ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ
২০৬ প্ৰবন্ধ
-
শকুন্তলম (চলচ্চিত্ৰ)
শকুন্তলম ( Sakuntalam ) ভাৰতীয় শাস্ত্ৰৰ বিখ্যাত বক্তা, সাহিত্যিক আৰু গৱেষক দুষ্যন্ত শ্ৰীধৰ পৰিচালিত সংস্কৃত ভাষাৰ এখন ঐতিহাসিক ছবি। এইখন কালিদাসৰ অভিজ্ঞান শকুন্তলম গ্ৰন্থৰ অভিযোজন। দেশিকা দয়া প্ৰডাকচনৰ অধীনত ছবিখন দুষ্যন্ত শ্ৰীধৰ আৰু শ্ৰীনিবাস কান্নাই প্ৰযোজনা কৰিছে।
-
শকুন্তলা দেৱী (চলচ্চিত্ৰ)
শকুন্তলা দেৱী (Shakuntala Devi ) ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্যধৰ্মী ছবি, য’ত "মানৱ কম্পিউটাৰ" বুলিও জনাজাত, গণিতজ্ঞ আৰু মানসিক কেলকুলেটৰ শকুন্তলা দেৱীৰ জীৱনৰ সন্ধান কৰা হৈছে।
-
শাকিলা (চলচ্চিত্ৰ)
শাকিলা ( Shakeela ) ইন্দ্ৰজিৎ লংকেশৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক ছবি। ছবিখনত ৰিচা চাড্ডাই ১৯৯০ চনৰ জনাজাত প্ৰাপ্তবয়স্ক তাৰকা হিচাপে অভিনয় কৰিছে, যিয়ে কেইবাখনো ভাৰতীয় ভাষাৰ প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল, পংকজ ত্ৰিপাঠী আৰু ৰাজীৱ পিল্লাই সহযোগী চৰিত্ৰত…
-
সতী (চলচ্চিত্ৰ)
সতী ( Sati ) হৈছে ১৯৮৯ চনত মুক্তি পোৱা অপৰ্ণা সেনৰ ৰচনা আৰু পৰিচালনাৰ এখন ভাৰতীয় বাংলা ছবি। কমল কুমাৰ মজুমদাৰৰ কাহিনীৰ আধাৰত সতী নিৰ্মাণ কৰা হৈছে। ছবিখন এগৰাকী বোবা অনাথ ছোৱালীৰ বিষয়ে। তেওঁৰ কোষ্ঠীৰ পৰা অনুমান হয় যে তেওঁ সতী হ'ব আৰু তেওঁৰ স্বামীৰ মৃত্যু হ'ব।
-
সাথী লীলাৱতী (১৯৯৫ চলচ্চিত্ৰ)
সাথী লীলাৱতী (Sathi Leelavathi) ১৯৯৫ চনৰ বালু মহেন্দ্ৰৰ পৰিচালনা, সহ-লেখন, চিত্ৰগ্ৰহণ আৰু সম্পাদনাত নিৰ্মিত এখন ভাৰতীয় তামিল ভাষাৰ কমেডী ছবি। ছবিখনত ৰমেশ অৰবিন্দ, কল্পনা (অভিনেত্ৰী) আৰু হীৰাই মুখ্য ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে কোভাই সৰলা আৰু কমল হাছানে।
-
সাবিত্ৰী (১৯৩৭ চলচ্চিত্ৰ)
সাবিত্ৰী ( Savitri) হৈছে ১৯৩৭ চনৰ ফ্ৰেঞ্জ অষ্টিনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ পৌৰাণিক ছবি। নিৰঞ্জন পালৰ দ্বাৰা অভিযোজিত মহাভাৰতৰ এটা কাহিনীৰ আধাৰত ছবিখনৰ সংলাপ জোচেফ উইৰ্চিঙে লিখে। সংগীত ৰচনা সৰস্বতী দেৱীৰ।
-
সাৱিত্ৰী (২০১৬ চলচ্চিত্ৰ)
সাৱিত্ৰী হ'ল পৱন সাদিনেনীৰ দ্বাৰা পৰিচালিত আৰু নাৰা ৰোহিত আৰু নন্দিতা ৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰা ২০১৬ চনৰ তেলেগু একচন ৰোমান্টিক-কমেডী চলচ্চিত্ৰ। এয়া সাৱিত্ৰী আৰু সত্যবান ভাৰতীয় লোককথাৰ আধুনিক অভিযোজন। ২০১৫ চনৰ ২৭ জুনত হায়দৰাবাদত এই ছবিখন উন্মোচন কৰা হৈছিল।
