বিজয়া ৰাজে সিন্ধিয়া (Vijaya Raje Scindia, জন্মতে লেখা দিব্যেশ্বৰী দেৱী; ১২ অক্টোবৰ ১৯১৯ – ২৫ জানুৱাৰী ২০০১), জনপ্ৰিয়ভাৱে ৰাজমাতা সিন্ধিয়া নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্ৰিটিছ ৰাজৰ গোৱালিয়ৰৰ শেষ শাসক মহাৰাজা জীৱজীৰাও সিন্ধিয়াৰ পত্নী আছিল। পৰৱৰ্তী জীৱনত ভাৰতীয় সংসদৰ দুয়োটা সদনলৈ তেওঁ কেইবাবাৰো নিৰ্বাচিত হৈছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।১ উইলিয়াম ডালৰিম্পলে ১৯৯৮ চনত তেওঁৰ গ্ৰন্থ দ্য এজ অৱ কালিত লিখিছিল যে তেওঁ "এগৰাকী উন্মাদ আৰু এগৰাকী সন্ত; এগৰাকী বিপজ্জনক প্ৰতিক্ৰিয়াশীল আৰু এগৰাকী জাতীয় ত্ৰাণকৰ্তা; এগৰাকী জেদী আৰু আত্মসন্মানী পৌঢ় উন্মাদ আৰু এগৰাকী সাহসী আৰু স্থিতিস্থাপক দূৰদৰ্শী"।২
প্ৰাৰম্ভিক জীৱন
১৯১৯ চনত বৰ্তমানৰ মধ্যপ্ৰদেশৰ সাগৰত কোটলা ৰাজ্যৰ (U.P.) চৰকাৰী বিষয়া ঠাকুৰ মহেন্দ্ৰ সিঙ আৰু তেওঁৰ দ্বিতীয় পত্নী চুদা দেৱশ্বৰী দেৱীৰ ঘৰত তেওঁলোকৰ ডাঙৰ সন্তান বিজয়া ৰাজে সিন্ধিয়াই জন্মগ্ৰহণ কৰে। জন্মৰ সময়ত তেওঁৰ নাম আছিল লেখা দিব্যেশ্বৰী দেৱী। তেওঁৰ দেউতাক প্ৰাদেশিক প্ৰশাসনৰ ডেপুটি কালেক্টৰ আছিল। তেওঁৰ মাতৃ নেপালৰ ৰাণা বংশৰ প্ৰতিষ্ঠাপক জং বাহাদুৰ কোঁৱৰ ৰাণৰ ভতিজা নেপাল সেনাবাহিনীৰ প্ৰাক্তন প্ৰধান সেনাধ্যক্ষ খদগা শমশ্বেৰ জং বাহাদুৰ ৰানাৰ কন্যা আছিল। বিজয়া ৰাজেৰ জন্মৰ সময়তে তেওঁৰ মাতৃৰ মৃত্যু হয়। তেওঁৰ ভাতৃ হৈছে মায়া সিঙৰ স্বামী ধ্যানেন্দ্ৰ সিং।৩
ব্যক্তিগত জীৱন
১৯৪১ চনৰ ফেব্ৰুৱাৰী মাহত৪ ২২ বছৰ বয়সত বিজয়া ৰাজেৰ বিবাহ হয়৷ ভাৰতৰ অন্যতম ধনী আৰু উচ্চ পদবীৰ ৰাজকীয় ৰাজ্য গোৱালিয়ৰৰ মহাৰাজ জীৱাজীৰাও সিন্ধিয়াৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।
ৰাজনীতি
১৯৫৭ চনত বিজয়ৰাজে কংগ্ৰেছৰ টিকটত মধ্যপ্ৰদেশৰ গুণা লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে৷ পাঁচ বছৰৰ পাছত গোৱালিয়ৰৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকটত তেওঁ জয়ী হয়। পিছলৈ কংগ্ৰেছ ত্যাগ কৰি ১৯৬৭ চনত স্বতন্ত্ৰ পাৰ্টিৰ টিকটত গুণাৰ আসনখন লাভ কৰে। অতি সোনকালেই ভাৰতীয় জনসংঘত যোগদান কৰি তেওঁ ৰাজ্যৰ ৰাজনীতিত অংশ ল’বলৈ লোকসভাৰ পৰা পদত্যাগ কৰে। ১৯৬৭ চনত জনসংঘৰ প্ৰাৰ্থী হিচাপে মধ্যপ্ৰদেশৰ কাৰেৰা বিধানসভাৰ আসন লাভ কৰি ৰাজ্যৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত জন সংঘই ইন্দিৰা-ঢৌক অৱজ্ঞা কৰি গোৱালিয়ৰ অঞ্চলৰ ৩ খন আসন লাভ কৰে৷ ভিণ্ডৰ পৰা বিজয়া ৰাজে সিন্ধিয়া, গোৱালিয়ৰৰ পৰা বাজপেয়ী আৰু গুনাৰ পৰা মাধৱৰাও সিন্ধিয়া, যদিও পিছলৈ তেওঁ দল এৰি থৈ যায়।