অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
বনচিৰিকা
বনচিৰিকা ( Eurasian tree sparrow, বৈজ্ঞানিক নাম: Passer montanus) ঘৰচিৰিকা গোত্ৰৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মূৰৰ ওপৰ অংশ (crown) গাঢ় ৰঙা-মটিয়া ( Chestnut) বৰণৰ৷ মতা-মাইকী দুয়োৰে বাহ্যক গঠন একে হয়৷ পোৱালিৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ পাতল হোৱা দেখা যায়৷ ইহঁতে গছৰ খোৰোং বা প্ৰাকৃতিক সুৰঙা…
-
বনশাক
স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰ পৰা অসমৰ লোক-সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে। এই খাদ্য সামগ্ৰীবিলাক পুৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ।
-
বনিলী খ’ঙমেন
বনিলী খ’ঙমেন ( Bonily Khongmen; জন্ম: কাবন নেলি টুমুংপি; ২৫ জুন ১৯১২ – ১৭ মাৰ্চ ২০০৭)এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছিল[1] ১৯৫২ চনত অসমৰ স্বায়ত্তশাসিত জিলা সমষ্টিৰ পৰা সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
ববী শৰ্মা বৰুৱা
ববী শৰ্মা বৰুৱা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ চলচ্চিত্ৰৰ মাধ্যমেৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক বিষয়সমূহ দাঙি ধৰে। তেওঁৰ প্ৰথমখন ছবি হৈছে অদম্য।
-
বলিনাৰায়ণ বৰা
বলিনাৰায়ণ বৰা (Bolinarayan Borrah; ১৮৫২-১৯২৭) বৰ অসমৰ প্ৰথমজন অভিযন্তা, সাহিত্যিক আৰু সাংবাদিক। তেখেত মৌ (আলোচনী)ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
-
বসন্ত কুমাৰ শৰ্মা
বসন্ত কুমাৰ শৰ্মা (Basanta Kumar Sharma) এগৰাকী সাহিত্যিক, সমালোচক, সম্পাদক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক। তেখেতে গ্ৰন্থ প্ৰকাশক ৰূপেও অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়াইছে। তেখেতৰ জন্ম হৈছিল নলবাৰী জিলাৰ বিহামপুৰ অঞ্চলত। জন্মৰ তাৰিখি ১ ছেপ্টেম্বৰ, ১৯৪৫ চন।
-
বাঁহ পূজা
বাঁহ পূজা অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ এটি উল্লেখযোগ্য লোকানুষ্ঠান। মদন চতুৰ্দশীৰ দিনা এই পূজা এই জিলাত অনুষ্ঠিত হয়। নাৰীৰ প্ৰৱেশ ৰুদ্ধ এই পূজাত বাঁহ এডালক সুসজ্জিত কৰি বাঁহৰ জন্মৰপৰা চিতা নিৰ্মাণলৈকে সমস্ত কথাকে গীত আৰু নৃত্যৰ যোগেদি প্ৰকাশ কৰাটো বাঁহ পূজাৰ আকৰ্ষক দিশ।
-
বাওখুংৰি বিধানসভা সমষ্টি
বাওখুংৰি বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা উপত্যকা বা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
বাবুল ফুকন
বাবুল ফুকন (Babul Phukan) অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
-
বামুণ বগলী
বামুণ বগলী (Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷
-
বাম্বোলপিটা গীত
