অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰদীপ চলিহা

প্ৰদীপ চলিহা (Pradip Chaliha, ১৯১৮-২০০৮ চন) হৈছে অসমৰ এগৰাকী সাহিত্যিক আৰু শিল্পী।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২১ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্ৰদীপ চলিহা (Pradip Chaliha, ১৯১৮-২০০৮ চন) হৈছে অসমৰ এগৰাকী সাহিত্যিক আৰু শিল্পী।১

জন্ম

প্ৰদীপ চলিহাৰ ১৯১৮ চনত অসমৰ যোৰহাট জিলাত জন্ম লাভ কৰে।

শিক্ষা

তেওঁ যোৰহাটতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। কটন কলেজত ও শিক্ষা লাভ কৰিছিল। কলিকতাৰ ছেইণ্ট পল কলেজত সুকুমাৰ কলা-সাধনা,মণিপুৰী,ভাৰত নাট্যম নৃতাধাৰাৰ শিক্ষা লয়।

কৰ্মজীৱন

শিক্ষা শেষ কৰি প্ৰদীপ চলিহাই ১৯৩৬-৩৭ চনত "প্ৰাচীন কামৰূপী নৃত্যসংঘ" নামৰ স্ংস্থাটোত এজন নৃত্য-নাট্য শিল্পীৰূপে যোগদান কৰে। ১৯৫৪ চনত "অসম সঙ্গীত-নাটক অকাডেমিত" সম্পাদক হিচাপে কায্য নিৱাহ কৰিছিল। "সদৌ অসম সঙ্গীত সন্মিলনি" নামৰ অনুষ্ঠানটোতওৰ কৰ্মত আছিল। গোলাঘাটৰ বঙালী থিয়েটাৰ হলত বঙালী ছাত্ৰ-ছাত্ৰীকো অসমীয়া গীত-পদ শিকোৱাৰ কাম হাতত লৈছিল।

সাহিত্যৰাজি

  1. "নন্দিকেশ্বৰৰ অভিনয় দৰ্পণৰ" অসমীয়া ৰূপান্তৰ ( অসম প্ৰকাশন পৰিষদ, ১৯৯৭)
  2. পুৰনি অসমৰ কৰিকৰী শিল্প (অসম বিজ্ঞান সমিতি, ১৯৯৮ )
  3. অধুনালুপ্ত নতুন "দৈনিক কাকতত" খণ্ড খণ্ডকৈ প্ৰকাশিত "অবিভক্ত অসমৰ জনজাতিসকলৰ জীৱন অৰু সংস্কৃতি।"
  4. জ্ঞানদীপ অলোচনীত প্ৰকাশিত "ভাৰতীয় মূৰ্তিশিল্প","ভাৰতীয় চিত্ৰশিল্পৰ ৰূপৰেখা", ভাৰতীয় মাৰ্গ সঙ্গীত বিৱতন।
  5. "নতুন দিন" কাকতৰ প্ৰকাশিত " চাহজনজাতীয় সংস্কৃতিৰ" বিষয়ে।

সন্মান

  1. ১৯৯৭ চনত অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদৰ ৰাভা বঁটা।
  2. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট।
  3. ১৯৯৯ চনত ৰাষ্ট্ৰীয় সঙ্গীত-নাটক অকাডেমিৰ বটা লাভ কৰে।

মৃত্যূ

২০০৮ চনত প্ৰদীপ চলিহাই মৃত্যূ বৰণ কৰে।

তথ্যসূত্ৰ

  1. ↑ কথা বৰেণ্য ১০০, শোণিত বিজয় দাস অৰু মুনিন বায়ন, প্ৰথম সংস্কৰন:২০০৬, পৃষ্ঠা নং:১৩৬-১৩৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদীপ চলিহা” প্ৰবন্ধৰ সংশোধন ২৯৭৩৪৬ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।