বহু বেগম ( Bahu Begum ) ১৯৬৭ চনৰ এম ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ছবি আৰু ইয়াত প্ৰদীপ কুমাৰ ১, মীনা কুমাৰী আৰু অশোক কুমাৰে অভিনয় কৰিছে। ২ ছবিখনৰ সংগীত ৰোশনৰ আৰু গীতৰ কথা ছাহিৰ লুধিয়ানৱীৰ। এই ছবিখন মহম্মদ ৰফি আৰু আশা ভোছলেই গোৱা "হম ইণ্টেজাৰ কৰেংগে তেৰা কয়ামত তক" আৰু লতা মংগেশকাৰে গোৱা "দুনিয়া কৰে সৱাল" গীতৰ বাবে পৰিচিত। ৩ এইখন লক্ষ্ণৌৰ তংকালীন সময়ৰ ওপৰত আধাৰিত এখন মুছলিম পিৰিয়দ নাট্যধৰ্মী ছবি, যি বহু বেগমৰ জাগীৰৰ এটা পুৰণি কাহিনীৰ পটভূমিত ছবিখন নিৰ্মিত হৈছে।
কাহিনী
লক্ষ্ণৌৰ এজন বিশেষ সা-সম্পত্তি নথকা নবাবৰ জীয়েক জীন্নতক নবাব ছিকন্দৰ মিৰ্জাই এখন গহনাৰ দোকানত দেখা পাই তেওঁৰ প্ৰেমত পৰে। আনহাতে তেওঁ নবাব ইউচুফক ভাল পায় আৰু ইউচুফৰ সৈতেহে নিকাহ কৰিব বিচাৰে। কিন্তু ইউচুফৰ খুৰাকে চালাকীৰে জীন্নতে গম নোপোৱাকৈয়ে তেওঁক ছিকন্দৰ মিৰ্জাৰ সৈতে নিকাহ কৰাই দিয়ে। পিছত ইউচুফে সকলো কথা গম পাই জীন্নতৰ ওচৰলৈ আহে। তেওঁ কয় যে নিকাহ যদিও অবৈধ আছিল, তথাপি এজন সৎ ব্যক্তি ছিকন্দৰৰ সন্মানৰ খাতিৰত তেওঁ ইউচুফৰ সৈতে যা
তথ্যসূত্ৰ
- ↑ Bahu Begum (1967 film). Upperstall.com website
- ↑ Bahu Begum (1967 film). Complete Index To World Film (CITWF) website
- ↑ (10 Jul 2009). Bahu Begum (1967). দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহু বেগম” প্ৰবন্ধৰ সংশোধন ৪৭৬৮৮৪ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।