অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিমি চক্ৰৱৰ্তী

মিমি চক্ৰৱৰ্তী ( Mimi Chakraborty; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু ৰাজনীতিবিদ। বঙালী চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে তেওঁ পৰিচিত। তেওঁৰ প্ৰথম ছবি বাপি বাৰী যা, য'ত তেওঁ মূল নাৰী চৰিত্ৰ- ডোলাৰ ভূমিকাত অভিনয় কৰিছিল।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মিমি চক্ৰৱৰ্তী ( Mimi Chakraborty; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু ৰাজনীতিবিদ।১ বঙালী চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে তেওঁ পৰিচিত।২ তেওঁৰ প্ৰথম ছবি বাপি বাৰী যা, য'ত তেওঁ মূল নাৰী চৰিত্ৰ- ডোলাৰ ভূমিকাত অভিনয় কৰিছিল। কলিকতা টাইমছৰ ২০১৬ আৰু ২০২০ চনৰ ‘মোষ্ট ডিজায়াৰেবল ৱুমেন’ৰ তালিকাত তেওঁৰ নাম লিপিবদ্ধ কৰা হৈছিল।৩

২০১৯ চনত ৰাজনীতিত যোগদান কৰে আৰু সেই বছৰে লোকসভাৰ নিৰ্বাচনত যাদৱপুৰ সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু সপ্তদশ লোকসভালৈ নিৰ্বাচিত হয়।৪৫

প্ৰাৰম্ভিক জীৱন

১৯৮৯ চনৰ ১১ ফেব্ৰুৱাৰীত চক্ৰৱৰ্তীৰ জন্ম হৈছিল।৬৭ পশ্চিমবংগৰ জলপাইগুৰি চহৰত তেওঁৰ ঘৰ। অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ এখন দেওমালিত শৈশৱ কটায় যদিও পিছলৈ পৰিয়ালৰ সৈতে পুনৰ জলপাইগুৰি চহৰৰ৬ পূৰ্বপুৰুষৰ ঘৰলৈ গুচি যায়। তাৰেই হলি চাইল্ড স্কুলত আৰু পিছলৈ বিন্নাগুৰিৰ ছেইণ্ট জেমছ স্কুলত শিক্ষা গ্ৰহণ কৰে। ২০১১ চনত কলকাতাৰ আশুতোষ কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লয়। তেওঁৰ পিতৃ-মাতৃ শিলিগুৰিত বাস কৰে।৮

কৰ্মজীৱন

অভিনয় জীৱন আৰম্ভ কৰাৰ পূৰ্বে মিমি চক্ৰৱৰ্তী মডেল আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰিছিল। বঙালী ছবি চেম্পিয়নৰ যোগেদি তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ইয়াত তেওঁ সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিল।৬

তেওঁৰ দ্বিতীয়টো প্ৰকল্প আছিল আইডিয়াছ ক্ৰিয়েচনছৰ দ্বাৰা প্ৰযোজিত টিভি ধাৰাবাহিক গানেৰ ওপাৰে; ২০১০ চনৰ ২৮ জুনৰ পৰা ২০১১ চনৰ ১৬ এপ্ৰিললৈকে ষ্টাৰ জলছাত সম্প্ৰচাৰিত হয়। ষ্টাৰ জলছাৰ সহযোগত প্ৰসেনজিত চেটাৰ্জীৰ প্ৰডাকচন হাউচ আইডিয়াছ ক্ৰিয়েচনে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মৰ ১৫০ বছৰীয়া জয়ন্তীত নোবেল বঁটাপ্ৰাপক সাহিত্যিকজনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মেগা ছিৰিয়েল গানেৰ ওপাৰে মুকলি কৰে। ঋতুপৰ্ণ ঘোষ (যি গানেৰ ওপাৰেৰ প্ৰাৰম্ভিক চিত্ৰনাট্যকাৰ), দেৱজ্যোতি মিশ্ৰ (সংগীত পৰিচালক), আৰু চলচ্চিত্ৰ জগতৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল এই প্ৰকল্পৰ সৈতে জড়িত আছিল।৯

