ৰচনা বেনাৰ্জী (Rachna Banerjee; ২ অক্টোবৰ ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ঔদ্যোগী, টেলিভিছনৰ পৰিৱেশক, আৰু ৰাজনীতিবিদ। তেওঁ সাধাৰণতে বাংলা, উড়িয়াৰ লগতে তেলেগু, তামিল আৰু কানাড়া ছবিতো কাম কৰিছে।১
১৯৯১ চনত তেওঁ মিছ কলকাতাৰ মুকুট পিন্ধিছিল। তেওঁ ভাৰতৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছ বিউটিফুল স্মাইলকে ধৰি পাঁচখন সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হৈছে।২তেওঁ শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহৰ পৰা পশ্চিম বংগৰ হুগলী (লোকসভা সমষ্টি)ৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩
প্ৰাৰম্ভিক জীৱন
১৯৭২ চনৰ ২ অক্টোবৰ৪৫তাৰিখে পশ্চিম বংগৰ কলিকতা (বৰ্তমান কলকাতা)ত জন্মগ্ৰহণ কৰা ৰচনা বেনাৰ্জী পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰবীন্দ্ৰনাথ বেনাৰ্জী।৬ তেওঁৰ প্ৰকৃত নাম আছিল ঝুমঝুম বেনাৰ্জী।৭৮ তেওঁ ৰাষ্ট্ৰীয় ছোৱালী হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে।৯
মডেলিং আৰু অভিনয় জগতত
বেনাৰ্জীয়ে ১৯৯১ চনত মিছ কলকাতা প্ৰতিযোগিতাত জয়লাভ কৰিছিল যেতিয়া তেওঁ চাউথ চিটি কলেজৰ দ্বিতীয় বৰ্ষৰ স্নাতক পাঠ্যক্ৰমত পঢ়ি আছিল। অভিনয় জীৱন আৰম্ভ কৰাৰ পূৰ্বে কেইবাখনো সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে তেওঁক প্ৰায়ে ‘মিছ বিউটিফুল স্মাইল’ বুলি ঘোষণা কৰা হৈছিল। ১৯৯২ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে য’ত মধু সপ্ৰেৱে খিতাপ দখল কৰে।
অভিনয় কেৰিয়াৰ (১৯৯৩-২০১৭)
সুখেন দাসে তেওঁৰ ডেন প্ৰতিদান (১৯৯৩)ত মহিলা নায়িকাৰ বাবে বেনাৰ্জীক বাছি লৈছিল। তেওঁ তাইৰ নাম সলনি কৰি ৰচনা কৰা হৈছিল, যিটো নাম দাসে ‘ৰবীন্দ্ৰ ৰচনাৱলী’ পাইছিল। ৰচনাই আজিলৈকে প্ৰায় ৪৫খন ওড়িয়া চিনেমা কৰিছে। তাৰ ভিতৰত অন্যতম কাল্ট চিনেমা সূৰ্য্যবংশম ছবিখনত অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছিল।১০
ব্যক্তিগত জীৱন
ৰচনা বেনাৰ্জীয়ে তেওঁৰ সহ অভিনেতা সিদ্ধান্ত মহাপাত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০০৪ চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়।১১১২ ২০০৭ চনত প্ৰবাল বসুৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু ২০১৬ চনত তেওঁৰ পৰাও বিচ্ছেদ হয়। তেওঁলোকৰ এজন পুত্ৰ আছে।১৩
ৰাজনৈতিক জীৱন
২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ লকেট চেটাৰ্জীৰ বিৰুদ্ধে হুগলী লোকসভা সমষ্টিৰ আসনৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰি ৭৬,৮৫৩টা ভোটৰ ব্যৱধানত জয়ী হৈছিল।১৪১৫
তথ্যসূত্ৰ
- ↑ (13 December 2021). আমাৰ জীবনে কোনো পুৰুষেৰ প্ৰয়োজন নেই: ৰচনা. Dainik Eidin - দৈনিক এইদিন
- ↑ Sandeep Mishra. (11 April 2009). Sidhant runs into' Rachana. The Times of India
