অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিল কুমাৰী ভাণ্ডাৰী

দিল কুমাৰী ভাণ্ডাৰী (Dil Kumari Bhandari; জন্ম: ১৪ মে' ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ছিকিমৰ পৰা লোকসভাৰ প্ৰথমগৰাকী মহিলা সদস্য। ২০১২ চনলৈকে তেওঁ ভাৰতীয় গোৰ্খাৰ সংগঠন ভাৰতীয় গোৰ্খা পৰিষদৰ সভানেত্ৰী আছিল। তেওঁ নেপালী ভাষী লোকৰ বাবে অহৰহ কাম কৰি আহিছে।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দিল কুমাৰী ভাণ্ডাৰী (Dil Kumari Bhandari; জন্ম: ১৪ মে' ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ছিকিমৰ পৰা লোকসভাৰ প্ৰথমগৰাকী মহিলা সদস্য। ২০১২ চনলৈকে তেওঁ ভাৰতীয় গোৰ্খাৰ সংগঠন ভাৰতীয় গোৰ্খা পৰিষদৰ সভানেত্ৰী আছিল। তেওঁ নেপালী ভাষী লোকৰ বাবে অহৰহ কাম কৰি আহিছে। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অৱদান হৈছে ভাৰতীয় সংবিধানৰ আঠ অনুসূচীত নেপালী ভাষা অন্তৰ্ভুক্ত কৰা।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৪৯ চনৰ ১৪ মে’ত ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ বানা পুট্টাবং গাঁৱত২ এটা উচ্চ সংস্কৃতিৱান আৰু পৰম্পৰাগত ৰায় পৰিয়ালত দিল কুমাৰীৰ জন্ম হৈছিল। তেওঁ প্ৰাক-বিশ্ববিদ্যালয় পৰ্যায়লৈকে অধ্যয়ন কৰিছিল।৩ ১৯৮৫ চনৰ মে'ৰ পৰা ১৯৮৯ চনৰ ২৭ নৱেম্বৰলৈকে আৰু ১৯৯১ চনৰ ২০ জুনৰ পৰা ১৯৯৬ চনৰ ১০ মে'লৈকে দুবাৰকৈ ছিকিমৰ পৰা দিল কুমাৰী সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়।৪

কেৰিয়াৰ

তেওঁ শিক্ষয়িত্ৰী, সমাজকৰ্মী আৰু সাংবাদিক হিচাপে কাম কৰিছিল।৫

ৰাজনৈতিক জীৱন

১৯৮৪ চনত ছিকিমৰ অষ্টম লোকসভা নিৰ্বাচনত নৰ বাহাদুৰ ভাণ্ডাৰীয়ে ৮৬,০২৪ খন আসনৰ ভিতৰত ৫৬, ৬১৪ খন আসন লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিছিল। এই বিধানসভা নিৰ্বাচনত দিল কুমাৰী ভাণ্ডাৰী পৰাজিত হৈছিল। কিন্তু নৰ বাহাদুৰ ভাণ্ডাৰীয়ে সংসদৰ আসন এৰিবলগীয়া হৈছিল, কিয়নো তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ’বলৈ ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হৈছিল। ফলত ১৯৮৫ চনৰ এপ্ৰিল মাহত উপ-নিৰ্বাচনৰ নিৰ্দেশ দিয়া হয় য’ত দিল কুমাৰী ভাণ্ডাৰীকে ধৰি ৯ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কিন্তু একাদশ ঘণ্টাত দিল কুমাৰী ভাণ্ডাৰীৰ বাহিৰে সকলোৱে মনোনয়ন প্ৰত্যাহাৰ কৰে। ফলত তেওঁক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰা হয় আৰু ১৯৮৯ চনৰ ২৭ নৱেম্বৰলৈকে তেওঁ বিধানসভাত কাৰ্যনিৰ্বাহ কৰে।

১৯৮৯ চনত ছিকিমৰ পৰা নৱম লোকসভা নিৰ্বাচনত দিল কুমাৰী ভাণ্ডাৰী (ভাৰতীয় জাতীয় কংগ্ৰেছ) ১,৩৩,৬৯৯ খন আসনৰ ভিতৰত মাত্ৰ ২৮, ৮২২ খন আসন লাভ কৰাৰ বিপৰীতে বিজয়ী নন্দু থাপা (চিকিম সংগ্ৰাম পৰিষদে) ৯১,৬০৮ খন আসন লাভ কৰে।৬

১৯৯১ চনত ছিকিমৰ পৰা অনুষ্ঠিত হোৱা দশম লোকসভা নিৰ্বাচনত ছিকিম সংগ্ৰাম পৰিষদলৈ উভতি অহা দিল কুমাৰী ভাণ্ডাৰীয়ে মুঠ ১,১৮, ৫০২টা বৈধ ভোটৰ পৰা ১,০৩, ৯৭০টা ভোট লাভ কৰি নিৰ্বাচনত জয়ী হয় আৰু ১৯৯১ চনৰ ২০ জুনলৈকে বিধানসভাত কাৰ্যনিৰ্বাহ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ (19 December 2016). 5 Parliamentarians Who Helped Sikkim Become a Flourishing State. Nelive
  2. ↑ loksabhaph.nic.in writereaddata biodata
  3. ↑ Bio-Data of Member of X Lok Sabha. www.indiapress.org
  4. ↑ cannot be reached. www.parliamentofindia.nic.in
  5. ↑ Bio-Data of Member of X Lok Sabha. www.indiapress.org
  6. ↑ Lama, Mahendra P. (1994). Sikkim: Society, Polity, Economy, Environment. Indus Publishing. ISBN 9788173870132
  7. ↑ Lama, Mahendra P. (1994). Sikkim: Society, Polity, Economy, Environment. Indus Publishing. ISBN 9788173870132

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিল কুমাৰী ভাণ্ডাৰী” প্ৰবন্ধৰ সংশোধন ৪৭৩১৪০ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।