অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বন্দিনী (চলচ্চিত্ৰ)

বন্দিনী ( Bandini) ১৯৬৩ চনৰ বিমল ৰায়ৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি। ইয়াত নূতন, অশোক কুমাৰ আৰু ধৰ্মেন্দ্ৰই অভিনয় কৰিছে। হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ছবিখনত কাৰাবন্দী হৈ থকা এগৰাকী সৰ্বদুখী, নিস্বাৰ্থ, ত্যাগী আৰু শক্তিশালী, অথচ দুৰ্বল ভাৰতীয় মহিলাৰ কাহিনী…

হালনাগাদ: ২১ আগষ্ট ২০২৫ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বন্দিনী ( Bandini) ১৯৬৩ চনৰ বিমল ৰায়ৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি। ইয়াত নূতন, অশোক কুমাৰ আৰু ধৰ্মেন্দ্ৰই অভিনয় কৰিছে। হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ছবিখনত কাৰাবন্দী হৈ থকা এগৰাকী সৰ্বদুখী, নিস্বাৰ্থ, ত্যাগী আৰু শক্তিশালী, অথচ দুৰ্বল ভাৰতীয় মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে। তেওঁ দুজন বেলেগ বেলেগ পুৰুষৰ মাজৰ পৰা এজন বাছনি কৰিব লাগে; ইয়াৰে এজন দেৱেন্দ্ৰ (ধৰ্মেন্দ্ৰ) যি এজন মৰমিয়াল ব্যক্তি আৰু কাৰাগাৰৰ চিকিৎসক। আনজন বিকাশ (অশোক কুমাৰ), তেওঁৰ অতীতৰ এজন পুৰুষ।১

এই ছবিখন জৰাসন্ধাৰ (চাৰু চন্দ্ৰ চক্ৰৱৰ্তী) বাংলা উপন্যাস “তামসী”ৰ আধাৰত নিৰ্মিত, যি এজন প্ৰাক্তন কাৰা-অধীক্ষক আছিল আৰু নিজ কৰ্মজীৱনৰ অধিকাংশ সময় অধীক্ষক ৰূপে উত্তৰ বংগৰ এখন কাৰাগাৰত কটাইছিল। উপন্যাসখনত তেওঁৰ অভিজ্ঞতাৰ কাল্পনিক ৰূপ বৰ্ণিত হৈছে।

বন্দিনী বছৰৰ দশম সৰ্বাধিক উপাৰ্জনকাৰী আছিল আৰু বক্স অফিচ ইণ্ডিয়াই ছবিখনত 'ছেমি হিট' হিচাপে ঘোষণা কৰিছল।২ সমালোচকৰ প্ৰশংসা লাভ কৰাৰ উপৰিও সেই বছৰৰ শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাকে ধৰি মুঠ ছটা ফিল্মফেয়াৰ বঁটা লাভ কৰে। এতিয়াও ছবিখনত ১৯৬০ চনৰ এখন ঐতিহাসিক ছবি হিচাপে গণ্য কৰা হয়, বিশেষকৈ পৰিচালক বিমল ৰয়ৰ শেষ পূৰ্ণদৈৰ্ঘ্য ছবি হিচাপে।৩৪

বঁটা

  • একাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
    • হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদেৰ্ঘ্য ছবি৫৬
  • একাদশ ফিল্মফেয়াৰ বঁটা
    • শ্ৰেষ্ঠ ছবি
    • শ্ৰেষ্ঠ কাহিনী- জৰাসন্ধ** Best Actress: নূতন
    • শ্ৰেষ্ঠ পৰিচালনা- বিমল ৰায়
    • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ- কমল বসু
    • শ্ৰেষ্ঠ শব্দগ্ৰহণ- দিনশ্ব বিলমৰীয়া

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chatterjee, Saibal; Nihalani, Govind; Gulzar. (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. পৃ. 599. ISBN 9788179910665
  2. ↑ Box Office 1963 Box Office India
  3. ↑ Bhagwan Das Garg. (1996). So many cinemas: the motion picture in India. Eminence Designs. পৃ. 155. ISBN 81-900602-1-X
  4. ↑ (26 November 2008). Landmark films of the 60s: Bandini. Rediff.com. Rediff
  5. ↑ Tad Bentley Hammer. (1991). International film prizes: an encyclopedia. Garland. পৃ. 223. ISBN 0-8240-7099-2
  6. ↑ 11th National Film Awards. International Film Festival of India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ১৯৬৩ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্দিনী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৩৪৩৫২ (২১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।