অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পুৰাং আপিন

পুৰাং আপিন হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এবিধ পৰম্পৰাগত খাদ্য। ই মূলতঃ চাউলৰ পৰা তৈয়াৰী এক আহাৰ। এই খাদ্যবিধ বৰা বা লাহী চাউল তৰাপাতত মেৰিয়াই পানীত উতলাই সিজাই প্ৰস্তুত কৰা হয়। আলি আঃয়ে লৃগাং আদি বিভিন্ন উৎসৱ-পাৰ্বনৰ উপৰিও অন্যান্য উপলক্ষত পুৰাং আপিন প্ৰস্তুত কৰা হয়।

হালনাগাদ: ২২ মে’ ২০২৫ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পুৰাং আপিন হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এবিধ পৰম্পৰাগত খাদ্য। ই মূলতঃ চাউলৰ পৰা তৈয়াৰী এক আহাৰ। এই খাদ্যবিধ বৰা বা লাহী চাউল তৰাপাতত মেৰিয়াই পানীত উতলাই সিজাই প্ৰস্তুত কৰা হয়। আলি আঃয়ে লৃগাং আদি বিভিন্ন উৎসৱ-পাৰ্বনৰ১২ উপৰিও অন্যান্য উপলক্ষত পুৰাং আপিন প্ৰস্তুত কৰা হয়। পিতাং অয়িং বা অন্যান্য আমিষ আৰু নিৰামিষ ব্যঞ্জনৰ সৈতে পুৰাং আপিন পৰিৱেশন কৰা হয়। এই ব্যঞ্জনবিধৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে তৈয়াৰ কৰা টোপোলা ভাতৰ সাদৃশ্য দেখা যায়।৩

প্ৰস্তুত প্ৰণালী

পুৰাং আপিন প্ৰকৃতাৰ্থত তৰাপাতত বান্ধি সিজোৱা ভাত।৪ ইয়াক প্ৰস্তুত কৰিবলৈ মূলতঃ ‘আমপি আমবৃন’ অৰ্থাৎ বৰা চাউল বা লাহী চাউলৰ প্ৰয়োজন হয়।১ চাউলখিনি প্ৰথমে ধুই লৈ কিছুসময় পানীত তিয়াই ৰখা হয়। এই চাউলখিনি পানীৰ পৰা উঠাই নিৰাই লোৱা হয়। ইয়াৰ পিছত চাৰিখিলা তৰাগছৰ পাত দুখিলা দুখিলাকৈ অথালি-পথালিকৈ লৈ অলপ অলপ চাউল দি তাৰে টোপোলা বন্ধা হয়। সাধাৰণতে তৰাগছৰ পৰা উলিওৱা বা কলপাতৰ ঠাৰি এই টোপোলাসমূহ বান্ধিবলৈ ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বাবে সূতাও ব্যৱহাৰ কৰিব পাৰি। এতিয়া এটা দ পাত্ৰত পানী ভৰাই লৈ জুইত উতলিবলৈ দিয়া হয়। ইয়াৰ পিছত এটা এটাকৈ এই টোপোলাসমূহ উতলা পানীত সিজিবলৈ দিয়া হয়। দহ মিনিটমান উতলাৰ পিছত টোপোলাকেইটা লুটিয়াই দিয়া হয়। এনেদৰে ২০-২৫ মিনিটত পুৰাং আপিন খাব পৰাকৈ সিজে। তেতিয়া ইয়াক পানীৰপৰা উলিয়াই কিছু সময় ৰাখি পানী শুকাই গ'লে বিভিন্ন আমিষ আৰু নিৰামিষ ব্যঞ্জনৰ সৈতে পৰিৱেশন কৰা হয়। গাহৰিৰ ব্যঞ্জন, মাটিৰ দাইল, আলু ভাজি আদি ইয়াৰ সৈতে পৰিৱেশন কৰিব পাৰি। বিকল্পভাৱে ইয়াক গাখীৰ আৰু গুড়ৰ লগতো খাব পৰা যায়।৩ মাঙ্গলিক কৰ্মৰ লগতে আলি আঃয়ে লৃগাঙত ৰন্ধা পুৰাং আপিনৰ সৈতে খাবলৈ বিশেষভাৱে মাটি মাহত কচুৰ আগ, শুকান মাছ বা মাংস খাৰ দি ৰন্ধা হয়। এই মাছ বাকলি থকা আৰু বগা ৰঙৰ হ'ব লাগে।১

আলি আঃয়ে লৃগাং

মিচিংসকলৰ প্ৰধান লোক-উৎসৱ আলি আঃয়ে লৃগাঙত পুৰাংঙ আপিন খাদ্য ৰূপে গ্ৰহণ কৰা উপৰিও বিভিন্ন ব্যঞ্জনৰ সৈতে ‘উৰম আপিন’ অৰ্থাৎ প্ৰেতাত্মালৈ আগবঢ়োৱা হয়। পূৰ্ব-পুৰুষসকলৰ আত্মাই যাতে কষ্ট নাপায় আৰু সদায় তেওঁলোকৰ সতি-সন্ততিসকলৰ মংগল কামনা কৰি থাকে সেই উদ্দেশ্যৰেই এই উছৰ্গা আগবঢ়োৱা হয়।৫

বৰ্তমান সময়ত লৃগাঙৰ উপৰিও বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান বা বিভিন্ন উপলক্ষত পুৰাং আপিনেৰে অতিথি অভ্যৰ্থনা কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ পঙ্কজ বৰুৱা. (14 February 2020). মিচিং সম্প্ৰদায়ৰ কৃষি ভিত্তিক উৎসৱ আলি আই লৃগাং. monikut.com
  2. ↑ Fairs and Festivals. assam.gov.in
  3. ↑ Ranita Ray. (7 December 2022). A Must-Try Purang Apin Recipe Of Assam's Mising Community. Slurrp.com
  4. ↑ (21 Feb 2020). মিচিং সমাজৰ উলাহৰ উৎসৱ – আলি আঃয়ে লৃগাং আৰু পঃৰাগ. blog.mygov.in
  5. ↑ নীতা চক্ৰবৰ্ত্তী. (15 February 2023). আজি ‘আলি-আয়ে-লৃগাং’। মিচিং সকলৰ ঋতুকালীন উৎসৱ আলি-আয়ে-লৃগাং. voice24x7.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ খাদ্যমিচিং জনগোষ্ঠীমিচিং খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰাং আপিন” প্ৰবন্ধৰ সংশোধন ৫১১২৪৫ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।