নৰেন্দ্ৰ চন্দ্ৰ হাজং ( Narendra Chandra Hajong): এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক আছিল। তাৰ উপৰিও তেওঁ সমাজৰ সেৱা কৰিছিল। তেওঁৰ হাজং ভাষাৰ "জিলমিল জিলমিল চাৰিৰৗ সোনা পানী লাগা ৰা" গীতটোৰ বাবে অতি জনপ্ৰিয় হৈছিল। আকাশবাণী তুৰা কেন্দ্ৰত নৰেন্দ্ৰ চন্দ্ৰ হাজংয়ে সংগীত পৰিৱেশন হিচাপে কৰ্মৰত কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯৬০ চনত গোৱালপাৰা জিলাৰ ২নং মাটিয়াত নৰেন্দ্ৰ চন্দ্ৰ হাজং জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল হেমেন চন্দ্ৰ হাজং আৰু মাতৃৰ নাম ৰাম বালি হাজং। নৰেন্দ্ৰ চন্দ্ৰ হাজংয়ে গোৱালপাৰা মাটিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহন কৰিছিল। এইখিনি সময়ৰ পৰাই তেওঁ গানৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰে।
কৰ্মজীৱন
নৰেন্দ্ৰ চন্দ্ৰ হাজংয়ে সমাজ সেৱা কৰাৰ লগতে গীতৰ প্ৰতি অতি আগ্ৰহ আহিল। ১৯৮৫ চনত গুৱাহাটী আমগাঁও বহাগী উৎসৱত গীত গাইছিল। ১৯৯৪ চনত জুন মাহৰ ৯ তাৰিখে তেওঁ অল ইণ্ডিয়া ৰেডিঅ' যোকদান কৰে। ১ নবেম্বৰ ১৯৯৪ চনত আকাশবাণী তুৰা কেন্দ্ৰত হাজং জনগোষ্ঠী আধুনিক সংগীতৰ বাবে সজুক লাভ কৰে।
সংগীত
নৰেন্দ্ৰ চন্দ্ৰ হাজংয়ে সৰুৰে পৰাই গীতৰ সৈতে জড়িত হৈ আছিল। বিভিন্ন সময়ত বিভিন্ন মঞ্চত গীত গাইছিল। হাজং ভাষাৰ লগতে গোৱালপৰিয়া লোকগীতটো গাইছিল। গীত সমূহ-
- জিলমিল জিলমিল চাৰিৰৗ
- নিৰ পানী পুৰিলে চৰ'খেলা আহিলে
- পূক ভাৰতলা আদিবাসী অৗমৰৗ হাজং জাতি
এই গীতসমূহ দিজেন্দ্ৰ নাথ হাজঙে লিখিছিল আৰু তেৱেঁ সুৰ দিছিল আৰু গাইছিল।
মৃত্যু
২০০৫ চনত ১৯ মাৰ্চ তাৰিখে বোন্দা (গুৱাহাটী) নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰেন্দ্ৰ চন্দ্ৰ হাজং” প্ৰবন্ধৰ সংশোধন ৫৪৫৮১০ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।