অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুপ্ৰিয়া পেটেল

অনুপ্ৰিয়া সিং পেটেল (Anupriya Patel, জন্ম ২৮ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী। তেওঁ ২০১৬ চনৰ পৰা আপনা দল (সোনেলাল) দলৰ সভানেত্ৰী আৰু ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ৪ জুনলৈকে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অনুপ্ৰিয়া সিং পেটেল (Anupriya Patel, জন্ম ২৮ এপ্ৰিল ১৯৮১)১ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী। তেওঁ ২০১৬ চনৰ পৰা আপনা দল (সোনেলাল) দলৰ সভানেত্ৰী আৰু ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ৪ জুনলৈকে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী।২ ২০১৪ চনৰ পৰা মিৰ্জাপুৰক লোকসভাত তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে। ২০১৬ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আছিল।৩ ইয়াৰ পূৰ্বে বাৰাণসীৰ উত্তৰ প্ৰদেশৰ বিধানসভাৰ ৰোহনিয়া সমষ্টিৰ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল, য'ত তেওঁ ২০১২ চনৰ পৰা ২০১৪ চনলৈকে ভাৰতৰ শান্তি পাৰ্টি আৰু বুণ্ডেলখণ্ড কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি প্ৰচাৰ চলাইছিল।৪৫

জীৱন

অনুপ্ৰিয়া পেটেল উত্তৰ প্ৰদেশত ভিত্তি কৰি গঠিত হোৱা আপনা দল (সোনেলাল) ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰা সোণেলাল পেটেলৰ কন্যা।৬ তেওঁ কুৰ্মি সম্প্ৰদায়ৰ।৭৮তেওঁ লেডী শ্ৰী ৰাম কলেজ আৰু ছাত্ৰপতি শ্বাহুজী মহাৰাজ বিশ্ববিদ্যালয়,৯ পূৰ্বতে কানপুৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। তেওঁ মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ (এম বি এ)১০ আৰু এমিটিত অধ্যাপনা কৰিছে।৪

কৰ্মজীৱন

২০০৯ চনৰ অক্টোবৰ মাহত পিতৃৰ মৃত্যুৰ পিছৰে পৰা পেটেল আপনা দলৰ সভাপতি আছিল।৪ ২০১২ চনত বাৰাণসীৰ ৰোহনিয়া সমষ্টিৰ বাবে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।১১

২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা কৰি পেটেলৰ দলটোৱে প্ৰচাৰ চলাইছিল। মিৰ্জাপুৰ সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়। নিৰ্বাচনৰ পিছত দুয়োটা দল একত্ৰিত হ'ব বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল যদিও পেটেলে তেনেকুৱা প্ৰস্তাৱ অহাৰ বাতৰি নাকচ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Sinha, Arunav. (4 February 2012). I feel good to be part of this process: Anupriya. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Home. Mcommerce
  3. ↑ (27 May 2014). No ministerial berth for Anupriya Patel. The Times of India
  4. ↑ Seth, Maulshree. (12 February 2012). LSR graduate, 32, leads her party's UP campaign. Indian Express
  5. ↑ Constituency Wise Result Status
  6. ↑ (5 July 2023). Keeping up with UP · A small party plays a big role. hindustantimes
  7. ↑ (2019-05-14). Anupriya Patel बोलीं, कुर्मी हूं तो कुर्मियों में प्रभाव होगा ही · Lok Sabha Elections 2019. TV9 Bharatvarsh
  8. ↑ (2016-07-06). Anupriya Patel: BJP's Kurmi card in election-bound U.P.. The Hindu
  9. ↑ Members: Lok Sabha
  10. ↑ Layak, Suman. (10 July 2016). Cabinet reshuffle: Modi government's got talent but is it being fully utilised?. The Economic Times
  11. ↑ Rohaniya Assembly Constituency Election Result 2022 – Candidates, MLAs, Live Updates & News. www.elections.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদউত্তৰ প্ৰদেশৰ ব্যক্তিভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপ্ৰিয়া পেটেল” প্ৰবন্ধৰ সংশোধন ৪৭৭৭৬৫ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।