অনুসূয়া উইকে (Anusuiya Uikey, জন্ম-১০ এপ্ৰিল ১৯৫৭) এগৰাকী ৰাজনীতিবিদ যি পূৰ্বতে মণিপুৰৰ ৰাজ্যপাল (২০২৩-২০২৪ চনত) হিচাপে কৰ্মনিৰ্বাহ কৰিছিল৷ তেওঁ ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৫ চনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে দমুৱাৰ পৰা মধ্যপ্ৰদেশ বিধানসভালৈ তেওঁ নিৰ্বাচিত হৈছিল। অৰ্জুন সিং কেবিনেটত তেওঁ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী হৈছিল। ১৯৯৮ চনৰ ভিতৰত তেওঁ বিজেপিলৈ গৈছিল আৰু ১৯৯৮ চনৰ বিধানসভা নিৰ্বাচনত ডামুৱাৰ পৰা বিজেপিৰ পৰাজিত প্ৰাৰ্থী আছিল।১ ২০০৬ চনত তেওঁ মধ্য প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সদস্য হয়।.২৩৪৫
২০১৯ চনৰ ১৬ জুলাইৰ পৰা ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীলৈ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত মণিপুৰৰ ৰাজ্যপাল হিচাপে তেওঁ নিযুক্তি লাভ কৰে।.৬
তথ্যসূত্ৰ
- ↑ Madhya Pradesh Assembly Election Results in 1998
- ↑ Senior tribal BJP leader Anusuiya Uikey appointed as Chhattisgarh Governor. India Today
- ↑ Anusuiya Uikey Is The New Governor Of Chattisgarh. Shethepeople.
- ↑ (29 July 2019). Anusuiya Uikey appointed new governor of Chhattisgarh. Deccan Herald
- ↑ Profile on Rajya Sabha. Rajya Sabha
- ↑ (2019-07-16). Anysuya Uikey is new Chhattisgarh governor, Harishchandran to take charge of Andhra Pradesh. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুসূয়া উইকে” প্ৰবন্ধৰ সংশোধন ৪৭৯৮৮৯ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।