- ↑ (5 June 2024). A turncoat and a 'missing' MP cost BJP two seats in South Bengal. The Hindu
- ↑ Didi No. 1 to celebrate host Rachna Banerjee's birthday. Times of India
- ↑ [https://affidavit.eci.gov.in/show-profile/eyJpdiI6Ijl6TE16Y1N5SWsyT2Q0Mk1OUmUyUXc9PSIsInZhbHVlIjoiNU9pUStwVHU4MGdlMlVIQnVkZnpzZz09IiwibWFjIjoiNWUzNDJlZGI2NDdjYjI0OWIzY2RhZDliMjU0MDdhYmE4M2Y2ODhlOWFhYjUyMjRmYWJiNjljZjIwYTllMTc5ZiIsInRhZyI6IiJ9/eyJpdiI6IjQxeTlHajRscG5XM1N5WXg2ZEl6alE9PSIsInZhbHVlIjoieXhnanJqL1FCUitmWG9pWW8rVFQrdz09IiwibWFjIjoiMmIwZWQ0ZTg3NTBlMDJjMmVkOWMwMWUxZGMxNDkxZDA2ZTlhMWRhMzY4MTBkNzkwYThlNTE2MWEwMGIwNzk5NiIsInRhZyI6IiJ9/eyJpdiI6Im1tVklOZVBIUklaeENiWGY2dnowL0E9PSIsInZhbHVlIjoiTWhkVm9CdzM3dEdKa3U0d1lNSlh4Zz09IiwibWFjIjoiM2EwZmRlZjM1ZGIzMzZiN2UwOTdmZTc1NWQyOTc5ODIxNzRlMzQ3NzE3ZDc2ZjVlZjJjNzA3ZWY3NmVjOTA5ZSIsInRhZyI6IiJ9/eyJpdiI6Ik44Y0FsU1hxSXVBb0ZuZzZneGtGbWc9PSIsInZhbHVlIjoiLzRhTzZ6YUpMbXFUdTNtOVRNa1A4UT09IiwibWFjIjoiNTliYTJjZWZhY2M5NDk5Yzg1MGJmMmZkYWVmMTExODAzMDJiZjBjZmY3MDc1Y2IzNjViOGI0YTJjNmQyZmZjZCIsInRhZyI6IiJ9/eyJpdiI6Ijg5MlVrTXgrdXlqSTdKSHRMblh1T0E9PSIsInZhbHVlI
- ↑ (18 November 2021). Actress Rachna Banerjee misses her father; shares an emotional note. The Times of India
- ↑ (27 September 2021). Who Is Rachna Banerjee? Why Was The Didi No 1 Host Trolled For Selling Sarees Online?. SheThePeople
- ↑ Actress Rachna Banerjee's real name is known as Jhumjhum.
- ↑ (5 June 2024). A turncoat and a 'missing' MP cost BJP two seats in South Bengal. The Hindu
- ↑ (26 August 2023). कहां हैं 'सूर्यवंशम' में अमिताभ बच्चन का प्यार ठुकराने वाली ये हीरोइन?. Jansatta
- ↑ Mishra, Sandeep. (11 April 2009). Sidhant runs into' Rachana. The Times of India
- ↑ (15 December 2012). 'Rachna & I knew each other inside out'. The Telegraph
- ↑ (19 September 2016). Actress Rachana Banerjee Separated From Her Husband?. Update Odisha
- ↑ General Election to Parliamentary Constituencies: Trends & Results June-2024 Parliamentary Constituency 28 - Hooghly (West Bengal). Election Commission of India
- ↑ (4 June 2024). 'Didi No.1' Rachna Banerjee Beats Firebrand BJP MP Locket Chatterjee On Poll Debut. ABP News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰচনা বেনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৭৪ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।