-
সুজাতা (১৯৫৯ চলচ্চিত্ৰ)
সুজাতা Sujata ) ১৯৫৯ চনৰ বিমল ৰায় পৰিচালিত এখন হিন্দী ভাষাৰ ছবি। ইয়াত নূতন আৰু সুনীল দত্তই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত আছে- শশীকলা, ললিতা পাৱাৰ, সুলোচনা লটকাৰ আৰু তৰুণ বসু। লেখক সুবোধ ঘোষৰ একে নামৰ বাংলা চুটিগল্পৰ আধাৰত নিৰ্মিত এই ছবিখনত ভাৰতৰ জাতিগত পৰিস্থিতি বিষয়ে বিবৃত হৈছে।
-
সুৰজ কা সাতোৱা ঘোঁৰা
সুৰজ কা সাতোৱা ঘোঁৰা ( Suraj Ka Satvan GhodaStrir Patra; অনু: সুৰ্যৰ সপ্তমটো ঘোঁৰা) ১৯৯২ চনত শ্যাম বেনেগালৰ পৰিচালনাত আৰু ধৰ্মবীৰ ভাৰতীৰ “সুৰজ কা সাতোৱা ঘোঁৰা“ নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৯৩ চনত ই হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
স্ত্ৰীৰ পত্ৰ (চলচ্চিত্ৰ)
স্ত্ৰীৰ পত্ৰ ( Strir Patra ) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত পূৰ্ণেন্দু পত্ৰীৰ পৰিচালনাত ১৯৭২ চনত নিৰ্মিত এখন বঙালী ছবি। মুখ্য চৰিত্ৰত অভিনয় কৰিছে মাধৱী মুখাৰ্জীয়ে। ১৯১৪ চনত প্ৰথম প্ৰকাশিত ঠাকুৰৰ এই কাহিনীটোক অগ্ৰণী নাৰীবাদী পাঠ বুলি গণ্য কৰা হয়।
-
স্বৰ্গ নৰক (চলচ্চিত্ৰ)
স্বৰ্গ নৰক ( Swarg Narak ) ১৯৭৮ চনত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। বিজয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ দাচাৰী নাৰায়ণ ৰাৱে পৰিচালনা আৰু ৰাজেশ ৰোশনে সংগীত ৰচনা কৰিছিল। এই ছবিখন একেজন পৰিচালকে নিৰ্মাণ কৰা তেলেগু ছবি “স্বৰ্গম নৰকম”ৰ (১৯৭৫) পুনৰ্নিৰ্মাণ।
-
হন্নেলে চিগুৰিদাগা
হন্নেলে চিগুৰিদাগা (; অনু. যেতিয়া পুৰণি পাত সজীৱ হৈ উঠে; Hannele Chiguridaga) ১৯৬৮ চনৰ কন্নড় ভাষাৰ এখন ছবি, যিখনৰ পৰিচালনা এম আক বিট্টলে কৰিছে। প্ৰযোজনা কৰিছে শ্ৰীকান্ত এণ্টাৰপ্ৰাইজেছে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজকুমাৰ, আৰ নগেন্দ্ৰ ৰাও আৰু কল্পনাই।
-
হিৰকণী
হিৰকণী ( Hirkani ) ২০১৯ চনৰ, প্ৰসাদ অক পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন ঐতিহাসিক নাট্যধৰ্মী ছবি। ইৰাডা এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজনা কৰিছে ফাল্গণী পেটেলে। সহ-প্ৰযোজক লৰেন্স ডিছুজা। ছবিখনক আৰ্থিক সাহায্য প্ৰদান কৰিছেৰাজেশ মাপুস্কৰে। সোণালী কুলকাৰ্ণীয়ে হিৰকণীৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে।
