অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনসুয়াবাই কালে

অনসুয়াবাই কালে (Anasuyabai Kale) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ১৯৫২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নাগপুৰৰ পৰা তেওঁ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। ১৯৫৭ চনত পুনৰ দ্বিতীয় লোকসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অনসুয়াবাই কালে (Anasuyabai Kale) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ১৯৫২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নাগপুৰৰ পৰা তেওঁ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। ১৯৫৭ চনত পুনৰ দ্বিতীয় লোকসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।১২

লোকসভালৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে কালে ১৯২৮ চনত মনোনীত হোৱা কেন্দ্ৰীয় প্ৰদেশ আৰু বেৰাৰৰ বিধানসভাৰ সদস্য আছিল। ১৯৩৭ চনত কেন্দ্ৰীয় প্ৰদেশ বিধানসভাৰ উপ-সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।১ ১৯৪৮ চনত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷৩

আউন্ধ ৰাজ্যৰ দ্য দিৱানৰ তেওঁ বংশধৰ আছিল। পুনাৰ হুজুৰ পাগা হাইস্কুল আৰু ফাৰ্গুচন কলেজত তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ তাৰ পিছত তেওঁ বৰোদাৰ বৰোদা কলেজত শিক্ষা গ্ৰহণ কৰে। পুৰুষোত্তম বালকৃষ্ণ কালেৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছিল।১ ১৯৫৭ চনত নাগপুৰৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত দুবছৰৰ পিছত মধ্যকালীন অৱস্থাত তেওঁৰ মৃত্যু হয়।৪৫

তথ্যসূত্ৰ

  1. ↑ Anasuyabai Kale Profile. লোকসভা
  2. ↑ S.R. Bakshi And O.P. Ralhan. (2008). Madhya Pradesh Through the Ages. Sarup & Sons. পৃ. 68–. ISBN 978-81-7625-806-7
  3. ↑ Past Presidents. All India Women's Conference
  4. ↑ The Parallel Force. StreeShakti
  5. ↑ (1958). The Times of India Directory & Yearbook, Including Who's who. Times of India Press. পৃ. 1120

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনসুয়াবাই কালে” প্ৰবন্ধৰ সংশোধন ৪৭৬১০৯ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।