বাম্বোলপিটা গীত ভাদমাহৰ পূৰ্ণিমা তিথিত গৰখীয়াসকলে গোৱা এক বিশেষ শ্ৰেণীৰ গীত। দৰং জিলাৰ পশ্চিম অঞ্চলত বিশেষকৈ হালধা, বিষ্ণুপুৰ, বুঢ়া, কুঁহিয়াৰকুছি, বামুনঝাৰ, খৈৰাবাৰী আদি অঞ্চলত ইয়াৰ প্ৰভাৱ বেছি দেখিবলৈ পোৱা গৈছিল। কোনো কোনো অঞ্চলত বাম্বোলপিটাক বাম্বোল খেদা বা হেপৰপিটা গীত বুলিও জনা যায়।
-
বালিপৰা
বালিপৰা অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি অঞ্চল। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ঠিক সোঁমাজতে বালিপৰা অঞ্চলটোৰ অৱস্থিতি। জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা বালিপৰাৰ দূৰত্ব ২৩ কিলোমিটাৰ।
-
বাসুদেৱ দৌল
বাসুদেৱ দৌল (Vasudev Doul; বাসুদেৱ দ'ল হিচাপেও উচ্চাৰিত) অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী অঞ্চলত অৱস্থিত এটি প্ৰাচীন দৌল (বা মন্দিৰ)। এই দৌলটো ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ অধীনত অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহ (State Protected Monument in India)-ৰ ভিতৰত অন্যতম।
-
বাহক
বাহক হৈছে ভাৰত উপমহাদেশত পোৱা একপ্ৰকাৰৰ ভেষজ উদ্ভিদ। এই উদ্ভিদ সাধাৰণতে দুই প্ৰকাৰৰ। বগা বাহক আৰু ৰঙা বাহক বা তিতাফুল। ভাৰত উপমহাদেশৰ প্ৰায় সৰ্বত্ৰ এই উদ্ভিদ জন্মে। হিন্দীত ইয়াক কোৱা হয় ‘আডুছা’, ‘বানছা’ অথবা ‘ভাছিকা’। সংস্কৃত নাম ‘বাসক’ৰ ভিত্তিত ইয়াৰ ব্যৱসায়িক নাম “বাহক”।
-
বাহাদুৰ গাঁওবুঢ়া
বাহাদুৰ গাঁওবুঢ়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম ১৮১৯ চনত হৈছিল। তেখেতৰ প্ৰকৃত নাম শ্বেইখ বাহদিল। তেখেতৰ পৰিয়ালে পৰম্পৰাগতভাৱে "আখৰকটা বৰুৱা"ৰ পদবী পাইছিল আৰু সত্ৰসমূহৰ অধিকাৰ বা সত্ৰাধিকাৰসমূহক মাটিৰ অনুমোদন জনোৱা তাম্ৰফলি লিখাৰ দায়িত্ব এই পৰিয়ালৰ ওপৰত ন্যস্ত আছিল।
-
বাৰীসুন্দৰী
বাৰীসুন্দৰী(Asian Paradise Flycatcher, বৈজ্ঞানিক নাম-Terpsiphone paradisi) এটা মজলীয়া আকাৰৰ আৰু এছিয়া মহাদেশৰ স্থানীয় চৰাইৰ প্ৰজাতি। বাৰীসুন্দৰীৰ মতা চৰাইৰ নেজ অতি দীঘল। কিছুমানত ই মাখন বৰণীয়া আৰু অন্য কিছুমানত ইয়াৰ বৰণ বগা হয়।
-
বিজনী বিধানসভা সমষ্টি
বিজনী বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬খন একক প্ৰতিনিধিত্বমূলক বিধানসভা সমষ্টিৰ অন্যতম। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা খণ্ডৰ ভিতৰত এটা। ১৯৫১ চনত এই সমষ্টিটো প্ৰতিষ্ঠা কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া অনুসৰি এই সমষ্টিটো পুনৰ গঠন কৰা হয়।
-
বিজনী মহাবিদ্যালয়
বিজনী মহাবিদ্যালয় ভাৰত-ভূটান সীমান্তত বিজনী নামৰ ঠাইত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
বিনয় কুমাৰ শইকীয়া
ড॰ বিনয় কুমাৰ শইকীয়া (Binoy Kumar Saikia) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ বৰ্তমান অসমৰ যোৰহাটত অৱস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ কয়লা ৰসায়ন বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী।
-
বিনীতা বৰগোহাঁই
