মাহেৰচী শাড়ী ' (অনু. মাকৰ ঘৰৰ শাড়ী; Maherchi Sadi ) ১৯৯১ চনৰ এখন ভাৰতীয় মাৰাঠী ভাষাৰ পাৰিবাৰিক নাট্যধৰ্মী ছবিষ যিখনৰ পৰিচালক আৰু নিৰ্মাতা বিজয় কোণ্ডকে। ইয়াত অলকা কুবাল, উষা নাডকাৰ্ণী, ৰমেশ ভাটকাৰ, বিজয় চাৱন আৰু অজিংক্য দেওৱে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।১ মুক্তিৰ প্ৰথম তিনিমাহত এই ছবিখনে ১২ কোটি টকাতকৈও (১৫ লাখ মাৰ্কিন ডলাৰ) অধিক উপাৰ্জন কৰি ১৯৯১ চনৰ পঞ্চম সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিৰ লগতে সেই সময়ৰ সৰ্বাধিক উপাৰ্জন কৰা মাৰাঠী ছবি হিচাপে পৰিগণিত হয়। মাহেৰচী শাড়ীয়ে দুবছৰতকৈ অধিক সময় প্ৰভাত টকীজত প্ৰদৰ্শিত হৈছিল।২৩
এইখন অতি সফল গুজৰাটী ছবি মহীয়াৰ নি চুন্দডি (১৯৮৩) পুনৰ্নিৰ্মাণ, যিখন ছবি পিছলৈ হিন্দীত ১৯৯৪ চনত সাজন কা ঘৰ হিচাপে পুনৰ নিৰ্মাণ কৰা হয়, য’ত জুহি চাওলা আৰু ঋষি কাপুৰে অভিনয় কৰিছিল।৪
নিৰ্মাণ
দাদা কোণ্ডকেই বিচাৰিছিল যে তেওঁৰ ভতিজাক বিজয় কোণ্ডকেই তেওঁৰ কোম্পানীটো দায়িত্বভাৰ লওক। বিজয়ে ইয়াৰ কাহিনীৰ আধাৰত এখন ৰাজস্থানী ছবি পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় আৰু এই প্ৰকল্পৰ বাবে অভিনেতা মহেশ কোথাৰেৰ কাষ চাপে। সেই সময়ত মহেশ আৰু তেওঁৰ পিতৃ অম্বাৰ কোথাৰে দাদাক লগ কৰিবলৈ আহিছিল। তেওঁলোকৰ সাক্ষাৎকালত মহেশে এটা চৰ্ত দিছিল যে দাদাই ছবিখনত অভিনয় কৰিবলৈ সন্মত হ’লেহে তেওঁ ছবিখন পৰিচালনা কৰিব। দাদাই এই প্ৰস্তাৱ নাকচ কৰে, কিয়নো তেওঁ সহ-অভিনতাৰ ভূমিকা গ্ৰহণ কৰিব বিচৰা নাছিল। কিন্তু মহেশে ছবিখন একেবাৰে নাকচ কৰি দিয়ে, কিয়নো তেওঁ অনুভৱ কৰিছিল যে দাদাৰ ভূমিকা আন কোনোৱে ল’ব নোৱাৰে। কেইবাবাৰো চেষ্টা কৰাৰ পিছত বিজয়ে নিজেই ছবিখন পৰিচালনা কৰে।৫
বাহ্যিক সংযোগ
- Maherchi Sadi at Rotten Tomatoes
তথ্যসূত্ৰ
- ↑ Sequel of Maherchi Sadi. The Times of India
- ↑ अडसूळ, नीलेश. (2022-09-18). 'माहेरची साडी'नं 31 वर्षांपूर्वी बॉक्स ऑफिसवर केला होता राडा, आजही रडतात बायका.. Sakal
- ↑ Phadnis, Mayuri. Originally new. Pune Mirror
- ↑ Phadnis, Mayuri. Originally new. Pune Mirror
- ↑ Naik, Payal. (2024-12-09). दादा कोंडके यांच्यामुळे महेश कोठारेंनी 'माहेरची साडी' चित्रपटाला दिलेला नकार; कारण ठरलेले दादांचे ते शब्द. Sakal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাহেৰচী শাড়ী” প্ৰবন্ধৰ সংশোধন ৬২৫৬৭১ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।