পখিলা লেকথেপী (Pokhila Lekthepi, জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। কাৰ্বি সংগীতজগতত তেওঁ চাৰি দশকৰো অধিক কালজুৰি সংগীতৰ চৰ্চা কৰি আহিছে।১ তেওঁ বৰ্তমানলৈকে প্ৰায় তিনি শতাধিক গীতত কণ্ঠদান কৰিছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনত হিলছ আইডলে তেওঁক ‘কুইন অৱ মেল’ডী’ উপাধিৰে সন্মানিত কৰে। ২০০৯ চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক ‘স্বভাৱ শিল্পী অমূল্য কাকতি স্মৃতি বঁটা’ প্ৰদান কৰে। ২০১৮ চনত গুৱাহাটী শোধনাগাৰে তেওঁলৈ প্ৰথমবাৰৰ বাবে ‘লুইত গৌৰৱ’ সন্মান প্ৰদান কৰে। ২০২৩ চনৰ ১৭ জানুৱাৰী তাৰিখে অসম চৰকাৰে তেওঁক কাৰ্বি সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে।২ ২০২৪ চনত তেওঁ অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা বঁটা লাভ কৰে।৩
২০২৬ চনত ভাৰত চৰকাৰে তেখেতলৈ সন্মানীয় পদ্মশ্ৰী সন্মান আগবঢ়ায়। কলা শিতানত তেখেতলৈ এই সন্মান আগবঢ়োৱা হয়।৪
প্ৰাৰম্ভিক জীৱন
কাৰ্বি আংলং জিলাৰ ডকমোকা মূল বজাৰৰ সমীপৰ দুপৰ তিমুং গাঁৱত পখিলা লেকথেপীৰ জন্ম হৈছিল। শৈক্ষিক নথি অনুসৰি তেওঁৰ জন্ম ১৯৬২ চনত হৈছিল। অৱশ্যে তেওঁ বহু পলমকৈ বিদ্যালয়ত নামভৰ্তি কৰাৰ বাবে তেওঁৰ জন্ম ১৯৫২ চনৰ আশে-পাশে বুলি উল্লেখ কৰিছে। তেওঁৰ পিতৃৰ নাম আছিল মুখিম লেকথে আৰু মাতৃৰ নাম বাছদয় তিমুংপি। ঘৰখনৰ একমাত্ৰ সন্তান পখিলাৰ পিতৃ-মাতৃও গান গোৱাৰ প্ৰতি আগ্ৰহী আছিল।১
সেই সময়ত গাঁৱে-ভূঞে পৰিবেশন কৰা নাটকত পখিলাৰ পিতৃয়ে সংগীত পৰিবেশন কৰিছিল। গতিকে স্বাভাৱিকতে সংগীতৰ প্ৰতি নিচেই কম বয়সতে আকৰ্ষিত হয় পখিলা। তেওঁ শৈক্ষিক জীৱন আৰম্ভ কৰা প্ৰাথমিক বিদ্যালয়খনত আগতে প্ৰতি শনিবাৰে গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। তেওঁৰ মাত ভাল হোৱা দেখি শিক্ষকসকলে তেওঁক প্ৰতিযোগিতাত যোগদান কৰিবলৈ কৈছিল। তেওঁ মাক-দেউতাকক এই বিষয়ে কোৱাত দেউতাকে নাটকবোৰত গোৱা গীতবোৰ আনন্দৰে শিকাইছিল।১
কৰ্মজীৱন
১৯৬৪ চনত ডিফু কাৰ্বি ক্লাবত অনুষ্ঠিত হোৱা প্ৰথম কাৰ্বি যুৱ মহোৎসৱৰ সময়ত সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। কেইবাটাও প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰা পখিলা লেকেথেপীয়ে পিছলৈ নিজাকৈ গীতো ৰচনা কৰিছিল।১
১৯৭৬ চনত তেওঁ ডিফুত অনুষ্ঠিত কাৰ্বি যুৱ মহোৎসৱত প্ৰথম ‘কাৰবি কুংগ্ৰিপি বঁটা’ লাভ কৰে। ১৯৭৮ চনত ডংকামোকামত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সময়ত তেওঁ দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰিছিল। তাৰ পিছত তেওঁ আকাশবাণীত গীত গোৱাৰ সুযোগ লাভ কৰে। ডংকামোকামত তেওঁৰ কণ্ঠ শুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি শাখাৰ সঞ্চালকে তেওঁক ৰেডিঅ'ত গীত গোৱাৰ সুযোগ দিয়ে।১