বিনীতা বৰগোহাঁই (Binita Borgohain) অসমৰ এগৰাকী অভিনয় শিল্পী। তেওঁ মূলতঃ ১৯৭৫ চনত মুক্তিলাভ কৰা আব্দুল মজিদ পৰিচালিত চামেলি মেমচা'ব চলচ্চিত্ৰৰ নাম-ভূমিকাত অভিনয় কৰাৰ বাবে পৰিচিত। ইয়াৰোপৰি তেওঁ সত্ৰীয়া নৃত্য আৰু নাটকৰো অনুশীলন কৰিছিল।
-
বিন্নাকান্দি বিধানসভা সমষ্টি
বিন্নাকান্দি বিধানসভা সমষ্টি (ইংৰাজী: Binnakandi Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত হোজাই জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়।
-
বিপ্লৱী (চলচ্চিত্ৰ)
বিপ্লৱী (Biplobi) ১৯৫০ চনত মুক্তি পোৱা অসিত সেন পৰিচালিত আৰু কৃষ্ণা ফিল্মচৰ বেনাৰ কালীপ্ৰসাদ বিহানীৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া কথাছবি। বিপ্লৱী আছিল পিছলৈ বঙালী আৰু হিন্দী চলচ্চিত্ৰৰ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰা পৰিচালক অসিত সেনৰ প্ৰথম ছবি।
-
বিলম্বি টেঙা
বিলম্বি টেঙা বা বিলম্বি (bilimbi', cucumber tree, tree sorrel, বৈজ্ঞানিক নাম: Averrhoa bilimbi) Oxalidaceae পৰিয়ালৰ এবিধ ফলসম্ভৱা গছ। ই কৰ্দৈ গছৰ নিকট সম্পৰ্কীয় উদ্ভিদ।
-
বিলাতৰ চিঠি
বিলাতৰ চিঠি গ্ৰন্থখন হৈছে পত্ৰধৰ্মী ভ্ৰমণ সাহিত্যৰ অন্তৰ্গত এখন পুথি৷ গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে লিখিছে৷ এই পত্ৰবোৰ লেখকে বাঁহী কাকতলৈ প্ৰথমতে পঠিয়াইছিল৷ ধাৰাবাহিকভাৱে বাঁহীৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাৰ (১৯০৯ চন) পৰা প্ৰকাশ হয়।
-
বিল্বেশ্বৰ দেৱালয়
বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে।
-
বিশেষণ পদ
বিশেষণ পদ বা বিশেষণ হৈছে সেই শব্দ, যি কোনো বিশেষ্য বা সৰ্বনামৰ গুণ, অৱস্থা, আকাৰ, সংখ্যা, ৰং, গুণবাচক বৈশিষ্ট্য আদি বুজায়। বিশেষণ পদে কোনো বস্তু বা ব্যক্তিৰ স্বভাৱ বা বৈশিষ্ট্য স্পষ্ট কৰি তোলে।
-
বিশ্বনাথ মন্দিৰ
বিশ্বনাথ মন্দিৰ শোণিতপুৰ জিলাৰ বিশ্বনাথ ঘাটত অৱস্থিত এটা মন্দিৰ। সম্ভৱত ৬৫০-৯৯০ খ্ৰীঃ ত শালস্তম্ভ বংশৰ ৰজাসকলে পোনপ্ৰথমে বিশ্বনাথৰ নামত শৈলমন্দিৰ স্থাপন কৰিছিল।
-
বিশ্বেশ্বৰ হাজৰিকা
বিশ্বেশ্বৰ হাজৰিকা (Bisweswar Hazarika) হৈছে অসমৰ এগৰাকী সাহিত্যিক, অধ্যাপক আৰু ভাষাতত্ত্ববিদ। অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক ২০১৪ চনত অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে।
-
বিষ্ণু ৰাভা দিৱস
বিষ্ণু ৰাভা দিৱস বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো অসমত ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰা হয়। প্ৰত্যেক বছৰৰ ২০ জুন তাৰিখে এই দিনটো চৰকাৰী কাৰ্যসূচী হিচাপে শিক্ষানুষ্ঠানসমূহৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে উলহ-মালহেৰে পালন কৰি আহিছে।
-
বিহপুৰীয়া বিধানসভা সমষ্টি
বিহপুৰীয়া বিধানসভা সমষ্টি (ইংৰাজী: Bihpuria Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও লখিমপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।