অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাময়া (অভিনেত্ৰী)

দিব্য স্পন্দনা (Divya Spandana; জন্ম: ২৯ নৱেম্বৰ ১৯৮২), পেছাগতভাৱে ৰাময়া নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ। কৰ্ণাটকৰ মাণ্ড্যাৰ পৰা লোকসভাত সংসদ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মূলতঃ কানাড়া ছবিত কাম কৰে, আৰু তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে।

হালনাগাদ: ১২ জুন ২০২৫ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দিব্য স্পন্দনা (Divya Spandana; জন্ম: ২৯ নৱেম্বৰ ১৯৮২), পেছাগতভাৱে ৰাময়া নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ। কৰ্ণাটকৰ মাণ্ড্যাৰ পৰা লোকসভাত সংসদ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মূলতঃ কানাড়া ছবিত কাম কৰে, আৰু তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে। ৰাময়াই দুটা ফিল্মফেয়াৰ এৱাৰ্ড চাউথ, এটা উদয়া বঁটা, আৰু এটা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

২০০৩ চনত কানাড়া ভাষাৰ ছবি অভিত অভিনয়ৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰে৷ তেওঁ তামিল আৰু তেলেগু ছবিত কাম কৰি আহিছে যদিও কানাড়া চলচ্চিত্ৰ উদ্যোগত তেওঁৰ কামে তেওঁক অধিক মনোযোগ আকৰ্ষণ কৰিছিল।১২ তেওঁ ক্ৰমে অমৃতাধৰে (২০০৫) আৰু তনানম তনানম (২০০৬)ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ উদয়া বঁটা আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০১১ চনৰ ৰোমাণ্টিক-ড্ৰামা সঞ্জু ৱেডছ গীতাত তেওঁ নায়িকা হিচাপে অভিনয় কৰে৷ ইয়াৰ জৰিয়তে তেওঁ অধিক সমালোচনাত্মক সফলতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১১ চনৰ ব্লকবাষ্টাৰ ফেণ্টাচি ছবি কাটাৰী বীৰা সুৰসুন্দৰংগী আৰু ২০১৬ চনৰ মহাকাব্য-ফেণ্টাচি নাগাৰহাভুকে ধৰি অন্যান্য ব্যৱসায়িকভাৱে সফল ছবিতো অভিনয় কৰিছে। অভিনয়ৰ পৰা কিছু সময়ৰ বিৰতিৰ পিছত ২০২৩ চনত "এপলবক্স ষ্টুডিঅ'" বেনাৰত স্বাথি মুত্তিনা মালে হানিয়ে ছবি নিৰ্মাণ কৰি তেওঁ ছবিলৈ উভতি আহে।৩

তেওঁ ২০১২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ সদস্য হিচাপে যোগদান কৰিছিল৷ পিছলৈ ২০১৩ চনৰ উপ-নিৰ্বাচনত তেওঁ কৰ্ণাটকৰ মাণ্ডিয়া সমষ্টিৰ সংসদ সদস্য হিচাপে জয়ী হয়, কিন্তু পিছৰ বছৰত সাধাৰণ নিৰ্বাচনত পৰাস্ত হয়।

প্ৰাৰম্ভিক জীৱন

১৯৮২ চনৰ ২৯ নৱেম্বৰত কৰ্ণাটকৰ বেংগালুৰুত ৰাময়াৰ জন্ম হৈছিল।৪৫৬ তেওঁৰ মাক-দেউতাক আছিল মাণ্ডিয়াৰ৷ মাতৃ ৰঞ্জিতা কৰ্ণাটকৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ সদস্য হোৱাৰ বিপৰীতে তেওঁৰ পোষক পিতৃ আৰ টি নাৰায়ণ আছিল এজন উদ্যোগপতি।৭৮ পাঁচ বছৰ বয়সৰ পৰাই পিতৃয়ে তেওঁক লালন-পালন কৰিছিল আৰু ২০১৩ চনত পিতৃৰ মৃত্যু হয়।৯ ২০০৪ চনত ৰাময়াই ৰাজনীতিবিদ তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণৰ নাতিনী বুলি দাবী কৰিছিল।

ৰাম্যই চেন্নাইৰ ছেক্ৰেড হাৰ্ট স্কুল (চাৰ্চ পাৰ্ক) আৰু উটিৰ আৱাসিক বিদ্যালয় ছেইণ্ট হিল্ডাছ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।.১০ মডেলিঙৰ কেৰিয়াৰ গঢ়াৰ লগতে বেংগালুৰুৰ ছেইণ্ট জোচেফ কলেজ অৱ কমাৰ্চৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰি মুম্বাইস্থিত শীতল ডিজাইনাৰ ষ্টুডিঅ’ত যোগদান কৰাৰ আশা কৰিছিল।

ৰাম্যই ৰেম্প শ্ব'ত অংশগ্ৰহণ কৰিছিল আৰু ২০০১ চনত মিছ কাউণ্ট্ৰী ক্লাবৰ মুকুট পিন্ধিছিল। এই সময়ছোৱাতে তেওঁলৈ চলচ্চিত্ৰৰ প্ৰস্তাৱ আহিছিল আৰু অভি ছবিত পুনীথ ৰাজকুমাৰৰ বিপৰীতে অভিনয় কৰাৰ আগতে তেওঁ নিনাগাগী, ডম্বী আৰু আপ্পুৰ বাবে বিবেচনা কৰা হৈছিল। ১১ ইয়াতেই ছবিখনৰ প্ৰযোজক পাৰ্বতম্মা ৰাজকুমাৰে তেওঁক পৰ্দাৰ নাম ৰাময়া দিছিল।১২১৩

তথ্যসূত্ৰ

  1. ↑ (3 April 2016). Living by her own rules: Sandalwood Queen Ramya's journey through acting and politics. The News Minute
  2. ↑ S, Sridevi. Sandalwood queen Ramya announces comeback with a bang; collaborates with Raj B Shetty. The Times of India
  3. ↑ (3 April 2016). Ramya gets the title rights for Swathi Mutthina Male Haniye, rules city court. The Times of India
  4. ↑ Shyam Prasad, S. (23 July 2009). No filmy husband for me. Bangalore Mirror
  5. ↑ No filmy husband for me - Bangalore Mirror -. bangaloremirror.com
  6. ↑ (29 November 2010). Yes, I'm seeing someone, says Ramya. Daily News and Analysis
  7. ↑ (14 August 2013). Mother campaigns for daughter
  8. ↑ (3 August 2013). Actor loses foster father
  9. ↑ (27 March 2023). Why Kannada Actress Ramya Didn't Want to Live Anymore. News18
  10. ↑ Jan 19, Updated. Ramya Turns Model. Bangalore Mirror
  11. ↑ Srivatsa, Srikanth. (16 March 2003). Stars in her eyes. Deccan Herald
  12. ↑ (3 April 2016). Living by her own rules: Sandalwood Queen Ramya's journey through acting and politics. The News Minute
  13. ↑ (15 September 2011). Caste war heats up as Sadananda isn't Gowda enough

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদচলচ্চিত্ৰ প্ৰযোজককানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰীৰাজনৈতিক ক্ষেত্ৰত নাৰীকৰ্ণাটকৰ ব্যক্তিফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাময়া (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫১৭৩৮৩ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।