নৱনীত কৌৰ ৰাণা (Navneet Kaur Rana, নৱনীত ৰবি ৰানা নামেৰেও পৰিচিত) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ তেলেগু চিনেমাত কৰা কামৰ বাবে পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ অমৰাৱতীৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০২৪ চনৰ নিৰ্বাচনত একেটা সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কংগ্ৰেছ প্ৰাৰ্থী বলৱণ্ত ৱানখেড়েৰ হাতত ১৯,৭৩১ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল।১২
চলচ্চিত্ৰ কেৰিয়াৰ
মহাৰাষ্ট্ৰৰ মুম্বাইত কৌৰৰ জন্ম হৈছিল। তেওঁ ডাঙৰ-দীঘলো তাতেই হৈছিল।তেওঁৰ পিতৃ-মাতৃ ৰবিদাসিয়া জাতিৰ পাঞ্জাবী মূলৰ; ৩তেওঁৰ পিতৃ এজন সেনা বিষয়া আছিল।৪৫ কুৰলা (মুম্বাই)ৰ কাৰ্তিকা হাইস্কুলত দশম মান পৰ্যন্ত পঢ়া-শুনা সমাপ্ত কৰে। তেওঁ দ্বাদশ শ্ৰেণী শেষ কৰাৰ পিছত মডেল হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু ছটা মিউজিক ভিডিঅ'ত অভিনয় কৰে।৬ কৌৰে কানাড়া ছবি "দৰ্শন"ত বৈশিষ্ট্যপূৰ্ণ ছবিত অভিষেক ঘটায়।তাৰ পিছত তেলেগু ভাষাত ছিনু বসন্তী লক্ষ্মী (২০০৪)ৰ সৈতে অভিষেক ঘটায়। চেতনা (২০০৫), জগাপতি (২০০৫), গুড বয় (২০০৫), আৰু ভূমা (২০০৮) তেওঁৰ পৰৱৰ্তী মুক্তিৰ কিছুমান ছবি।
ৰাজনৈতিক জীৱন
ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু জাতীয়তাবাদী কংগ্ৰেছ দলৰ সমৰ্থনত শিৱসেনাৰ আনন্দ্ৰৱ আদছুলক পৰাস্ত কৰি তেওঁ অমৰাৱতী,৭ মহাৰাষ্ট্ৰ সমষ্টিৰ পৰা স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়। এই নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ ৬৫ লাখ টকা খৰচ কৰাৰ বিপৰীতে পূৰ্বৰ দুবাৰ সাংসদ আদছুলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে ৪৯ লাখ টকা ব্যয় কৰিছে।৮ বিভিন্ন পৰ্যায়ত (অৰ্থাৎ স্থানীয়, আঞ্চলিক আৰু ৰাষ্ট্ৰীয়; ৰাজহুৱাভাৱে বা লোকসভাৰ দৰে বিভিন্ন প্ৰতিষ্ঠানত) তেওঁক শিৱসেনা আৰু ইয়াৰ দলৰ সদস্যসকলৰ সৈতে সময়ে সময়ে তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা যায়।৯১০১১
ব্যক্তিগত জীৱন
চলচ্চিত্ৰ জীৱনৰ পৰা কিছু বিৰতিৰ পিছত ২০১১ চনৰ ৩ ফেব্ৰুৱাৰীত তেওঁ অমৰাৱতী চহৰৰ বদনেৰা সমষ্টিৰ নিৰ্দলীয় বিধায়ক ৰবি ৰানাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জানিব পৰা মতে, তেওঁলোকে গণ বিবাহ অনুষ্ঠানৰ মাজতে বিবাহপাশত আবদ্ধ হৈছিল।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Biography of Smt. Navneet Ravi Rana. Parliament of India
- ↑ Criminal & asset declaration of Smt. Navneet Ravi Rana. MyNeta
- ↑ (9 June 2021). HC cancels caste certificate of Amravati MP Navneet Rana. দ্য হিন্দু
- ↑ ബാങ്കോക്കിലെ പഞ്ചാബിപ്പെണ്ണ്
- ↑ (23 April 2009). Third time lucky?. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Chitchat with Navneet Kaur
- ↑ IANS. (30 May 2019). Navneet Kaur only actress to be MP from Maharashtra. Business Standard India
- ↑ Arya, Shishir. (17 April 2019). Lok Sabha elections: Spent Rs65L on campaign, says Rana; 2-time MP Adsul Rs49L. The Times of India
- ↑ (22 March 2021). 'तू महाराष्ट्र में कैसे घूमती है, मैं देखता हूं..', अमरावती से निर्दलीय MP नवनीत राणा का शिवसेना MP पर गंभीर आरोप. News18 हिंदी
- ↑ (17 March 2014). Shiv Sena MP Anandrao Adsul booked for abusing actress Navneet Kaur-Rana. News18
- ↑ टीम, एबीपी माझा वेब. (9 July 2019). नवनीत कौर राणा यांच्या खासदारकीला आव्हान, उच्च न्यायालयात याचिका दाखल. marathi.abplive.com
- ↑ (3 February 2011). Navneet Kaur marries Ravi Rana. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱনীত কৌৰ ৰাণা” প্ৰবন্ধৰ সংশোধন ৫৯৯৩৮০ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।