন্ধৰ সংশোধন ৩৮১৭১২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।