নন্দিনী শতপথী (Nondini Satpathy; ৯ জুন ১৯৩১ – ৪ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু লেখিকা। ১৯৭২ চনৰ জুন মাহৰ পৰা ১৯৭৬ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ ওড়িশাৰ মুখ্যমন্ত্ৰী আছিল।
প্ৰাথমিক জীৱন
১৯৩১ চনৰ ৯ জুনত উপকূলীয় পুৰীৰ এটা ব্ৰাহ্মণ পৰিয়ালত কালিন্দি চৰণ পাণিগ্ৰাহী আৰু ৰত্নামণি পাণিগ্ৰাহীৰ ঘৰত নন্দিনী পাণিগ্ৰাহী নামেৰে নন্দিনী শতপথীয়ে জন্মগ্ৰহণ কৰিছিল৷ তেওঁ ভাৰতৰ কটকৰ পিঠাপুৰত ডাঙৰ-দীঘল হৈছিল।১ শতপথীৰ ককাক ভাগৱতী চৰণ পাণিগ্ৰাহীয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ওড়িশা শাখা প্ৰতিষ্ঠা কৰিছিল। তেওঁ আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ সহযোগী।
সাহিত্যিক জীৱন
শতপথী ওড়িয়া ভাষাৰ লেখক আছিল৷ তেওঁৰ ৰচনাসমূহ আন কেইবাটাও ভাষালৈ অনুবাদ আৰু প্ৰকাশ কৰা হৈছে। ওড়িয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ১৯৯৮ চনত সাহিত্য ভাৰতী সন্মান বঁটা লাভ কৰে।২৩ তেওঁৰ অন্তিমটো গুৰুত্বপূৰ্ণ সাহিত্যিক কৃতি আছিল তছলিমা নাছৰিনৰ লজ্জাৰ ওড়িয়ালৈ অনুবাদ।৪
মৃত্যু
২০০৬ চনৰ ৪ আগষ্টত ভুৱনেশ্বৰৰ ঘৰত নন্দিনী শতপথীৰ মৃত্যু হয়।৫
তথ্যসূত্ৰ
- ↑ (2002). Cultural Heritage of (Orissa): Dhenkanal. State Level Vyasakabi Fakir Mohan Smruti Samsad. ISBN 978-81-902761-5-3
- ↑ (9 February 1999). Spotlight. Tribune India
- ↑ (2012). StreeShakti – The Parallel Force. streeshakti.com
- ↑ Sahu, Nandini. (14 October 2007). The Position of Women in Oriya Literature. boloji.com
- ↑ (2012). Nandini Satpathy. odisha360.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিনী শতপথী” প্ৰবন্ধৰ সংশোধন ৫৪৫৯৩৬ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।