অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ববী (১৯৭৩ চলচ্চিত্ৰ)

ববী ( Bobby ) ১৯৭৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন সংগীতমধুৰ ৰোমাঞ্চ ছবি। পৰিচালনা আৰু প্ৰযোজনা ৰাজ কাপুৰৰ আৰু ৰচনা খাজা আহমদ আব্বাছৰ। ছবিখনত ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰে ডিম্পল কপাড়িয়াৰ প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ববী ( Bobby ) ১৯৭৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন সংগীতমধুৰ ৰোমাঞ্চ ছবি। পৰিচালনা আৰু প্ৰযোজনা ৰাজ কাপুৰৰ আৰু ৰচনা খাজা আহমদ আব্বাছৰ।১ ছবিখনত ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰে ডিম্পল কপাড়িয়াৰ প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰিছে।২ ববীয়ে ১৯৭৩ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিৰ স্থান নিশ্চিত কৰি এই ছবিখন ব্লকবাষ্টাৰ হৈ পৰে,৩ ভাৰতীয় বক্স অফিচত ১৯৭০ দশকৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি৪ আৰু সৰ্বকালৰ শীৰ্ষ ২০খন সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ ভিতৰত অন্যতম (যেতিয়া মুদ্ৰাস্ফীতিৰ সৈতে সামঞ্জস্য ৰাখি)।৫ ইয়াৰ উপৰিও এইখন ভাৰতৰ বাহিৰত, ছোভিয়েট ইউনিয়নতো ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়, য'ত ছবিখনে ৬২.৬ মিলিয়ন দৰ্শকক আকৰ্ষণ কৰে৬ আৰু ফলস্বৰূপে এইখন ছোভিয়েট ইউনিয়নৰ সৰ্বকালৰ শীৰ্ষ ২০খন বক্স অফিচ হিট ছবিৰ ভিতৰত অন্যতম হ’ব পাৰিছে।৭

ছবিখন ট্ৰেণ্ড-চেটাৰ হৈ পৰিছিল। এইখন সাংঘাটিক লোকপ্ৰিয় হৈছিল আৰু ব্যাপকৰূপত অনুকৰণ কৰা হৈছিল। এইখনে বলীউডত ধনী-দুখীয়াৰ সংঘৰ্ষৰ পটভূমিত কিশোৰ ৰোমাঞ্চ শৈলীটোৰ পৰিচয় কৰাই দিছিল। ইয়াৰ পৰৱৰ্তী বছৰ আৰু দশকবোৰত অসংখ্য ছবিয়ে এইখনৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ইণ্ডিয়াটাইমছ মুভীজে ববীক 'বলীউডৰ শীৰ্ষ ৩০ খন চাবলগীয়া ছবি'ৰ ভিতৰত স্থান দিছে।৮ ১৯৮০ চনত পৰৱাজ দৰ গাফাছ নামেৰে পাৰ্চী ভাষাত পুনৰ নিৰ্মাণ কৰা এই ছবিখন আছিল ডিম্পল কপাড়িয়াৰ ৭০ৰ দশকৰ প্ৰথম আৰু একমাত্ৰ ছবি। তেওঁ কম বয়সতে বিয়া কৰাই ছবি উদ্যোগ এৰি দিছিল আৰু ৮০ৰ দশকৰ মাজভাগত পুনৰ ছবি জগতলৈ উভতি আহিছিল।

তথ্যসূত্ৰ

  1. ↑ Fashion Friday: Crop tops to two-piece bikini, 16-year-old Dimple Kapadia was a style icon in Bobby
  2. ↑ Box Office 1973. Boxofficeindia.com
  3. ↑ Top Earners 1970–1979. Boxofficeindia.com
  4. ↑ Kanwar, Rachna. (3 October 2005). 25 Must See Bollywood Movies. Indiatimes movies
  5. ↑ (15 September 2012). Proud of Ranbir's choice of roles: Rishi Kapoor – Latest News & Updates at Daily News & Analysis
  6. ↑ Shah Rukh Khan ek kamre mein band in Kashmir
  7. ↑ With RK Studios up for sale in Mumbai, here is how Pune still hangs on to Raj Kapoor’s memories, Hindustan Times, Sep 02, 2018
  8. ↑ Raj Kapoor Memorial, mitsft.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৭৩ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ববী (১৯৭৩ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৩৯১৬ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।