নেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰে৷ ইয়াৰ এটা মূৰত এটা আঙঠি লগোৱা থাকে আৰু আনটো মূৰত থাকে এডাল বেঁকা শলখা৷ আজিকালি নেপুৰৰ নামৰ পৰিৱৰ্তন হৈ সকলোৱে ইয়াক পায়েল বুলিয়েই জানে৷ আগৰ দিনত নেপুৰক পো-জোপা বুলি কোৱা হৈছিল৷ ইয়াক অভিজাত মহিলাসকলেহে পৰিধান কৰিছিল৷ এইবিধ গহনাৰ আন এটা নাম পাওপদ্মা৷১
তথ্যসূত্ৰ
- ↑ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. (২০১৪). নেপুৰ বা নূপুৰ. প্ৰাগজ্যোতিষ মহাবিদ্যালয়. পৃ. ৩৭৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপুৰ” প্ৰবন্ধৰ সংশোধন ৩৫৪৭৪৮ (১৯ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।