পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ (১৮৬৮-১৯৩৮)১ এজন ভাৰতীয় ইতিহাসবিদ৷ তেওঁৰ জন্ম চিলেটত (এতিয়াৰ বাংলাদেশত)৷ তেওঁ ঘাইকৈ প্ৰাচীন কামৰূপৰ বিষয়ে গৱেষণা কৰিছিল৷ তেওঁ অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হোৱাৰ লগতে কামৰূপ অনুসন্ধান সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ কটন কলেজত অধ্যাপনা কৰিছিল৷ তেওঁৰ উল্লেখযোগ্য কৰ্মৰাজিসমূহ হ’ল কামৰূপ শাসনাৱলী,২ ৰামকৃষ্ণ-বিবেকানন্দ প্ৰসংগ, Mr. Gait's History of Assam: A Critical Study, আৰু ভাৰতীয় পুৰাতত্ব বিভাগৰ জাৰ্ণাল Epigraphia Indica দ্বাদশ খণ্ডত গৱেষণাপত্ৰ৷৩ গেইটে লিপিবদ্ধ কৰা অসমৰ ঐতিহাসিক ঘটনাৱলী আৰু সেইবোৰৰ অৰ্থ সম্পৰ্কে বিদ্যাবিনোদ অসন্তুষ্ট আছিল আৰু তীব্ৰ সমালোচনা কৰিছিল।১ তেওঁ নিয়মীয়াকৈ কামৰূপৰ শিলালিপি আৰু ফলিসমূহৰ আৱিষ্কাৰ আৰু পাঠোদ্ধাৰৰ কামত অংশ লৈছিল৷
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ” প্ৰবন্ধৰ সংশোধন ৩০২৭০৩ (৩ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।