ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ
২০৬ প্ৰবন্ধ
-
বন্দিনী (চলচ্চিত্ৰ)
বন্দিনী ( Bandini) ১৯৬৩ চনৰ বিমল ৰায়ৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি। ইয়াত নূতন, অশোক কুমাৰ আৰু ধৰ্মেন্দ্ৰই অভিনয় কৰিছে। হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ছবিখনত কাৰাবন্দী হৈ থকা এগৰাকী সৰ্বদুখী, নিস্বাৰ্থ, ত্যাগী আৰু শক্তিশালী, অথচ দুৰ্বল ভাৰতীয় মহিলাৰ কাহিনী…
-
ববী (১৯৭৩ চলচ্চিত্ৰ)
ববী ( Bobby ) ১৯৭৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন সংগীতমধুৰ ৰোমাঞ্চ ছবি। পৰিচালনা আৰু প্ৰযোজনা ৰাজ কাপুৰৰ আৰু ৰচনা খাজা আহমদ আব্বাছৰ। ছবিখনত ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰে ডিম্পল কপাড়িয়াৰ প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
বহু বেগম
বহু বেগম ( Bahu Begum ) ১৯৬৭ চনৰ এম ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ছবি আৰু ইয়াত প্ৰদীপ কুমাৰ , মীনা কুমাৰী আৰু অশোক কুমাৰে অভিনয় কৰিছে। ছবিখনৰ সংগীত ৰোশনৰ আৰু গীতৰ কথা ছাহিৰ লুধিয়ানৱীৰ।
-
বাজাৰ (১৯৮২ চনৰ ছবি)
বজাৰ হ'ল১৯৮২ চনত নিৰ্মিত সাগৰ সাৰহাদীৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবি৷ উপসাগৰীয় অঞ্চলৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে এগৰাকী কণমানি ছোৱালীক ধনী প্ৰবাসী ভাৰতীয়ক বিক্ৰী কৰাৰ ট্ৰেজেডীৰ মাজেৰে ভাৰতৰ হায়দৰাবাদত পৰিৱেশিত ছবিখনে ভাৰতত কইনা ক্ৰয়ৰ বিষয়টোক উজ্জ্বল কৰি তুলিছে।
-
বিউটিফুল (২০২০ চনৰ চলচ্চিত্ৰ)
বিউটিফুল: এন অ'ড টু ৰংগীলা ২০২০ চনৰ ভাৰতীয় হিন্দী-ভাষাৰ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ, যি অগস্ত্য মঞ্জুৱে পৰিচালনা কৰিছিল আৰু নৰেশ কুমাৰ টি.য়ে প্ৰযোজনা কৰিছিল। চলচ্চিত্ৰখনত নয়না গাংগুলী, কে. কে. বিনোজী, আৰু পাৰ্থ সূৰীয়ে মুখ্য ভূমিকা নিভাইছিল।
-
বিৰাজ বহু
বিৰাজ বহু ( Biraj Bahu ) ১৯৫৪ চনত মুক্তি পোৱা আৰু শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বাংলা উপন্যাসৰ আধাৰত নিৰ্মিত এখন হিন্দী ছবি। ছবিৰ পৰিচালক বিমল ৰায় আৰু প্ৰযোজক হিতেন চৌধুৰী। কামিনী কৌশল, অভি ভট্টাচাৰ্য আৰু প্ৰাণ অভিনীত ছবিখনৰ সংগীত ৰচনা সলিল চৌধুৰীৰ।
-
বেগম জান (২০১৭ চলচ্চিত্ৰ)
বেগম জান (Begum Jaan ) ২০১৭ চনৰ ভাৰতীয় হিন্দী পিৰিয়দ নাট্যধৰ্মী ছবি। এইখনৰ পৰিচালনা আৰু সহ-লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী পৰিচালক শ্ৰীজিৎ মুখাৰ্জীৰ। বেগম জান মুখাৰ্জীৰ প্ৰথম হিন্দী পৰিচালনা। প্ৰযোজনা কৰিছে মুকেশ ভাট, বিশেষ ভাট আৰু প্লে এণ্টাৰটেইনমেণ্টে।