সেই সময়ত কাৰ্বি ভাষাত আধুনিক গীত নাছিল। পখিলা লেকথেপীয়ে কাৰ্বি আধুনিক গীতৰ নতুন ধাৰাৰ সৃষ্টি কৰে। সেই সময়ত জয়ছিং ৰংপিয়ে গীতৰ কথা লিখিছিল আৰু লেকথেপীয়ে গীতবোৰত সুৰ দিছিল। কাৰ্বি ভাষাত পখিলা লেকথেপীৰ প্ৰথমখন কেছেট ‘কংঘোন’ আছিল। এই শ্ৰাব্য কেছেটত পখিলাৰ লগত বিদ্যাসিং ৰংপিয়েও গীত গাইছিল। তেওঁ জুবিন গাৰ্গকে ধৰি অসমৰ বহুকেইগৰাকী শিল্পীৰ সৈতে একেলগে গীত গাইছে।১
বঁটা আৰু সন্মান
কাৰ্বি লোকসংগীত আৰু আধুনিক গীতৰ ক্ষেত্ৰখনলৈ পখিলা লেকথেপীয়ে অনবদ্য অৱদান আগবঢ়াইছে। তেওঁক কাৰ্বি লোকসংগীত প্ৰচাৰ আৰু প্ৰসাৰৰ কৃতিত্ব প্ৰদান কৰা হয়। তদুপৰি কাৰ্বি আধুনিক গীতৰ ধাৰা সৃষ্টিৰ জৰিয়তে তেওঁ কাৰ্বি গীত-মাতৰ ব্যাপক জনপ্ৰিয়তাৰ দিশত অৰিহণা যোগাইছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনত হিলছ আইডলে তেওঁক ‘কুইন অৱ মেল’ডী’ উপাধিৰে বিভূষিত কৰে। ২০০৯ চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক ‘স্বভাৱ শিল্পী অমূল্য কাকতি স্মৃতি বঁটা’ প্ৰদান কৰে। ২০১৮ চনত গুৱাহাটী শোধনাগাৰে তেওঁক প্ৰথমবাৰৰ বাবে ‘লুইত গৌৰৱ’ সন্মান প্ৰদান কৰে।৫ ২০২৩ চনৰ ১৭ জানুৱাৰী তাৰিখে অসম চৰকাৰে তেওঁক কাৰ্বি সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে।৬ ২০২৪ চনত অসম চৰকাৰে তেওঁ ২০২৩ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা বঁটা প্ৰদান কৰে।৭
তথ্যসূত্ৰ
- ↑ (3 July 2023). কাৰ্বি সমাজত আধুনিক গীতৰ ধাৰা সৃষ্টি কৰা শিল্পীগৰাকী. assam.news18.com
- ↑ (18 January 2023). Silpi award for Karbi folk singer Pokhila Lekthepi. thehillstimes.in
- ↑ (13 February 2024). Assam Gaurav award bestowed to 17 personalities in various fields. indiatodayne.in
- ↑ (25 Jun 2026). Padma Awards 2026 announced
- ↑ (18 April 2018). Guwahati Refinery institutes Luit Gaurab Award. sentinelassam.com
- ↑ (17 January 2023). Silpi Divas 2023: Significance, History, Celebration. pratidintime.com
- ↑ (16 January 2024). Assam CM Announces Names of Recipients for State's Highest Civilian Awards. pratidintime.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পখিলা লেকথেপী” প্ৰবন্ধৰ সংশোধন ৬১৪৬৩৪ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।