-
হেট ষ্ট'ৰী
হেট ষ্ট'ৰী হৈছে ২০১২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ কামুক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আৰু প্ৰযোজক বিক্ৰম ভাট। ইয়াত নিখিল দ্বিবেদী, গুলশান দেৱৈয়া, পাওলি দাম আদিয়ে অভিনয় কৰিছে আৰু ছবিখন ২০ এপ্ৰিল ২০১২ তাৰিখে মুক্তি পাইছিল।
-
হেলিকপ্টাৰ এলা
হেলিকপ্টাৰ এলা ( Helicopter Eela ) ২০১৮ চনৰ প্ৰদীপ সৰকাৰ পৰিচালিত, ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী-নাট্যধৰ্মী ছবি। ইয়াত কাজলে এগৰাকী উচ্চাকাংক্ষী গায়িকা আৰু একক মাতৃ হেলিকপ্টাৰ অভিভাৱক হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰচনা মিতেশ শ্বাহ আৰু আনন্দ গান্ধীৰ।
-
হোৱাইট ৰেইনবো
হোৱাইট ৰেইনবো (শ্বেত নামেৰেও পৰিচিত; White Rainbow) ২০০৫ চনৰ ধৰণ মান্দ্ৰায়াৰৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী আৰু ইংৰাজী ভাষাৰ ছবি আৰু ইয়াত সোণালী কুলকাৰ্ণী, অমৰদ্বীপ ঝা, শামীম শেইখ আৰু অমৰুতা সুভাষে অভিনয় কৰিছে।
-
হৰী-ভৰী
হৰী-ভৰী (ইং অনু. Fertility ; Hare Kanch Ki Chooriyan) ২০০০ চনৰ শ্যাম বেনেগাল পৰিচালিত এখন হিন্দী ছবি; য'ত শাৱানা আজমী, ৰজিত কাপুৰ, ৰাজেশ্বৰী সচদেৱ, সুৰেখা ছিক্ৰী আৰু নন্দিতা দাস অভিনয় কৰিছে।
-
হৰে কাঁচ কি চুড়ীয়াঁ
হৰে কাঁচ কি চুড়ীয়াঁ (Hare Kanch Ki Chooriyan) ১৯৬৭ চনৰ এখন হিন্দী, সামাজিক, পাৰিবাৰিক নাট্যধৰ্মী ছবি। পৰিচালনা আৰু প্ৰযোজনা কৰিছে কিশোৰ সাহুৱে। কিশোৰ সাহু কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনাও কিশোৰ সাহুৰ। কিশোৰ সাহু শংকৰ জয়কিষাণে সংগীত ৰচনা কৰাৰ বিপৰীতে গীতৰ কথা লিখিছিল হছৰৎ জয়পুৰী আৰু শৈলেন্দ্ৰই।
-
২২ ফিমেল কোট্টায়ম
২২ ফিমেল কোট্টায়ম ( 22 Female Kottayam বা 22FK) ২০১২ চনত আছিক আবুৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন থ্ৰিলাৰ ছবি। শ্যাম পুষ্কৰণ আৰু অভিলাষ এছ কুমাৰৰ দ্বাৰা ৰচিত ছবিখনত অভিনয় কৰিছে ৰীমা কলিংগল আৰু ফাহাধ ফাছিলে। ইয়াৰ চেট আৰু চিত্ৰগ্ৰহণ বেংগালুৰুত কৰা হৈছিল।
-
৩ কন্যা
৩ কন্যা ( 3 Kanya ) ২০১২ চনৰ অগ্নিদেৱ চেটাৰ্জীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন বাংলা মনস্তাত্বিক একচন থ্ৰিলাৰ ছবি। ছবিখনত তিনিগৰাকী মহিলাৰ জীৱনৰ কাহিনী বৰ্ণনা কৰা হৈছে। এই তিনিটা চৰিত্ৰত অভিনয় কৰিছে ঋতুপৰ্ণা সেনগুপ্ত, অনন্যা চেটাৰ্জী আৰু উন্নতি দাভাৰাই।[1][2]
