লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা (Lipstick Under My Burkha) ২০১৬ চনৰ অলংকৃতা শ্ৰীবাস্তৱ১ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ব্লেক কমেডী ছবি। প্ৰযোজনা প্ৰকাশ ঝাৰ।২৩৪ ছবিখনত ৰত্না পাঠক শ্বাহ, কংকনা সেন শৰ্মা, আহানা কুমৰা আৰু প্লাবিতা বৰঠাকুৰে৫ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে সুশান্ত সিং, সোনাল ঝা, বিক্ৰান্ত মেছি, শশাংক অৰোৰা, বৈভৱ তত্ববাদী আৰু জগত সিং সোলাংকীয়ে সহায়ক চৰিত্ৰত অভিনয় কৰিছে।৬ ছবিখনত নিজৰ স্বাধীনতাৰ সন্ধান বিচৰা চাৰিগৰাকী মহিলাৰ গোপন জীৱন দেখুওৱা হৈছে। বাটত থকা সকলো বিপদ আৰু বাধাৰ সন্মুখীন হোৱাৰ পিছতো তেওঁলোকে সৰু সৰু সাহসী কাৰ্য্যৰ জৰিয়তে নিজৰ ইচ্ছা পূৰণ কৰাৰ পথ বিচাৰি উলিয়াবলৈ সক্ষম হয়।৭
প্ৰথম ট্ৰেইলাৰটো ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি পাইছিল। দেশখনৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ডে (CBFC) প্ৰমাণপত্ৰ দিবলৈ অমান্তি হোৱাৰ পিছত ছবিখন জানুৱাৰী ২০১৭ত মু্ক্তি দিবলৈ বাধা দিয়া হৈছিল। কোৱা হৈছিল যে ইয়াত "সংক্ৰামক যৌন দৃশ্য, গালি-গালাজ কৰা শব্দ, অডিঅ' পৰ্ণগ্ৰাফী, আৰু সমাজৰ এটা বিশেষ শ্ৰেণীৰ বিষয়ে অলপ সংবেদনশীল স্পৰ্শ আছে।"৮ ছবিখনৰ প্ৰিমিয়াৰ টকিঅ'ত হয় আৰু মুম্বাই চলচ্চিত্ৰ মহোৎসৱত ই স্পিৰিট অৱ এছিয়া বঁটা আৰু লিংগ সমতাৰ শ্ৰেষ্ঠ ছবিৰ অক্সফেম বঁটা লাভ কৰে।৯ ৬৩তম ফিল্মফেয়াৰ বঁটাত ছবিখনে শ্ৰেষ্ঠ ছবি (সমালোচক) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (ৰত্না পাঠক) শিতানত দুটা মনোনয়ন লাভ কৰে।৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (3 October 2016). India's Lipstick Waale Sapne to premiere at Tokyo film fest. Hindustan Times
- ↑ Kumar, Anuj. (18 November 2015). Of grit and grace. The Hindu
- ↑ (13 October 2016). It's not just about clothes. The Hindu
- ↑ (15 October 2016). Women on a mission. The Hindu
- ↑ (21 July 2017). Girl, You'll be a Woman Soon
- ↑ (14 October 2016). Konkona, Ratna Pathak and hidden desires in Lipstick Under My Burkha trailer. হিন্দুস্তান টাইমছ
- ↑ lipstick under my burka - Google Search. google.com
- ↑ The film banned for being 'lady oriented'. BBC News
- ↑ Munna Micheal Down On Monday - Lipstick Holds
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা” প্ৰবন্ধৰ সংশোধন ৬৪০২০৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।