অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিতা আৰ্য

অনিতা আৰ্য (Anita Arya) ভাৰতীয় লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ভাৰতীয় জনতা দলৰ এগৰাকী নেত্ৰী। ত্ৰয়োদশ লোকসভাত দিল্লীৰ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৯ চনত তেওঁ দিল্লীৰ মেয়ৰ আছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অনিতা আৰ্য (Anita Arya) ভাৰতীয় লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ভাৰতীয় জনতা দলৰ এগৰাকী নেত্ৰী। ত্ৰয়োদশ লোকসভাত দিল্লীৰ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৯ চনত তেওঁ দিল্লীৰ মেয়ৰ আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৩ চনৰ ২৬ জানুৱাৰীত উত্তৰ প্ৰদেশৰ আগ্ৰাত অনিতা আৰ্যৰ জন্ম হয়।১ তেওঁ পিতৃ কুন্দন লাল নিমল আৰু মাতৃ প্ৰেমৱতীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।২ দশম–দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ বাবে তেওঁ আগ্ৰাৰ শ্ৰীমতী সিংহুৰী বাল বালিকা ইণ্টাৰমিডিয়েট কলেজলৈ যায়।৩

তেওঁ আগ্ৰাস্থিত আগ্ৰা কলেজৰ পৰা পি এইচ ডি, এম এ আৰু, বি এ ডিগ্ৰী লাভ কৰে।পৰৱৰ্তী সময়ত তেওঁ ৰোহটক (হাৰিয়ানা)ৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা বি.এড লাভ কৰে৷৩ তেওঁৰ গৱেষণ-পত্ৰৰ শিৰোনাম আছিল "ছাৰ যদুনাথ সৰকাৰ- তেওঁৰ জীৱনী আৰু মধ্যযুগীয় ভাৰতীয় ইতিহাসলৈ অৱদান"।২

কৰ্মজীৱন

দিল্লীত

১৯৯৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ১৯৯৯ চনৰ অক্টোবৰ মাহলৈকে তেওঁ নতুন দিল্লীত পৌৰসভাৰ কাউন্সিলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২১৯৯৯ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে তেওঁ কিছু সময়ৰ বাবে দিল্লীৰ মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, য'ত তেওঁ পৌৰ নিগমত শিক্ষা সমিতিৰ উপ-সভাপতি হিচাপেও কাম কৰিছিল।২

মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত তেওঁ উন্নত স্বাস্থ্যসন্মত পৰিস্থিতি সৃষ্টি আৰু প্ৰদূষণ হ্ৰাস কৰাৰ কাম কৰিছিল। চৰকাৰী বিদ্যালয়ত উন্নত শিক্ষাৰ সুবিধাও সৃষ্টি কৰিছিল। তেওঁ মহিলা আৰু শিশুৰ বাবে বিশেষ স্বাস্থ্যসেৱা কাৰ্যসূচীও সৃষ্টি কৰিছিল।২

লোকসভাত

১৯৯৯ চনত তেওঁ কাৰোল বাগ লোকসভা সমষ্টিৰ পৰা ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত হয়।২ দিল্লীৰ একমাত্ৰ সংৰক্ষিত সমষ্টি হোৱাৰ বাবে কেৰল বাগৰ বিৰুদ্ধে পূৰ্বে সমষ্টিটোত জয়ী হোৱা আন এগৰাকী দলিত মহিলা মীৰা কুমাৰ থিয় দিছিল৷

তথ্যসূত্ৰ

  1. ↑ BJP nominee in a tough fight in Delhi's only reserved LS seat. outlookindia.com/
  2. ↑ Members: Lok Sabha. 164.100.47.194
  3. ↑ ADR. ANITA ARYA(Bharatiya Janata Party(BJP)):Constituency- Karol Bagh(NATIONAL CAPITAL TERRITORY OF DELHI) – Affidavit Information of Candidate. myneta.info

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা আৰ্য” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৫১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।