-
৩৬ চৌৰিংগী লেন
৩৬ চৌৰিংগী লেন (36 Chowringhee Lane) ১৯৮১ চনৰ অপৰ্ণা সেনৰ ৰচনা, পৰিচালনা আৰু শশী কাপুৰৰ প্ৰযোজনাৰে নিৰ্মিত এখন বাংলা ছবি। ইয়াৰ জৰিয়তে তেতিয়ালৈকে বাংলা চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিচিত সেনে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। মুক্তিৰ লগে লগে ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল।
-
৩৬ বায়াধিনিলে
৩৬ বায়াধিনিলে (অনু. ৩৬ বছৰ বয়সত; 36 Vayadhinile) ৰছান এণ্ড্ৰিউছ পৰিচালিত, ২০১৫ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন কমেডী নাট্যধৰ্মী ছবি। এইখন তেওঁৰ মালয়ালম ছবি হাউ অল্ড আৰ ইউৰ (২০১৪) পুনৰ্নিৰ্মাণ। আঠ বছৰৰ বিৰতিৰ পিছত এই ছবিযোগে জ্যোতিকাই চলচ্চিত্ৰ জগতলৈ উভতি আহে।
-
ৰাজিয়া চুলতান (চলচ্চিত্ৰ)
ৰাজিয়া চুলতান (Razia Sultan) ১৯৮৩ চনৰ কমাল আমৰোহী ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় পিৰিয়ড জীৱনীমূলক ছবি। হেমা মালিনী, পাৰবীন বাবী আৰু ধৰ্মেন্দ্ৰই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ লগে লগে ছবিখন মূলতঃ ইয়াৰ নিৰ্মাণ অধিক ধন বিনিয়োগ হোৱাৰ বাবে বক্স অফিচত দুৰ্যোগৰ সৃষ্টি কৰিছিল।
-
ৰাজী (চলচ্চিত্ৰ)
ৰাজী ( Raazi; অনুবাদ. চুক্তি/গোপনীয়) হৈছে ২০১৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ চোৰাংচোৱা থ্ৰিলাৰ ছবি। যাৰ পৰিচালক মেঘনা গুলজাৰ আৰু বিনীত জৈন, কৰণ জোহৰ, হিৰু যশ জোহৰ আৰু অপূৰ্ব মেহতাৰ প্ৰযোজক জংগলী পিকচাৰ্ছ আৰু ধৰ্ম প্ৰডাকচনৰ বেনাৰত।
-
ৰাণী পদ্মিনী (চলচ্চিত্ৰ)
ৰাণী পদ্মিনী ( Rani Padmini ) আশিক আবু পৰিচালিত এখন ভাৰতীয় মালয়ালম ছবি, য'ত ৰীমা কলিংগাল আৰু মঞ্জু ৱাৰিয়ৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ প্ৰযোজক ফ’ৰ্ট এণ্টাৰটেইনমেণ্ট কোম্পানী। চিত্ৰনাট্য লিখিছিল শ্যাম পুষ্কৰণ আৰু ৰবিশংকৰে ৷ সংগীত ৰচনা কৰিছিল বিজীবালে।
-
ৰিৱায়ত
ৰিৱায়ত (Riwayat) (অনুবাদঃ পৰম্পৰা) হ'ল ২০১০ চনত বিজয় পাটকাৰৰ দ্বাৰা পৰিচালিত আৰু অজয় ৰানে আৰু সঞ্জয় পাটোলেৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বোলছবি। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে খালিদ ছিদ্দিকী, সমপিকা দেৱনাথ, সৌৰভ ডুবে আৰু সলিল অংকোলাই। ছবিখন ভাৰতত কন্যা ভ্ৰূণহত্যা বিষয়ৰ ওপৰত আধাৰিত।