অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লেডিজ অনলি (১৯৩৯ চলচ্চিত্ৰ)

লেডিজ অনলি (Ladies Only) ১৯৩৯ চনৰ সৰ্বোত্তম বাদামীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ সামাজিক হাস্য ৰসাত্মক ছবি। সাগৰ মুভিটনৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ সংগীত অনুপম ঘটকৰ আছিল আৰু ইয়াত সুৰেন্দ্ৰনাথ, সবিতা দেৱী, বিব্বো আৰু প্ৰভাই অভিনয় কৰিছিল।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২৫ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লেডিজ অনলি (Ladies Only) ১৯৩৯ চনৰ সৰ্বোত্তম বাদামীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ সামাজিক হাস্য ৰসাত্মক ছবি।১ সাগৰ মুভিটনৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ সংগীত অনুপম ঘটকৰ আছিল আৰু ইয়াত সুৰেন্দ্ৰনাথ, সবিতা দেৱী, বিব্বো আৰু প্ৰভাই অভিনয় কৰিছিল।২ সাগৰ মুভিটন এৰি যোৱাৰ আগতে সৰ্বোত্তম বাদামীয়ে নিৰ্মাণ কৰা এইখনেই আছিল অন্তিমখন কমেডী ছবি। ইয়াৰ পিছত তেওঁ নিজৰ গুৰু আম্বালাল পেটেলৰ সৈতে সুদামা পিকচাৰ্ছত যোগদান কৰে আৰু "সামাজিকভাৱে প্ৰাসংগিক" ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। কাহিনীটোত বেলেগ বেলেগ ৰাজ্য তিনিগৰাকী ছোৱালীয়ে ৰেলৱে ষ্টেচনত লগ পায় আৰু তাৰ পিছত পৰস্পৰৰ পৰস্পৰৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰে।৩

প্লট

ভাৰতৰ বেলেগ বেলেগ অঞ্চলৰ তিনিগৰাকী ছোৱালী সবিতা দেৱী (গুজৰাট), বিব্বো (পাঞ্জাৱ), আৰু প্ৰভা (বংগ) ৰেল ষ্টেচনত লগলগি হয়। থাকিবলৈ ঠাই নথকাৰ বাবে সিহঁতে একেলগে থকাৰ ঠাই বিচাৰিবলৈ সিদ্ধান্ত লয়। এজন ৰান্ধনী (ভুদো আদৱানী) তেওঁলোকৰ লগত যোগ হয়, যিয়ে প্ৰতিখন ৰাজ্যৰে ভাষা কয়। এজন ধুৰন্ধৰ ডেকাল’ৰা (সুৰেন্দ্ৰ) তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰে আৰু ছোৱালীকেইজনীৰ মাজত বিশৃংখলাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে, যেতিয়া আটাইকেইজনী ছোৱালীয়ে ডেকাল’ৰাজনৰ প্ৰেমত পৰে।

তথ্যসূত্ৰ

  1. ↑ Ladies Only 1939. Gomolo.com
  2. ↑ Ladies Only 1937. Alan Goble
  3. ↑ Sanjit Narwekar. (12 December 2012). Eena Meena Deeka: The Story of Hindi Film Comedy. Rupa Publications. পৃ. 54–. ISBN 978-81-291-2625-2

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেডিজ অনলি (১৯৩৯ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৭২৬৯ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।