ৰাণী নৰহ (Ranee Narah, জন্ম-জাহানাৰা চৌধুৰী; ৩১ অক্টোবৰ ১৯৬৫) অসমৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ২০২২ চনলৈ ৰাজ্যসভাত অসমক সংসদ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ, আৰু পুনৰ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ তেওঁ লোকসভাত লখিমপুৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ স্বামী ভৰত নৰহ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু নাওবৈচাৰ বিধায়ক।
জীৱনী
নৰহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক।১তেওঁ পেছাদাৰী ক্ৰিকেট খেলিছিল আৰু অসম ৰাজ্যিক দলৰ অধিনায়ক আছিল।২ তেওঁ পাছলৈ ভাৰতীয় মহিলা ক্ৰিকেট সন্থাৰ সভানেত্ৰী হয়৷ ইয়াৰ লগতে তেওঁ অসম মহিলা ক্ৰিকেট সন্থাৰ সভানেত্ৰী, অসম ক্ৰিকেট সন্থা আৰু অসম ফুটবল সন্থা দুয়োটাৰে উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ মহিলা সমিতিৰ সদস্য আছিল।৩৪৫৬
১৯৯৮ চনত নৰহ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়।১সেই বছৰতে লখিমপুৰ সমষ্টিৰ পৰা লোকসভালৈ তেওঁ নিৰ্বাচিত হয়। ১৯৯৯ আৰু ২০০৯ চনত লখিমপুৰৰ পৰা নৰহ পুনৰ নিৰ্বাচিত হয়।১ ২০০৩ চনত নৰহ ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰিষদলৈ তেওঁ নিৰ্বাচিত হয়।৭ ২০০৯ চনত তেওঁক লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-মুখ্য হুইপ হিচাপে নিযুক্তি দিয়া হয়।৮ ২০১২ চনত নৰহক জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়।৯ ২০১৬ চনত নৰহ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়।১০
অসম বিধানসভাৰ ছটা কাৰ্যকালৰ সদস্য আৰু অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ভাৰত নৰহৰ সৈতে ৰাণী নৰহৰ বিবাহ হৈছে৷২১১
তথ্যসূত্ৰ
- ↑ Smt. Ranee Narah. Government of India
- ↑ (26 March 2009). Ex-cricketer clean bowls dissidence. Hindustan Times
- ↑ (13 November 2006). WCAI to be disbanded shortly. ESPN Cricinfo
- ↑ (10 November 2008). Women footballers honoured. The Assam Tribune
- ↑ (6 August 2012). Dynamo Triumph. Yahoo
- ↑ Tiding over dissidence
- ↑ (17 July 2003). Tribune News Service. The Tribune India
- ↑ (25 November 2009). Ranee deputy whip of LS. The Assam Tribune
- ↑ (28 October 2012). Sportsperson-turned-politician Narah gets ministerial berth. Zee News
- ↑ (22 March 2016). Assam: Ahead of assembly polls, Congress wins both Rajya Sabha seats in cross-voting
- ↑ (12 April 2004). Hereditary politics: Political families of India. ইণ্ডিয়া টুডে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী নৰহ” প্ৰবন্ধৰ সংশোধন ৪৭৭৫৩৪ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।