পূব কাৰ্বি আংলং অভয়াৰণ্য (East Karbi Anglong Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাৰ্বি আংলং-কাজিৰঙা লেণ্ডস্কেপৰ এটা উল্লেখযোগ্য অংশ।
ইতিহাস
ডিফু চহৰৰপৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত পূব কাৰ্বি আংলং অভয়াৰণ্যই কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ প্ৰায় ২২,১৮১ হেক্টৰ (22১.৮১ বৰ্গ কিঃ মিঃ) বনাঞ্চল আগুৰি আছে। ২০০০ চনৰ ২৭ জুলাই তাৰিখে অসম চৰকাৰে এক অধিসূচনাযোগে মিকিৰ পাহাৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া কিছু অৰণ্য অঞ্চল সাঙুৰি লৈ এই বনাঞ্চলখনক অভয়াৰণ্যলৈ উন্নীত কৰে। বনাঞ্চলখন কাৰ্বি আংলং পূৰ্ব সংমণ্ডলৰ অন্তৰ্গত। সাগৰপৃষ্ঠৰপৰা অভয়াৰণ্যখনৰ উচ্চতা ঠাই বিশেষে ৮০ৰ পৰা ৫০০ মিটাৰ।
ভৌগিলিক বিৱৰণ
পূব কাৰ্বি আংলং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২২১.৮১ বৰ্গকিলোমিটাৰ।১ ই গুৱাহাটী আৰু যোৰহাটৰ পৰা ক্ৰমান্বয়ে ১৯০ আৰু ১১০ কিমি দুৰত্বত অৱস্থিত।
জলবায়ু
অভয়াৰণ্যখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ অলপ কম, গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন ৬ চেণ্টিগ্ৰেড।
জৈৱবৈচিত্ৰ্য
উদ্ভিদ
বনাঞ্চলখনৰ অৰণ্যৰাজি প্ৰধানকৈ ক্ৰান্তীয় অৰ্ধ চিৰসেউজ আৰু ঠাইবিশেষে ক্ৰান্তীয় সেমেকা পৰ্ণপাতী অৰণ্য দেখিবলৈ পোৱা যায়। অভয়াৰণ্যখনত শলখ, খকন, ভেলেউ, নাহৰ, পমা, ঔটেঙা, শিলিখা, আম, চেগুন, গমাৰি, কঁঠাল আদিৰ উপৰি বিভিন্ন লতাজাতীয় উদ্ভিদ, তৃণজাতীয় উদ্ভিদ আদিও উপলব্ধ।
প্ৰাণী
হাতী, বনৰীয়া মেকুৰী, শৰপহু, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।২
চৰাই-চিৰিকটি
হাড়গিলা,পাতি শগুন, বৰটোকোলা,হাইঠা,গলমণিকা ইত্যাদি।
সৰীসৃপ
ফেঁটীসাপ, পাইথন, পাহাৰীয়া কাছ, গুইঁ ইত্যাদি।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব কাৰ্বি আংলং অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭১৩২ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।