-
ব’ৰ্ণ ইনটু ব্ৰ’থেল
ব’ৰ্ণ ইনটু ব্ৰ’থেল: কেলকাতাজ্ ৰেড লাইট কিডছ্ (Born into Brothels: Calcutta’s Red Light Kids) ২০০৪ চনত কলকাতাৰ ৰেড লাইট এলেকাৰ সোনাগাছিৰ যৌনকৰ্মীসকলৰ সন্তানক লৈ নিৰ্মিত এখন ভাৰতীয়-আমেৰিকান তথ্যচিত্ৰ।
-
ভাবী (১৯৫৭ চলচ্চিত্ৰ)
ভাবী ( Bhabhi ) ১৯৫৭ চনৰ কৃষ্ণন–পাঞ্জুৱে এভিএম প্ৰডাকচনৰ বাবে পৰিচালনা কৰা এখন হিন্দী ভাষাৰ ছবি। ইয়াত বলৰাজ সাহনী, পাণ্ডাৰী বাই আৰু নন্দাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনে বছৰৰ অষ্টম সৰ্বাধিক উপাৰ্জন কৰা বলীউডী ছবি হিচাপে পৰিগণিত হয়।
-
ভালো মেয়ে খাৰাপ মেয়ে
ভালো মেয়ে খাৰাপ মেয়ে (Bhalo Maye Kharap Maye) ২০১৯ চনত তমল দাসগুপ্তৰ পৰিচালনাত নিৰ্মিত এখন বাংলা নাট্যধৰ্মী ছবি। সুচিত্ৰ ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখন ২০১৯ চনৰ ১৩ ছেপ্টেম্বৰত শ্ৰীজিতা ফিল্মছ এণ্ড এণ্টাৰটেইনমেণ্টৰ বেনাৰত মুক্তি পায়।
-
মংগলা (চলচ্চিত্ৰ)
মংগলা ( Mangla) এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা ডাঃ মংগলা কাপুৰৰ জীৱনৰ আধাৰত নিৰ্মিত ২০২৫ চনৰ ভাৰতীয় মাৰাঠী ভাষাৰ এখন জীৱনীমূলক নাট্য ছবি। পৰিচালনা আৰু সহ-প্ৰযোজনা অপৰানা হোছিঙৰ। ৰেছ প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন যশনা মুৰলী, মোহন পূজাৰী, আৰু মিলিন্দ ফোডকাৰে প্ৰযোজনা কৰিছে।
-
মধুবালা (১৯৫০ চলচ্চিত্ৰ)
মধুবালা ( Madhubala ) ১৯৫০ চনৰ প্ৰহ্লাদ দত্তৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী ছবি। ছবিখনত মধুবালাই এনে এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যি দেউতাকৰ অজস্ৰ ধন-সম্পদৰ উত্তৰাধিকাৰী। তেওঁক কেইবাজনো লোকে ফুচলাবৰ চেষ্টা কৰিছে আৰু তেওঁ প্ৰকৃত প্ৰেমৰ সন্ধান কৰিছে।
-
মা বেটী
মা বেটী হ'ল ১৯৮৬ চনৰ ভাৰতীয় পাৰিবাৰিক নাট্য চলচ্চিত্ৰ। বলীউডৰ এইখন চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশী কাপুৰ, শৰ্মিলা ঠাকুৰ, তনুজা আৰু মীনাক্ষী শেশাদ্ৰীয়ে।
-
মাগালিৰ মাট্টুম (১৯৯৪ চলচ্চিত্ৰ)
মাগালিৰ মাট্টুম ( Magalir Mattum) ১৯৯৪ চনৰ ছিংগীতম শ্ৰীনিবাস ৰাওৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ব্যংগ ছবি। প্ৰযোজনা কমল হাছানৰ আৰু ৰচনা ক্ৰেজি মোহনৰ। ছবিখনত অভিনয় কৰিছে নাছাৰ, ৰেৱতী, উৰ্বশী আৰু ৰোহিনীয়ে।
-
মাগালিৰ মাট্টুম (২০১৭ চলচ্চিত্ৰ)
মাগালিৰ মাট্টুম ( Ladies Only) ২০১৭ চনৰ ভাৰতীয় তামিল কমেডী নাটক ছবি ব্ৰহ্মৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন তামিল কমেডী নাট্যধৰ্মী ছবি। কুট্ট্ৰম কাদিথালৰ (২০১৫) পিছত পৰিচালকজনৰ এয়া দ্বিতীয়টো উদ্যোগ আছিল।
