অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূৰ্ণকান্ত বুঢ়াগোহাঞি

পূৰ্ণকান্ত বুঢ়াগোহাঞি (Purna Kanta Buragohain; ১৮৯০- ১৯৫৮) তাই আহোম জনগোষ্ঠীৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল। ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি টাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্পৰ্কে অধ্যয়ন…

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

পূৰ্ণকান্ত বুঢ়াগোহাঞি (Purna Kanta Buragohain; ১৮৯০- ১৯৫৮) তাই আহোম জনগোষ্ঠীৰ আদি বুৰঞ্জীৰ এজন নীৰৱ সাধক আছিল। ১৯৩৩ চনৰ পৰা ১৯৪২ চনলৈকে সুদীৰ্ঘ ন বছৰ কাল ম্যানমাৰ, থাইলেণ্ড আৰু চীন দেশত থাকি বিভিন্ন অঞ্চল ভ্ৰমণ কৰি টাই জাতিৰ আদি বাসস্থান, শাসন নীতি, ৰাজ্য বিস্তাৰ, ধৰ্ম আৰু কৃষ্টি সম্পৰ্কে অধ্যয়ন কৰিছিল। বহুদিন ধৰি বিদেশত থকা বাবে তেওঁ "ফকীৰ" আৰু পিছলৈ "বাবাজী গোঁহাই" নামেৰে পৰিচিত হৈছিল।১

চমু জীৱনী

পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ ১৮৯০ চনৰ ১০ ফেব্ৰুৱাৰীত যোৰহাটত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম সোৰোপা বুঢ়াগোহাঞি আছিল। তেখেতৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাছিল যদিও ইংৰাজী ভাষা আৰু বঙালী ভাষাও সুন্দৰকৈ কব আৰু লিখিব পাৰিছিল। তাই শ্ব্যান ভাষাতো তেখেতৰ যথেষ্ট ব্যুৎপত্তি আছিল। ১৯৩০ চনত তেওঁ যোৰহাটৰ পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ ভিতৰুৱা অঞ্চলত নিগাজিকৈ থাকিবলৈ লয়। ১৯৩৩ চনৰ ১ এপ্ৰিলৰ দিনা তেখেতে যোৰহাট হৈ মণিপুৰেদি বৰ্মালৈ গমন কৰে। তাত তেওঁ ন বছৰ কাল থাকি বৰ্মা, শ্ব্যান আৰু চীন দেশৰ য়ুন্নান প্ৰদেশ ভ্ৰমণ কৰি তাই জাতিৰ বিষয়ে বহুতো মূল্যবান তথ্য সংগ্ৰহ কৰে। ১৯৪৬ চনত তেওঁ "অহমৰ আদি বুৰঞ্জী" নামৰ পুথিখন প্ৰকাশ কৰে। ১৯৫৮ চনৰ ৩১ মাৰ্চত পূৰ্ণকান্ত বুঢ়াগোহাঞিদেৱৰ দেহাৱসান ঘটে। ১৯৫৯ চনৰ সদৌ অসম সাহিত্য সভাৰ নগাওঁ অধিবেশনত তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰা হৈছিল।২

সাহিত্যিক অৱদান

প্ৰবন্ধ

  • অহমৰ আদি বুৰঞ্জী
  • সচিত্ৰ ব্ৰহ্মদেশ ভ্ৰমণ
  • বৰ্মদেশ অভিমুখে ডিমাপুৰত
  • ইন্দাগাই হ্ৰদঃ হ্ৰদৰ পূজা
  • পুনৰ বৰ্মদেশ বুলি মণিপুৰ অভিমুখে
  • মান্দালয়ত অসমীয়া গাঁও
  • দক্ষিণ শ্ব্যান দেশঃ তাই শ্ব্যানৰ প্ৰাণকেন্দ্ৰ তোংজিত
  • তাই জাতিৰ ৰাজনীতি আৰু ধৰ্মনীতি
  • ভগনীয়াৰ দিন পঞ্জীকা

বুঢ়াগোহাঞিয়ে ম্যানমাৰত কটোৱা ন বছৰৰ অভিজ্ঞতাৰে লিখা পাত্‌কাইৰ সিপাৰে ন বছৰ গ্ৰন্থখন ১৯৯৩ চনত প্ৰকাশ পায়। এইখনে তেওঁক অসমীয়া সাহিত্যত অনন্য পৰিচিতি প্ৰদান কৰে।৩

সন্মান

  • পূৰ্ণকান্ত বুঢ়াগোহাঞিদেৱ আহোম সভাৰ সক্ৰিয় সভ্য আছিল।৪
  • তেখেত ডিব্ৰুগড় জৰ্জকৰ্টৰ জুৰিৰ সভ্য আছিল।৫

তথ্যসূত্ৰ

  1. ↑ গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  2. ↑ গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  3. ↑ গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ১৯-২৩
  4. ↑ গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ২৩
  5. ↑ গগৈ, পুস্প (১৯৯৩). পাত্‌কাইৰ সিপাৰে ন বছৰ. পূৰ্বাঞ্চল তাই সাহিত্য সভা, ধেমাজী. পৃ: ২৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমীয়া প্ৰবন্ধকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰ্ণকান্ত বুঢ়াগোহাঞি” প্ৰবন্ধৰ সংশোধন ৪৭৯২৩৬ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।