অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেহবুবা মুফটি

মেহবুবা মুফটি ছয়েদ (Mehbooba Mufti Sayed; জন্ম: ২২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)ৰ নেত্ৰী৷ তেওঁ ২০১৬ চনৰ ৪ এপ্ৰিলৰ পৰা ১৯ জুন ২০১৮ লৈকে পূৰ্বৰ ৰাজ্য জম্মু আৰু কাশ্মীৰৰ নৱম আৰু শেষ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ জম্মু-কাশ্মীৰৰ…

হালনাগাদ: ২৯ জুলাই ২০২৬ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মেহবুবা মুফটি ছয়েদ (Mehbooba Mufti Sayed; জন্ম: ২২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)ৰ নেত্ৰী৷ তেওঁ ২০১৬ চনৰ ৪ এপ্ৰিলৰ পৰা ১৯ জুন ২০১৮ লৈকে পূৰ্বৰ ৰাজ্য জম্মু আৰু কাশ্মীৰৰ নৱম আৰু শেষ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ জম্মু-কাশ্মীৰৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। ২০১৯ চনৰ আগষ্ট মাহত সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল হোৱাৰ পিছত প্ৰথমে কোনো অভিযোগ নোহোৱাকৈ আৰু পিছলৈ জম্মু-কাশ্মীৰ জনসাধাৰণৰ সুৰক্ষা আইন অনুসৰি মুফটিক আটক কৰা হয়।১

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা।২ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে যৌথভাৱে জম্মু-কাশ্মীৰত মিত্ৰজোঁটৰ চৰকাৰ তেওঁ গঠন কৰিছিল। ২০১৮ চনৰ জুন মাহত বিজেপিয়ে মিত্ৰজোঁটৰ পৰা আঁতৰি যোৱাৰ পিছত তেওঁ পদত্যাগ কৰে।৩

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে মুফটি পিডিপিৰ সভানেত্ৰী আছিল আৰু ভাৰতীয় সংসদৰ সদস্য আছিল৷ তেওঁ ১৬ নং লোকসভাত অনন্তনাগক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ চতুৰ্দশ লোকসভাতো (২০০৪–০৯)৪অনন্তনাগক প্ৰতিনিধিত্ব কৰিছিল আৰু জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী দলপতিও আছিল।

প্ৰাৰম্ভিক জীৱন

১৯৫৯ চনত জম্মু-কাশ্মীৰৰ আখ্ৰাণ ন'পোৰাত জন্মগ্ৰহণ কৰা মুফতি মহম্মদ ছাইদ আৰু গুলছান আৰা৫ৰ কন্যা। জম্মুৰ গভৰ্ণমেণ্ট কলেজ ফৰ ৱমেনৰ পৰা ইংৰাজী সাহিত্যত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে,৬ আৰু কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগৰ ডিগ্ৰী লাভ কৰে।৭৮ ১৯৮৯ চনৰ পিছত তেওঁ নতুন দিল্লীলৈ স্থানান্তৰিত হয় আৰু বম্বে মাৰ্কেণ্টাইল বেংকত যোগদান কৰে৷ তাৰ পিছত তেওঁ ইষ্ট ৱেষ্ট এয়াৰলাইন্সৰ সৈতে কাম কৰে, তাৰ পিছত তেওঁ পুনৰ জম্মু-কাশ্মীৰলৈ যায়। তেওঁৰ প্ৰাক্তন স্বামী এজন ৰাজনৈতিক বিশ্লেষক, এজন পশু অধিকাৰ কৰ্মী আৰু কিছু সময়ৰ বাবে নেচনেল কনফাৰেন্স পাৰ্টিৰ সৈতে আছিল।৯তেওঁলোকৰ দুগৰাকী কন্যা ইলটিজা আৰু ইৰতিকা।১০

আটক

২০১৯ চনৰ ৫ আগষ্টত তেওঁক কেন্দ্ৰীয় চৰকাৰে আটক কৰে।১ তেওঁৰ কন্যা ইলটিজা মুফটিয়ে আটক কৰাৰ ৪৬তম দিনা মাকৰ টুইটাৰ একাউণ্টটো অধিগ্ৰহণ কৰে।১১ নৱেম্বৰ মাহত ইলটিজা মুফটিয়ে শ্ৰীনগৰৰ উপ-আয়ুক্তলৈ এখন পত্ৰ লিখি মাকক উপত্যকাৰ শীতকালৰ বাবে অধিক সুসজ্জিত ঠাইলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ কৰে।১২

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত জম্মু আৰু কাশ্মীৰ জনসাধাৰণৰ সুৰক্ষা আইন অনুসৰি তেওঁক পুনৰাই আটক কৰা হয়।১৩ ১৩ অক্টোবৰ ২০২০ তাৰিখে তেওঁক মুকলি কৰি দিয়া হয়।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Haq, Shuja-ul; Wani, Ashraf. (15 November 2019). After daughter's appeal, Mehbooba Mufti shifted to warmer location in Srinagar. India Today
  2. ↑ (4 April 2016). Mehbooba is J-K's first woman CM and India's 16th. হিন্দুস্তান টাইমছ
  3. ↑ Masoodi, Nazir and Tikku, Aloke. (19 June 2018). Dumped By BJP, Mehbooba Mufti Says Muscular Policy Won't Work In Kashmir. ndtv.com
  4. ↑ Mufti, Mehbooba. (1 March 2019). Why is GoI so uncomfortable with Jamaat e Islami?... টুইটাৰ
  5. ↑ Gulshan Ara hugs her daughter Mehbooba Mufti after the oath ceremony at Raj Bhawan in Jammu on Monday. -Excelsior/Rakesh – Jammu Kashmir Latest News | Tourism | Breaking News J&K. Dailyexcelsior.com. Retrieved on 28 August 2019
  6. ↑ Raina, Anil. (11 April 2016). The queen of the valley. Mumbai Mirror
  7. ↑ Mehbooba Mufti (JKPDP):Constituency – Anantnag (Jammu & Kashmir) – Affidavit Information of Candidate. Myneta.info. Retrieved on 28 August 2019
  8. ↑ Waldman, Amy. (2002-10-12). A new face signals political change in embattled Kashmir. The New York Times
  9. ↑ (2 March 2016). Insider tears into Muftis and family party. Telegraph India
  10. ↑ Mehbooba Mufti: Profile, Husband and Family. ipious.blogspot.in
  11. ↑ Mehbooba Mufti's Daughter Takes Over Her Twitter Account. NDTV
  12. ↑ (5 November 2019). Shift my mother to place equipped for winter: Mehbooba Mufti's daughter. India Today
  13. ↑ (16 February 2020). Some Words Used In Mehbooba Mufti Dossier Were Avoidable: J&K Top Cop. NDTV
  14. ↑ Masood, Bashaarat. (14 October 2020). Mehbooba released, says 'will take back what Delhi snatched'. indianexpress.com. Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদজম্মু আৰু কাশ্মীৰৰ ব্যক্তিৰাজনৈতিক ক্ষেত্ৰত নাৰীভাৰতৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহবুবা মুফটি” প্ৰবন্ধৰ সংশোধন ৬২১১৬৪ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।