পানীটেঙা বা বেহুৱা এবিধ অসমীয়া মুখৰোচক খাদ্য। ইয়াৰ প্ৰধান উপাদান হৈছে সৰিয়হ আৰু লাইশাকৰ গুটি।
প্ৰস্তুত প্ৰণালী

পানীটেঙা প্ৰস্তুত কৰিবৰ বাবে যাৱতীয় সামগ্ৰীসমূহ হৈছে সৰিয়হৰ গুটি, লাইশাকৰ গুটি (সৰিয়হৰ ১/৪ অংশৰ সমান), কাজিনেমু (বা থেকেৰা), নিমখ আৰু কলপাত।
প্ৰথমেই সৰিয়হ আৰু লাইশাকৰ গুটিখিনি ভালদৰে ধুই একেলগ কৰি ৰ'দত শুকুৱাই লোৱা হয়। পানীভাগ সম্পূৰ্ণৰূপে শুকোৱাৰ পিছত ইয়াক ঢেঁকীত খুন্দি মিহিকৈ গুড়ি কৰা হয়। প্ৰয়োজন অনুসাৰে চালনীৰে চালি ভাঙি নোযোৱা টুকুৰা আৰু অপদ্ৰৱ্যসমূহ আঁতৰাব লাগে। গুড়িখিনিত কাজিনেমুৰ ৰস আৰু নিমখ মিহলাই হাতেৰে এমুঠি হোৱাকৈ লাড়ু বনোৱা হয়। নেমুৰ ঠাইত জুইত পোৰা থেকেৰাও ব্যৱহাৰ কৰিব পাৰি। সৰিয়হ আৰু লাইগুটিৰপৰা ওলোৱা তেলৰ কণিকাই লাড়ুটো বান্ধি ৰখাত সহায় কৰে। এই এমুঠীয়া লাড়ুবোৰ পাছত কলপাতেৰে ভালদৰে মেৰিয়াই বান্ধি পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ ৰখা হয়। তিনি বা চাৰিদিনৰ পিছতে পানীটেঙা খাবৰ উপযোগী হৈ উঠে। এনেদৰে তৈয়াৰ কৰা পানীটেঙা ১8/১৫ দিন পৰ্যন্ত বা কেতিয়াবা ততোধিক দিন ভালে থাকে।১
পৰিৱেশন
পানীটেঙাক ভাতৰ লগত শুদাকৈ নাইবা পোৰামাছ বা পোৰাআলুৰ সৈতে পিটিকি পৰিৱেশন কৰা হয়। কিছু কিছু অঞ্চলত পইতা ভাতৰ লগতো পৰিৱেশন কৰা হয়।
তথ্যসূত্ৰ
- ↑ (2014). Pani Tenga (Tangy Mustard Chutney). Assamese Cuisine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানীটেঙা” প্ৰবন্ধৰ সংশোধন ৪৩৫৫৩৯ (৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।