-
মাম্মো
মাম্মো (Mammo ) হৈছে ১৯৯৪ চনj শ্যাম বেনেগাল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি। ইয়াত অভিনয় কৰিছে ফৰিদা জালাল, সুৰেখা ছিক্ৰী, অমিত ফাল্কে আৰু ৰজিত কাপুৰে। ছবিখন ১৯৯৫ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
মায়া (২০০১ চনৰ চলচ্চিত্ৰ)
মায়া হৈছে ২০০১ চনৰ হিন্দী চলচ্চিত্ৰ, যাক দিগ্বিজয় সিঙে পৰিচালনা কৰিছিল। নিত্যা শেট্টী, মিতা বশিষ্ঠ, অনন্ত নাগ আৰু নিখিল য়াদৱে মুখ্য ভূমিকাত অভিনয় কৰিছিল।
-
মাহেৰচী শাড়ী
মাহেৰচী শাড়ী (অনু. মাকৰ ঘৰৰ শাড়ী; Maherchi Sadi ) ১৯৯১ চনৰ এখন ভাৰতীয় মাৰাঠী ভাষাৰ পাৰিবাৰিক নাট্যধৰ্মী ছবিষ যিখনৰ পৰিচালক আৰু নিৰ্মাতা বিজয় কোণ্ডকে। ইয়াত অলকা কুবাল, উষা নাডকাৰ্ণী, ৰমেশ ভাটকাৰ, বিজয় চাৱন আৰু অজিংক্য দেওৱে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
মীনা (চলচ্চিত্ৰ)
মীনা হ'ল ভাৰতত যৌন সৰবৰাহৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ। ২০১৪ চনৰ ২৬ জুনত নিউয়ৰ্ক চহৰত এইখন চলচ্চিত্ৰৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ২০ মিনিট ১৪ ছেকেণ্ড। এই ছবিখনৰ যোগেদি লুচি লিউ, কলিন কে গ্ৰে, আৰু মেগান ৰেনীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।
-
মীৰা (১৯৪৫ চলচ্চিত্ৰ)
মীৰা ১৯৪৫ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ঐতিহাসিক সংগীতপ্ৰধান চলচ্চিত্ৰ, যাৰ পৰিচালনা এলিছ আৰ ডুংগানে কৰিছিল। প্ৰযোজনা টি সদাশিৱমৰ আৰু ৰচনা কল্কি কৃষ্ণমূৰ্তিৰ। ষোড়শ শতিকাৰ ৰহস্যবাদী আৰু কবি মীৰাবাঈৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
মীৰা (১৯৭৯ চলচ্চিত্ৰ)
মীৰা ১৯৭৯ চনৰ গুলজাৰ ৰচিত আৰু পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেমৰ সন্ধানত ৰাজকীয় আৰাম ত্যাগ কৰা হিন্দু সাধ্বী-কবি মীৰাৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন। ভাৰতীয় বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰা নাছিল যদিও সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।
-
মেই জিন্দা হুঁ
মেই জিন্দা হুঁ (অনু. মই জীয়াই আছো; Ladies Only) ১৯৮৮ চনত সুধীৰ মিশ্ৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয়, হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত ৰাজেন্দ্ৰ গুপ্ত, পংকজ কাপুৰ, দীপ্তি নাভাল আৰু আলোক নাথে অভিনয় কৰিছে।
-
মেৰী কম (চলচ্চিত্ৰ)
