দিয়া কুমাৰী (Diya Kumari, জন্ম-৩০ জানুৱাৰী ১৯৭১) ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৰ্তমান ভজন লাল শৰ্মাৰ মন্ত্ৰালয়ত প্ৰেম চন্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ ষষ্ঠ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১ বৰ্তমান তেওঁ ১৬ নং ৰাজস্থান বিধানসভাত বিধায়ক হিচাপে বিদ্যাধৰ নগৰক প্ৰতিনিধিত্ব কৰি আছে। তেওঁ জয়পুৰ ৰাজ্যৰ কাচৱাহা পৰিয়ালৰ সদস্য।
তেওঁ ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰাজসামন্দ সংসদীয় আসনৰ পৰা লোকসভাৰ সদস্য আছিল।২
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৭১ চনৰ ৩০ জানুৱাৰীত জয়পুৰত ভাৰতীয় সেনাৰ এজন সজ্জিত বিষয়া আৰু হোটেলৰ মালিক ভৱানী সিং আৰু পদুমী দেৱীৰ ঘৰত দিয়া কুমাৰীয়ে জন্মগ্ৰহণ কৰে।৩৪৫ তেওঁ ব্ৰিটিছ ৰাজৰ সময়ৰ জয়পুৰৰ অন্তিমজন শাসক মহাৰাজা দ্বিতীয় মান সিংহৰ নাতিনী।৬
কুমাৰীয়ে মডাৰ্ণ স্কুল (নতুন দিল্লী), জি.ডি. সোমানী মেম’ৰিয়েল স্কুল, মুম্বাই আৰু মহাৰাণী গায়ত্ৰী দেৱী বালিকা পাব্লিক স্কুল, জয়পুৰত অধ্যয়ন কৰিছিল। ১৯৮৯ চনত লণ্ডনৰ চেলচিয়া স্কুল অৱ আৰ্টছত শিক্ষা গ্ৰহণ কৰি সুকুমাৰ কলাত স্নাতক ডিপ্লমা আৰু মাননীয় ড. জয়পুৰৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।২৭৪৮
ৰাজনৈতিক জীৱন
দিয়া কুমাৰীৰ প্ৰয়াত পিতৃ তথা জয়পুৰৰ প্ৰাক্তন উপাধি ৰজা ভৱানী সিঙে ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত জয়পুৰৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়।৯
কুমাৰীৰ তোলনীয়া আইতাক আৰু জয়পুৰৰ প্ৰাক্তন ৰাণী গায়ত্ৰী দেৱীয়ে ১৯৬২, ১৯৬৭ আৰু ১৯৭১ চনত তিনিবাৰকৈ জয়পুৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
২০১৩ চনৰ ১০ ছেপ্টেম্বৰত জয়পুৰত এখন সভাত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ সভাপতি ৰাজনাথ সিং আৰু ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ উপস্থিতিত দুই লাখ জনতাৰ সন্মুখত কুমাৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।১০২০১৩ চনৰ ৰাজস্থান বিধানসভাৰ নিৰ্বাচনত ছাৱাই মধুপুৰৰ পৰা তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিধায়ক হৈছিল।১১ কিন্তু ২০১৮ চনৰ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা নাছিল৷ সেইবাৰ বিজেপি পৰাস্ত হৈছিল।১২২০১৯ চনত ৰাজসামন্দৰ পৰা লোকসভালৈ সংসদৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়। তেওঁ ৮৫৮,০০০ ভোট লাভ কৰে আৰু পৰাজিত প্ৰাৰ্থীৰ লগত তেওঁৰ ভোটৰ ব্যৱধান আছিল ৫৫১,০০০ ভোটৰ৷ এই ব্যৱধান ২০১৯ চনৰ শীৰ্ষ ২০টা বৃহৎ জয়ৰ ব্যৱধানৰ ভিতৰত গণ্য কৰা হয়।১৩১৪
তথ্যসূত্ৰ
- ↑ (12 December 2023). Who Are Diya Kumari, Prem Bairwa: 'Princess Who Walks On Streets' Among Rajasthan Deputy CMs. ABP News
- ↑ Diya Kumari · National Portal of India. www.india.gov.in
- ↑ Members: Lok Sabha. loksabhaph.nic.in
- ↑ Who Is Diya Kumari, The Billionaire Princess Of Jaipur Who Claims Taj Mahal Belonged To Her Ancestors?. Zee News
- ↑ Webdunia. Diya Kumari, दीया कुमारी, Vidhyadhar Nagar, विद्याधर नगर, BJP, Rajasthan, राजस्थान, asssembly election 2023. hindi.webdunia.com
- ↑ Parihar, Rohit. (August 21, 2006). New will by Gayatri Devi's late son resurfaces, ignites property war in family. India Today
- ↑ Royal Jaipur- Explore the Royal Landmarks in Jaipur. royaljaipur.in
- ↑ Home · Amity Alumni. alumni.amity.edu
- ↑ (2023-10-14). In Jaipur royal Diya Kumari rise in BJP, an echo of estranged mentor Raje arc. The Indian Express
- ↑ (11 September 2013). Jaipur princess joins BJP. The Telegraph
- ↑ Joseph, Joychen. (January 16, 2019). After 21 years, Rajasthan ex-royal Diya Kumari, her hubby separated. The Times of India
- ↑ (2019-05-23). Erstwhile royal family member Diya Kumari wins Rajsamand seat by over 5 lakh votes. Zee News
- ↑ भाषा. (2019-05-24). रिकॉर्ड मतों से जीतने वाले बढ़े, पहली बार चार प्रत्याशी छह लाख से ज़्यादा मतों से जीते. The Wire - Hindi
- ↑ BJP's C R Patil wins by 6.89 L votes, biggest victory margin. Rediff
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিয়া কুমাৰী” প্ৰবন্ধৰ সংশোধন ৪৭৬৬৪৮ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।