প্ৰজ্ঞা সিং ঠাকুৰ (Pragya Singh Thakur, জন্ম ২ ফেব্ৰুৱাৰী ১৯৭০; সাধ্বী প্ৰজ্ঞা নামেৰে অধিক পৰিচিত),১ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন সংসদ সদস্য৷ তেওঁ ভুপালক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্গত। তেওঁ কলেজীয়া দিনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সক্ৰিয় সদস্য আছিল আৰু পিছলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন সংযুক্ত সংগঠনত যোগদান কৰিছিল।
২০০৮ চনত মালেগাঁৱত সংঘটিত হোৱা বোমা বিস্ফোৰণত ১০ জন লোক নিহত হোৱাৰ লগতে আৰু ৮২ জন আহত হয়। তেওঁ উক্ত বোমা বিস্ফোৰণৰ জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে৷ তেওঁৰ বাইকখন বোমা বিস্ফোৰণত ব্যৱহাৰ হোৱা বুলি ধৰা পৰাৰ পিছতে সন্ত্ৰাসবাদৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ হয়। বৰ্তমান তেওঁৰ ওপৰত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত একাধিক অভিযোগত বিচাৰ চলি আছে। ২০১৭ চনত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই কিছুমান গুৰুতৰ অভিযোগ বাদ দিয়াৰ পিছত স্বাস্থ্যজনিত কাৰণত তেওঁ জামিন লাভ কৰে।২৩
ঠাকুৰে ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভুপাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৩৬৪,৮২২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে।৪
২০১৯ চনৰ ২১ নৱেম্বৰত সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গঠিত ২১ জনীয়া সংসদীয় প্ৰতিৰক্ষা পৰামৰ্শদাতা সমিতিৰ অংশ হিচাপে নিযুক্তি দিয়া হয়। সংসদত নাথুৰাম গডছেক দেশপ্ৰেমিক বুলি অভিহিত কৰা মন্তব্যৰ পিছত বিৰোধী দলৰ সদস্যসকলে তেওঁক সমালোচনা কৰে। ২৮ নৱেম্বৰত প্ৰতিৰক্ষা সমিতিৰ লগতে বিজেপি সংসদীয় দলৰ বৈঠকৰ পৰাও তেওঁক অপসাৰণ কৰা হয়।
তথ্যসূত্ৰ
- ↑ (17 April 2019). Who is Sadhvi Pragya?. The Indian Express
- ↑ (27 December 2017). Malegaon blast case: Sadhvi Pragya Singh Thakur, Prasad Purohit to face trial for terrorism. Live Mint
- ↑ (27 December 2017). Malegaon blast case: MCOCA dropped, terror charges remain against Sadhvi Pragya, Lt Col Purohit. Hindustan Times
- ↑ (23 May 2019). Bhopal Elections Results: Congress flunks crucial MP test, hands over win to Pragya Thakur. The Economic Times. Agencies
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰজ্ঞা সিং ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৫০৯ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।