বেগম জান (Begum Jaan ) ২০১৭ চনৰ ভাৰতীয় হিন্দী পিৰিয়দ নাট্যধৰ্মী ছবি। এইখনৰ পৰিচালনা আৰু সহ-লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী পৰিচালক শ্ৰীজিৎ মুখাৰ্জীৰ। বেগম জান মুখাৰ্জীৰ প্ৰথম হিন্দী পৰিচালনা। প্ৰযোজনা কৰিছে মুকেশ ভাট, বিশেষ ভাট আৰু প্লে এণ্টাৰটেইনমেণ্টে। ছবিখনৰ কাৰ্যবাহী প্ৰযোজক সাক্ষী ভাট আৰু শ্ৰী ভেংকটেশ ফিল্মছ; সহযোগী প্ৰযোজক কুমকুম চাইগল। চিনেমেট’গ্ৰাফী গোপী ভগতৰ। গীতৰ কথা, অতিৰিক্ত চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে কৌছাৰ মুনীৰ আৰু ৰাহত ইন্দোৰীয়ে।
২০১৭ চনৰ ১৪ এপ্ৰিলত ছবিখনে মুক্তি পায়।১ ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত নিৰ্মিত ছবিখনত বিদ্যা বালানে বেশ্যালয়ৰ গৰাকিনীৰ চৰিত্ৰত অভিনয় কৰিছে। এইখন সমালোচকৰ প্ৰশংসিত বাংলা ছবি ৰাজকাহিনীৰ (২০১৫) হিন্দী পুনৰ্নিৰ্মাণ। ছবিখনে নিৰ্মাণ খৰচ ঘূৰাই পাবলৈ সক্ষম হয় আৰু ব্যৱসায়িকভাৱে ইয়াক "এভাৰেজ" বুলি ঘোষণা কৰা হয়।
নিৰ্মাণ
বেগম জান ২০১৫ চনত মুক্তি পোৱা এখন বাংলা ছবি ৰাজকাহিনীৰ পুনৰ্নিৰ্মাণ। ২০১৬ চনৰ জুন মাহৰ পৰা ছবিখনৰ মূল চিত্ৰগ্ৰহণ ২০১৬ চনৰ জুন মাহৰ পৰা আৰম্ভ হৈছিল আৰু ২০১৬ চনৰ আগষ্ট মাহত ঝাৰখণ্ডৰ ডুমকা জিলাৰ ৰাণীশ্বৰ ব্লকত সম্পূৰ্ণ হৈছিল।২৩
তথ্যসূত্ৰ
- ↑ Ray, Dhritiman. (14 April 2016). Mahesh Bhatt's Rajkahini remake being shot in Jharkhand. দ্য টাইম্ছ অৱ ইণ্ডিয়া. The Times Group
- ↑ IANS. (14 April 2016). 'Begum Jaan' shooting to start in June: Srijit Mukherji. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ ANI. (14 August 2016). Vidya Balan wraps up 'Begum Jaan'. Daily News & Analysis. Diligent Media Corporation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেগম জান (২০১৭ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯০০৬৫ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।