মেৰী কম (Mary Kom) ২০১৪ চনত মুক্তি পোৱা আৰু ভাৰতত নিৰ্মিত এখন হিন্দী ভাষাৰ জীৱনীমূলক ক্ৰীড়াবিষয়ক ছবি। ইপোনিমাছ বক্সাৰ মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক হৈছে ওমুং কুমাৰ। প্ৰযোজনা কৰিছে ভায়কম ১৮ মোচন পিকচাৰ্ছ আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে।
-
মোহিনিয়াত্তম (চলচ্চিত্ৰ)
মোহিনিয়াত্তম (Mohiniyattam) হৈছে শ্ৰীকুমাৰন থাম্পিৰ দ্বাৰা পৰিচালিত ১৯৭৬ চনৰ ভাৰতীয় মালায়ালম চলচ্চিত্ৰ। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অদুৰ ভাচী, লক্ষ্মী, টি আৰ ওমানা আৰু নীলাম্বুৰ বালানে। চলচ্চিত্ৰখনত জি দেৱৰাজনৰ সংগীতৰ স্কোৰ আছে।
-
লক্ষ্মী (২০১৪ চলচ্চিত্ৰ)
লক্ষ্মী Lakshmi) ২০১৪ চনৰ নাগেশ কুকুনুৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক সামাজিক সমস্যাৰ ছবি। ইয়াত শ্বেফালী শ্বাহ, ৰাম কাপুৰ, সতীশ কৌশিক, আৰু কুকুনুৰৰ সৈতে শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে মোনালি ঠাকুৰে।
-
লড়কী: ড্ৰেগন গাৰ্ল
লড়কী: ড্ৰেগন গাৰ্ল (বিকল্প শিৰোনাম: এণ্টাৰ দ্য গাৰ্ল ড্ৰেগন; Ladki: Dragon Girl) ২০২২ চনৰ, ইণ্ডো চাইনীজ প্ৰডাকছনৰ অধীনত ৰাম গোপাল বাৰ্মা, আৰু জিং লিউয়ে ৰচনা আৰু পৰিচালনা কৰা(4) ভাৰতীয় হিন্দী ভাষাৰ এখন যুদ্ধকলা বিষয়ক ছবি।
-
লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা
লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা (Lipstick Under My Burkha) ২০১৬ চনৰ অলংকৃতা শ্ৰীবাস্তৱ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ব্লেক কমেডী ছবি। প্ৰযোজনা প্ৰকাশ ঝাৰ।
-
লেক চলালি সাসাৰলা
লেক চলালি সাসাৰলা (Lek Chalali Sasarla) (অনুবাদঃ কন্যা পিতৃগৃহলৈ গ'ল) ১৯৮৪ চনত এন এছ বৈদ্যৰ প্ৰথম পৰিচালনাত নিৰ্মিত ভাৰতীয় মাৰাঠী ভাষাৰ নাটকীয় ছবি ৷ ছবিখনৰ প্ৰযোজক অন্নচাহেব দেউলগাঁওকাৰে এন জি কৰ্মকাৰৰ সৈতে সহযোগী চিত্ৰনাট্য আৰু সংলাপ লিখিছিল।
-
লেডিজ অনলি (১৯৩৯ চলচ্চিত্ৰ)
লেডিজ অনলি (Ladies Only) ১৯৩৯ চনৰ সৰ্বোত্তম বাদামীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ সামাজিক হাস্য ৰসাত্মক ছবি। সাগৰ মুভিটনৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ সংগীত অনুপম ঘটকৰ আছিল আৰু ইয়াত সুৰেন্দ্ৰনাথ, সবিতা দেৱী, বিব্বো আৰু প্ৰভাই অভিনয় কৰিছিল।
-
লোগ ক্যা কহেংগে
লোগ ক্যা কহেংগে Log Kya Kahenge) ১৯৮২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি, যিখন নিৰ্মাণ আৰু পৰিচালনা কৰিছে বি আৰ ইছাৰাই। গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।