৫ ১৯৭৭ আৰু ১৯৮৪ চনত বিজয়ৰাজে সিন্ধিয়াই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল আৰু ১৯৮০ চনত ৰায়বৰেলীত ইন্দিৰা গান্ধীৰ হাতত পৰাস্ত হৈছিল। ১৯৮৯ চনত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে গুনাৰ পৰা তেওঁ জয়ী হৈছিল, আৰু ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত আসনখন অক্ষুণ্ণ ৰাখিছিল৷ জৰুৰীকালীন সময়ত ইন্দিৰা গান্ধীয়ে তেওঁক জেলত ভৰাই থৈছিল৷ শেষত তিহাৰ কাৰাগাৰত সহযোগী ৰাজমাতা আৰু সাংসদ গায়ত্ৰী দেৱীৰ সৈতে এটা কোঠাতে তেওঁ আছিল। সত্তৰৰ দশকত বিজয়ৰাজে আৰু তেওঁৰ পুত্ৰ মাধৱৰাওৰ মাজত সা-সম্পত্তিৰ বাবে ৰাজহুৱা বিবাদ হয়। তেওঁলোকৰ ভিন্ন ৰাজনৈতিক মতাদৰ্শৰ বাবে শত্ৰুতা বৃদ্ধি পালে।
বিজয়ৰাজে ১৯৮০ চনত বিজেপি নেতৃত্বৰ অন্যতম উপ-সভাপতি হিচাপে বিজেপি নেতৃত্বৰ আগশাৰীলৈ আহিছিল। দলৰ ৰাম জন্মভূমি আন্দোলনক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু তেওঁক চৰমপন্থী হিচাপে গণ্য কৰা হৈছিল। ১৯৯২ চনৰ ডিচেম্বৰ মাহত বাবৰি মছজিদ ভাঙি পেলোৱাৰ পিছত তেওঁ ঘোষণা কৰিছিল যে "তেওঁ এতিয়া কোনো আক্ষেপ নকৰাকৈয়ে মৃত্যুবৰণ কৰিব পাৰে, কাৰণ তেওঁ নিজৰ সপোন বাস্তৱায়িত হোৱা দেখিছে।"৬ ১৯৯৮ চনলৈকে তেওঁ বিজেপিৰ উপ-সভানেত্ৰী হৈ আছিল আৰু স্বাস্থ্যৰ ভিত্তিত পদত্যাগ কৰি নিৰ্বাচনী ৰাজনীতি এৰিছিল। ২০০১ চনৰ জানুৱাৰী মাহত তেওঁৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ Jain, Devaki. (14 August 2021). The Maharani who founded the BJP. The Citizen (India)
- ↑ Dalrymple, William. (1998). The Age of Kali: Indian Travels & Encounters. Knopf Doubleday Publishing. পৃ. 175. ISBN 978-0-307-94893-9
- ↑ (30 November 1998). The Theory Of Relativity. Outlook India
- ↑ Reed, Stanley. (1950). The Indian And Pakistan Year Book And Who's Who 1950. Bennett Coleman and Co. Ltd.. পৃ. 684
- ↑ Yadav, Shyamlal. (2020-03-13). The Gwalior dynasty: A short history of the Scindias in Indian politics. The Indian Express
- ↑ (5 December 1997). December 6, 1992, a memoir. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়া ৰাজে সিন্ধিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৪০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।