অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পঞ্চী বৰা

পঞ্চী বৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ দূৰদৰ্শন ধাৰাবাহিক ‘কয়ামত’, ‘কিতনী মস্ত হ্যে জিন্দেগী’ আদিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ তেলুগু চলচ্চিত্ৰ জগততো পদাৰ্পন কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পঞ্চী বৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ দূৰদৰ্শন ধাৰাবাহিক ‘কয়ামত’, ‘কিতনী মস্ত হ্যে জিন্দেগী’ আদিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ তেলুগু চলচ্চিত্ৰ জগততো পদাৰ্পন কৰিছে।১

কেৰিয়াৰ

পঞ্চী বৰাৰ ঘৰ অসমত যদিও আৰ্মি বিষয়া পিতৃয়ে অৱসৰৰ পিছত পুনেত বসবাস কৰিবলৈ লয়।২ তেওঁ পুনেত আইন মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে। সেই সময়তে দুৰদৰ্শনৰ বিভিন্ন বিজ্ঞাপনত পঞ্চী বৰাই অংশগ্ৰহণৰ সুযোগ পায়।৩৪

বালাজী টেলিফিল্মৰ মুখ্য কাৰ্য্যবাহী একতা কাপুৰে এম টিভিৰ প্ৰথমখন ধাৰাবাহিক ‘কিতনী মস্ত হ্যে জিন্দেগী’ত অভিনয়ৰ বাবে পঞ্চী বৰাক সুযোগ দিয়ে।৪২ তেওঁ ধাৰাবাহিকখনত ৰেডিঅ’ জ’কী অনন্যা পুৰীৰ ভূমিকাত অভিনয় কৰে। ইয়াৰ পিছতে পঞ্চী বৰাই আইন শিক্ষা বাদ দি পুনেৰ ফাৰ্গুছন মহাবিদ্যালয়ত স্নাতক মহলাত ভৰ্তি হয়।৫

পৰৱৰ্ত্তীকালত একতা কাপুৰৰে অন্য এখন ধাৰাবাহিক ‘কয়ামত’ত পঞ্চী বৰাই প্ৰাচীৰ ভূমিকাত অভিনয় কৰে।৫২ ইয়াত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ ২০০৮ চনত ষ্টাৰ পৰিবাৰ এৱাৰ্ডছত দুটাকৈ নমিনেশ্যন লাভ কৰে।৬

২০০৯ ৰ পৰা ২০১২ চনলৈ অভিনয়ৰ পৰা আঁতৰি থকাৰ পিছত পঞ্চী বৰাই ষ্টাৰ প্লাছৰ ‘Bid Aai’-ত ভূমুকি মাৰে। ২০১০ চনত তেওঁ ‘দ্য হিন্দু-দ্য ইণ্ডিয়ান’ নামৰ ৰাছিয়ান দুৰদৰ্শন ধাৰাবাহিক এখনত অভিনয়ৰ সুযোগ পায়।৭ ইয়াত তেওঁ এগৰাকী ভাৰতীয় মহিলা ‘মায়া’ ৰ ভূমিকাত অভিনয় কৰে।৭ ২০১২ চনত তেওঁ ‘গুমৰাহ: এণ্ড অব ইঞ্চেন্স’ ত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।৮

২০১১ চনত পঞ্চী বৰাই তেলুগু চলচ্চিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ অভিনেত্ৰীৰূপে আত্মপ্ৰকাশ কৰে।৯ তেওঁ ইতিমধ্যে ভালেসংখ্যক তেলুগু ছবিত অভিনয় কৰিছে।১০১১

অভিনয়

চলচ্চিত্ৰ

বছৰচলচ্চিত্ৰভূমিকাভাষা
২০১১Akashame Hadduআশিয়াতেলুগু
২০১২Uu Kodathara? Ulikki Padathara?মিনাতেলুগু
২০১২Dhamarukamকবিতাতেলুগু
২০১৩ইটছ মাই লাইফহিন্দী ভাষা
২০১৪য়ামিনী চন্দ্ৰশেখৰয়ামিনীতেলুগু
২০১৪Prabhanjanamপ্ৰণিতাতেলুগু

দুৰদৰ্শন

বছৰধাৰাবাহিকভূমিকাচেনেলমন্তব্য
২০০৪-২০০৫কিতনী মস্ত হ্যে জিন্দেগীঅনন্যা পুৰীএম টি ভি ইণ্ডিয়া
২০০৭কহীঁ ত’ হোগাপ্ৰাচীষ্টাৰ প্লাছঅতিথি ভূমিকা
২০০৭-২০০৯কয়ামতপ্ৰাচী মিলিণ্ড মিশ্ৰ
২০০৮চি আই ডিনীলিমাছনী এণ্টাৰটেইনমেণ্ট
২০১০দ্য হিন্দুমায়াচেনেল ৱান ৰাছিয়াৰাছিয়ান ধাৰাবাহিক১২
২০১০কেশব পণ্ডিতজি টিভি
২০১২গুমৰাহ: এণ্ড অব ইনচেন্সনীলমচেনেল ভি ইণ্ডিয়াখণ্ড ভূমিকা
২০১৫-২০১৬গংগাজাহ্নবী সাগৰ চতুৰ্বেদীকিউ টি ভি

তথ্যসূত্ৰ

  1. ↑ Nishant. (2007-08-08). Panchi, no time for love. The Times of India
  2. ↑ (2007-02-17). Metro Plus Visakhapatnam / Television: Twice lucky!. The Hindu
  3. ↑ (2008-11-25). Panchi Bora is on cloud nine – Oneindia Entertainment. Entertainment.oneindia.in
  4. ↑ rediff.com: When Ekta Kapoor tracked down Panchi Bora!. Rediff.com
  5. ↑ rediff.com: When Ekta Kapoor tracked down Panchi Bora!. Rediff.com
  6. ↑ (2008-04-23). Star Parivaar Awards nominations out – Oneindia Entertainment. Entertainment.oneindia.in
  7. ↑ (2010-01-12). Panchi flies to Moscow. Hindustan Times
  8. ↑ (2012-05-28). Panchi Bora back with Gumrah – The Times of India. The Times of India
  9. ↑ Y. Sunita Chowdhary. (2011-09-10). Aakasame Haddu – Love guru weaves the magic. The Hindu
  10. ↑ (2011-12-04). Actress Panchi Bora | Lakshmi Manchu. CineGoer.com
  11. ↑ M. L. Narasimham. (2014-02-08). Yamini Chandrasekhar: The mystery deepens. The Hindu
  12. ↑ Russian World Studios. Rwstudio.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চী বৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৪৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।