মূল নাৰী চৰিত্ৰত অভিনয় কৰা তেওঁৰ প্ৰথম ছবি বাপি বাৰী যা ২০১২ চনৰ ৭ ডিচেম্বৰত মুক্তি পায়।১০

গানেৰ ওপাৰে

গানেৰ ওপাৰে মূলতঃ দুজন শিল্পী, বোহেমিয়ান গোৰা আৰু পুপেৰ ৰবীন্দ্ৰ সংগীতৰ প্ৰতি ভালপোৱা আৰু নানা বিষয়ক লৈ নিৰ্মিত। প্ৰসেনজিৎ চট্টোপাধ্যায়ৰ প্ৰডাকচন হাউচ- আইডিয়াজ ক্ৰিয়েচনৰ দ্বাৰা প্ৰযোজিত এই ধাৰাবাহিকখন ষ্টাৰ জলছা চেনেলত প্ৰচাৰিত হয়। ইয়াৰ সৈতে বঙালী চলচ্চিত্ৰৰ বহুতো লোক জড়িত আছিল।১১

চক্ৰৱৰ্তীত 'পুপে'ৰ চৰিত্ৰত অভিনয় কৰা দেখা যায়, যিয়ে নিজৰ পাৰিবাৰিক মূল্যবোধৰ লগত সংগতি ৰাখি পৰম্পৰাগত ৰূপত ৰবীন্দ্ৰ সংগীত গাইছিল। তেওঁৰ দক্ষ অভিনয়ে পুপে চৰিত্ৰটোক ‘আইকনিক’ কৰি তুলিছিল।১২

বঁটা

বাপি বাড়ী যাত অভিনয়ৰ বাবে তেওঁ ২০১৩ চনত “শ্ৰেষ্ঠ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী”ৰ ৭১তম বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন (BFJA) এৱাৰ্ড লাভ কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (29 May 2019). Meet the glamorous new parliamentarians Mimi Chakraborty and Nusrat Jahan. The Times of India
  2. ↑ (7 December 2012). Mimi ki tollywoode agami diner shera baji?. Eisamay (Bengali News Paper)
  3. ↑ The Times Group. epaperbeta.timesofindia.com
  4. ↑ (24 May 2019). West Bengal MPs to heighten glam factor in Lok Sabha. The New Indian Express
  5. ↑ Nair, Sangeeta. (24 May 2019). Tollywood Stars contesting in Lok Sabha Election 2019: Babul Supriyo, Dev, Nusrat Jahan, Mimi Chakraborty, Satabdi Roy script huge victories in their constituencies. Jagran
  6. ↑ Sarkar, Tithi. (1 June 2011). Bright young thing. ইণ্ডিয়া টুডে
  7. ↑ Mimi Chakraborty(All India Trinamool Congress(AITC)):Constituency- JADAVPUR(WEST BENGAL) – Affidavit Information of Candidate. myneta.info
  8. ↑ (11 February 2014). hi Chakraborty celebrates ĺlbirthday in orphanage. The Times of India
  9. ↑ (25 June 2012). The sound of music The lead pair of STAR Jalsha's mega Gaaner Oparey.. The Telegraph
  10. ↑ (29 November 2012). "Jouboner Khola Haway" (Bengali Title). Ebela (Bengali News Paper)
  11. ↑ Ganer Opare Serial Songs, Casting. bhalobasa.in
  12. ↑ Ganguly, Ruman. (17 March 2011). Pupé injured. The Times Of India Kolkata

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীলোকসভাৰ সাংসদবঙালী ব্যক্তিভাৰতৰ মহিলা সাংসদবঙালী অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় টেলিভিছন অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিমি চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৬২৯০৪২ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।